অ’এনজিচিৰ নিবিদা প্ৰক্ৰিয়াত থলুৱাক প্ৰতাৰণাৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন তিনিটাকৈ জাতীয় সংগঠনৰ

ongc

লঘু বাহনৰ নিবিদাত থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত আজি শিৱসাগৰৰ নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত তিনিটাকৈ জাতীয় সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে। লগতে সংগঠনকেইটাই কাৰ্য্যালয় ঘেৰাও কৰাৰ লগতে  অ’এন জিচিৰ কাৰ্য্যবাহী সঞ্চালক এচ কে মাস্কেৰ প্ৰতিকৃতি দাহ কৰে। বিক্ষোভত অংশগ্ৰহণ কৰা সংগঠনকেইটা হৈছে আহোম জাতীয় গণ মঞ্চ, অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু তাই আহোম যুৱ পৰিষদে।

উল্লেখ্য যে যোৱা ২০১৮ৰ ১০ মে’ত অ’এনজিচি য়ে ৩৯২ খন লঘু বাহনৰ নিবিদা আহ্বান কৰিছিল। উক্ত নিবিদাৰ চৰ্ত সমুহ ইমান জটিল আছিল যে নতুন কোনো এজন নিবনুৱাই এই নিবিদাত অংশ গ্ৰহণ কৰিব নোৱাৰে। অ’এনজিচিক নিবিদাৰ জটিল চৰ্তসমুহ প্ৰত্যাহাৰ কৰি এজন স্থানীয় নিবনুৱাই যাতে নিবিদাত অংশ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ কেইবাটাও জাতীয় সংগঠনে অ’এনজিচি বন্ধকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰিছিল।

এনে প্ৰতিবাদত সেও মানি অ’এনজিচিয়ে ৫ জুলাইত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অ’এনজিচি আৰু বিভিন্ন দল সংগঠনৰ মাজত এক ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল।’

এই আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বিষয়টো সেই সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত বিচাৰধীন হৈ থকাৰ বাবে দল সংগঠনৰ দাবীৰ ওপৰত কোনো ব্যৱস্থা লব পৰা নাযাব। যেতিয়াই উচ্চ ন্যায়ালয়ে চূড়ান্ত শুনানি আৰু সিদ্ধান্ত প্ৰদান কৰিব তেতিয়া অ’এনজিচিয়ে পূৰ্বে দিয়া জটিল চৰ্তসমুহ পুনৰীক্ষণ কৰি তাক শিথিল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু যোৱা ২ আগষ্টত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ নিস্পত্তি কৰাৰ লগে লগে অ’এনজিচিয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অতি গোপনে ৬ আগষ্টত নিবিদা প্ৰক্ৰিয়া মুকলি কৰিব বিচাৰিছিল।

এই কথা জানিব পাৰি আজি সংগঠন তিনিটাই অ’এনজিচিৰ নাজিৰাস্থ মূখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে অ’এনজিচিক নিবিদা মুকলি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে।এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ সংগঠন কেইটাই অ’এনজিচিৰ উচ্চতম কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।