NORTHEAST NOW (Assamese)

অকলে ৫শ কিঃ মিঃ খোজকাঢ়ি আহি মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ দিব ডিব্ৰুগড়ৰ যুৱকে : নাগৰিকত্বৰ বিধেয়কৰ বিৰোধিতা, নাৰী সুৰক্ষাৰ দাবী

March 31, 2018 9:15 pm · অভিক চক্ৰবৰ্তী
Updated: March 31, 2018 9:34 pm

নাগৰিকত্ব আইন সংশোধন বিধেয়কৰ বিৰোধিতা আৰু ৰাজ্যত নাৰী সুৰক্ষাৰ দাবীৰে ডিব্ৰুগড়ৰ পৰা ৪৪৩ কিঃ মিঃ বাটকুৰি বাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ দিবহি নাহৰকটীয়াৰ যুৱক দিবাকৰ বৰা ঠেঙালে।

যোৱা শুকুৰবাৰ ৩০ মাৰ্চৰ পৰা ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰৰ প্ৰৱেশ পথত ৭২ ঘণ্টীয়া অনশনত বহা ২৭ বছৰীয়া বৰাই অনশন সামৰাৰ পিছতে আৰম্ভ কৰিব তেওঁ ‘অনুৰোধ যাত্ৰা’ নাম দিয়া এই একক প্ৰতিবাদী পদযাত্ৰা।

২ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত ‘অনুৰোধ যাত্ৰা’ আৰম্ভ কৰিব লগা ঠেঙালে ৰাজ্যখনৰ ১৫ টা প্ৰধান সমস্যাৰ এখন তালিকা কৰিছে বুলি জানিবলে দি এন ই নাওক কয় ‘যাত্ৰাপথত মই বিভিন্ন লোকক লগ কৰিম। মুখ্য মন্ত্ৰীক ব্যক্তিগতভাৱে গতাবৰ বাবে তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহ লিখিতভাৱে মোৰ হাতত দিব পাৰিব।’

বৰা ঠেঙালে মুখ্য মন্ত্ৰীৰ পৰা সমাধান বিচৰা আন সমস্যা কিছুমান হ’ল অসম মহিলা বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ অৱসান, শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ আৰু কম খৰচত উচ্চ শিক্ষাৰ ব্যৱস্থা, শস্যৰ উচিত মূল্য প্ৰদানেৰে খেতিয়কক সুৰক্ষা, যুৱপ্ৰজন্মক সহায়, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, মূল্য বৃদ্ধি ৰোধ, অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্য্যাদা, আন্তঃৰাষ্ট্ৰীয় সীমান্ত চীল কৰা, বানক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা, তৈল ক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ বাতিল, ক্ৰীড়াৰ বিকাশ, সাংবাদিক সুৰক্ষা, অসমীয়া চিনে’মা উদ্যোগৰ বিকাশ আৰু ৰাজ্যক ড্ৰাগছমুক্ত কৰা আদি।

Related News