অক্টোবৰৰ পৰা গোসাঁইগাঁও চহৰত প্লাষ্টিক বৰ্জনৰ সিদ্ধান্ত নাগৰিক সমাজৰ

20130316_major_no_plastic_bags

প্রতিনিধিত্বমূলক চিত্র উৎস : ইণ্টাৰনেট

যোৱা ৫ জুনত সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হৈছিল বিশ্ব পৰিৱেশ দিৱস। এইবাৰৰ বিষয়বস্তু আছিল ‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক’। সেই উদ্দেশ্যেই সকলো দল-সংগঠন তথা সচেতন নাগৰিকে দিৱসৰ দিনা সমাজৰ পৰা প্লাষ্টিক সামগ্ৰী বৰ্জন কৰাৰ পণ লৈছিল।

তাৎপৰ্যমূলক ভাৱে উক্ত দিৱসৰ পাছৰ পৰা প্লাষ্টিক সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন তথা কোনো দল-সংগঠনে গ্ৰহণ কৰা দেখা নাই কোনো ধৰণৰ পদক্ষেপ। কিন্তু এই ক্ষেত্ৰত কিছু আদৰণীয় পদক্ষেপ গ্ৰহণ কৰা দেখা গ’ল গোসাঁইগাঁৱৰ সচেতন ৰাইজক।

উল্লেখ্য যে পৰিৱেশৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই অনা প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি নাগৰিক সমাজে চহৰখনত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিটিচিৰ দ্বিতীয়খন বৃহত্তম চহৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও চহৰৰ বিভিন্ন সমস্যা সমাধানাৰ্থে সোমবাৰে নগৰ সমিতিৰ আহ্বানত স্থানীয় শিশু কল্যাণ শিক্ষা মন্দিৰত এখন সভা অনুষ্ঠিত হয়।

নগৰ সমিতিৰ সভাপতি ধ্ৰুৱকুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ সভাপতিত্বত আয়োজিত সভাত চহৰখনৰ চাৰিওটা ৱাৰ্ডৰ প্ৰায় ডেৰ শতাধিক নাগৰিকৰ উপস্থিতিত চহৰখনৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ লগতে অহা অক্টোবৰ মাহৰ পৰা প্লাষ্টিক বেগ নিষিদ্ধ সন্দৰ্ভত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে নাগৰিক সভাৰ সিদ্ধান্তক সকলো ৰাইজে শলাগ লোৱাৰ লগতে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সোমবাৰৰ উক্ত নাগৰিক সভাত স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, সমাজকৰ্মী খনীন্দ্ৰ নাথ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।