NORTHEAST NOW (Assamese)

অখিলক NSA ত গ্ৰেপ্তাৰ : পুনৰ শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ

November 30, 2017 5:14 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

গুৱাহাটী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ পৰা অখিল গগৈক NSA ৰ অধীনত আটক কৰা সন্দৰ্ভত যোৱা ২১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল  যদিও চৰকাৰে ২১ নৱেম্বৰত শপতনামা দাখিল কৰিব নোৱাৰিলে। উক্ত দিনাই ন্যায়ালয়ে ৩০ নৱেম্বৰৰ ভিতৰত  শপতনামা দাখিলৰ নিৰ্দেশ দিছিল। কিন্তু আজিও কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে শপতনামা দাখিল নকৰিলে। আজি পুনৰ উচ্চ ন্যায়ালয়ে ৭ ডিচেম্বৰৰ ভিতৰত চৰকাৰক  শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।। চৰকাৰে বাৰম্বাৰ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি শপতনামা দাখিল কৰিব নোৱাৰা কাৰ্য্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এয়া চৰকাৰৰ ষড়যন্ত্ৰ বুলি দাবী কৰাৰ লগতে আৰু অধিক সময় কৃষক নেতাজনক কাৰাগাৰত ভৰাই ৰখাৰ বাবেই এই শপতনামা দাখিল কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

Related News