বানপানীৰ পিছত দূষিত পানী, জমা পানী, অস্বাস্থ্যকৰ পৰিৱেশ আৰু ম’হ-মাখিৰ বংশবৃদ্ধিৰ ফলত বহু ধৰণৰ ৰোগ বিয়পিব পাৰে।
বানপানীৰ পিছত হ’ব পৰা মুখ্য ৰোগসমূহঃ
- ডায়েৰিয়া আৰু কলেৰা – দূষিত পানী বা খাদ্য গ্ৰহণৰ ফলত হয়।
- টাইফইড – বেক্টেৰিয়াযুক্ত পানী বা খাদ্যৰ জৰিয়তে সংক্ৰমিত হয়।
- জণ্ডিছ (হেপাটাইটিছ A/E) – দূষিত পানীৰ ফলত হ’ব পাৰে।
- লেপ্ট’স্পাইৰ’ছিছ – এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানীৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণ হ’ব পাৰে।
- মেলেৰিয়া, ডেংগু – জমা পানীত ম’হৰ বংশবৃদ্ধিৰ বাবে বৃদ্ধি পায়।
- চৰ্মৰোগ – দীঘলীয়া সময় দূষিত পানীত থাকিলে চুলি, খজুৱতি, ফাংগাছ আদি হ’ব পাৰে।
- শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ – পানী আৰু ঠাণ্ডাৰ বাবে কাহ, জ্বৰ, নিউমোনিয়া আদি হ’ব পাৰে।
প্ৰতিকাৰ আৰু সাৱধানতাঃ
- কেৱল বিশুদ্ধ পানীহে খাব।
- খাদ্য সদায় ঢাকি ৰাখিব আৰু সতেজ খাদ্য গ্ৰহণ কৰিব।
- চাবোনেৰে নিয়মিত হাত ধুব, বিশেষকৈ খোৱাৰ আগতে আৰু শৌচালয় ব্যৱহাৰৰ পিছত।
- জমা পানী আঁতৰাই ম’হৰ বংশবৃদ্ধি ৰোধ কৰিব।
- সম্পূৰ্ণ হাত-ভৰিৰ কাপোৰ পিন্ধিব আৰু ম’হ খেদোৱা ঔষধ বা মশাৰী ব্যৱহাৰ কৰিব।
- বানপানীত ভিজা কাপোৰ সলনি কৰি শৰীৰ পৰিষ্কাৰকৈ ৰাখিব।
- জ্বৰ, বমি, ডায়েৰিয়া, তীব্ৰ পেটবিষ, চকু বা ছাল হালধীয়া হোৱা আদি লক্ষণ দেখা দিলে তৎক্ষণাত ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসকৰ কাষ চাপিব।
- শিশুসকল, গৰ্ভৱতী মহিলা আৰু বৃদ্ধসকলৰ বিশেষ যত্ন ল’ব।
বানপানীৰ পিছত সামান্য সাৱধানতাই বহু সংক্ৰমণজনিত ৰোগৰ পৰা নিজকে আৰু পৰিয়ালক সুৰক্ষিত ৰাখিব পাৰে।





