অগপই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা নকৰে: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

Ramendra Narayan Kalita

অসমত দুবাৰকৈ শাসনৰ গাদী দখল কৰা অসম গণ পৰিষদে ৰাজ্যখনত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বণ্ডিতা আগবঢ়াব। আঞ্চলিক দলটোৱে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অসম চৰকাৰৰ মিত্ৰদল অগপই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সৈতে কোনো ধৰণৰ মিত্ৰতা নকৰে বুলি পুনৰ এবাৰ স্পষ্ট কৰে দলৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

এই সন্দৰ্ভত তেওঁ স্পষ্ট মত প্ৰকাশ কৰি কয় যে কেৱল পঞ্চায়তেই নহয় লোকসভাৰ আগন্তুক নিৰ্বাচনতো অগপই অকলেই নিৰ্বাচনী যুঁজত ৰাজ্যখনত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। এনেদৰে কলিতাই পুনৰ এবাৰ মিত্ৰদল ভাৰতীয় জনতা পাৰ্টীক হুংকাৰ দিয়া পৰিলক্ষিত হয়।

যিহেতু অগপই ৰাজ্যত দুবাৰকৈ শাসনৰ গাদী দখল কৰিছিল, সেয়ে আগন্তুক নিৰ্বাচন দুটাত মিত্ৰতাৰ কোনো প্ৰশ্নই নুঠে বুলি স্পষ্ট মন্তব্য কৰে সাধাৰণ সম্পাদক কলিতাই।

উল্লেখ্য যে শাসনাধিষ্ঠ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ লগতে মিত্ৰতা নকৰে বুলি ঘোষণা কৰি থৈছে। তেনেস্থলত অগপই মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যুক্তি ক’ত বুলিও প্ৰশ্ন কৰে সম্পাদকগৰাকীয়ে।

উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত গেৰুৱাবাহিনীয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বুলি আগবঢ়োৱা মন্তব্যৰ পাছতেই অগপই ৰাজ্যিক ভিত্তিত পঞ্চায়ত অভিৱৰ্তন অনুষ্ঠিত কৰি ৰণডংকা বজোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ সমান্তৰালকৈ ৰণনীতি প্ৰস্তুতৰ বাবে দলৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক দায়িত্ব অৰ্পণ কৰিছিল।

মনকৰিবলগীয়া যে অগপই অঞ্চলে অঞ্চলে নিজৰ হেৰুৱা স্থিতি পুনৰ উদ্ধাৰ তথা প্ৰভাৱ বিস্তাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

মনকৰিবলগীয়া কথা যে পঞ্চায়ত নিৰ্বাচনক লৈ মিত্ৰতা বাহাল থাকিবনে নাই সেয়া আনুষ্ঠানিক সিদ্ধান্ত নৌহওঁতেই পঞ্চায়ত দখল কৰাৰ বাবে নিজ নিজ ৰণনীতিৰে আগবাঢ়িছে বিজেপি-অগপ।