অগপ বিধায়ক-গড়কাপ্তানী বিভাগৰ বৈঠক : প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টনৰ ঘোষণা হিমন্ত বিশ্বৰ

বিজেপি বিধায়কৰ পাছত চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ বিধায়কৰ সৈতে আজি ৭ জুলাইত পথৰ নিৰ্মাণ আৰু মেৰামতি সম্পৰ্কে গড়কাপ্তানী বিভাগৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

শনিবাৰে দিচপুৰৰ বিধানসভা চৌহদত অগপ বিধায়কসকলৰ সৈতে তেওঁলোকৰ সমষ্টিসমুহৰ গড়কাপ্তানী বিভাগৰ অধীনৰ পথ নিৰ্মাণ আৰু মেৰামতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত মিলিত হয় বিভাগটোৰ দুই মন্ত্ৰী ক্ৰমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তপন কুমাৰ গগৈ।

বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাই কয় যে অহা অক্টোবৰ মাহৰ পৰা বাট-পথৰ উন্নয়নৰ কাম আৰম্ভ হ’ব। তেওঁ লগতে জনায় যে অহা ২৬ জুলাইত কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ বিধায়কৰ সৈতে আৰু তাৰ পাছত কোকৰাঝাৰত বি পি এফ আৰু বিটিচি প্ৰশাসনৰ সৈতে বিভাগটো বৈঠকত মিলিত হ’ব।

প্ৰতিটো দলৰ বিধায়কে নিজৰ নিজৰ সমষ্টিৰ বাট-পথৰ তথ্য দাখিল কৰাৰ পাছত চেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰাককলন তৈয়াৰ হ’ব বুলি মন্ত্ৰী শৰ্মাই জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা দুই জুলাইত বিজেপিৰ বিধায়কসকলৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল।

শৰ্মাই লগতে গড়কাপ্তানী বিভাগৰ অধীনৰ বাট-পথসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পুঁজি সম্পৰ্কত এইদৰে কয়, ‘বিধায়কসকলে যিধৰণে হিচাপ দিছে সেই হিচাপত আনুমানিক ৫০০০ কোটি টকাৰ প্ৰয়োজন হ’ব। কিমান কিমান পুঁজি যোগাৰ হয় সেই হিচাপত পথৰ তালিকখন প্ৰস্তুত হ’ব। যদি ৩০০০ কোটি যোগাৰ হয়, তেতিয়া তালিকাখনৰ পৰা কিছু কমাব লাগিব। যদি প্ৰয়োজনৰ হিচাপত যোগাৰ হয়, সিমানেই দিম। তাৰ মাজত ভাৰত চৰকাৰকো দু-আষাৰ কম, NLCRটো চেষ্টা কৰিম, নাবাৰ্ডটো যাম। মুঠতে চেষ্টা কৰিম কেনেকৈ টকাখিনি যোগাৰ কৰিব পাৰো’।

ইয়াৰ উপৰিও, ৰাষ্টা-ঘাটৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টন কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয়, ‘আগতে সকলো বিধায়কক ২০ কোটিকৈ দিয়া হৈছিল, কিন্তু আমি ৰাষ্টা-ঘাটৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টন দিব বিচাৰিছো। কোনোবা সমষ্টিত বেছি লাগিব পাৰে, কোনোবা সমষ্টিত কম লাগিব, কিন্তু ৰাষ্টাবিলাক যাতে হয়’।

ইপিনে এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকি সন্তুষ্টি ব্যক্ত কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু বিধায়ক সত্যব্ৰত কলিতাই। এয়া এক সুন্দৰ পদক্ষেপ বুলি কৈ তেওঁলোকে বাট-পথৰ উন্নয়নৰ কামসমূহ সময়মতে আৰু সুচাৰুৰূপে হ’ব বুলি আশা কৰা বুলি জানিবলৈ দিয়ে।