NORTHEAST NOW (Assamese)

অটল অমৃত অভিযানৰ অধীনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৬১১৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান

March 29, 2018 10:21 pm · এন ই নাও নিউজ

‘সবকা সাথ সবকা বিকাশ লক্ষ্যৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে। অটল অমৃত অভিযান এনে এক পদক্ষেপ যাৰ জৰিয়তে সমাজৰ দৰিদ্ৰতম ব্যক্তি গৰাকীয়েও জটিল ৰোগৰ গুণগত চিকিৎসা লাভ কৰিব পাৰে।’ বৃহস্পতিবাৰে সৰুসজাই ষ্টেডিয়ামত অটল অমৃত অভিযানৰ অধীনত মুখ্য মন্ত্ৰী গৰাকীয়ে ৬১১৫ গৰাকী হিতাধিকাৰীক তৃতীয় পৰ্যায়ত আনুষ্ঠানিকভাৱে ৩৯.৬৯ কোটি টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰি ভাষণ প্ৰসংগত এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোত কয় যে বৰ্তমান ৰাজ্যখনৰ মহাবিদ্যালয় পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিনামূলীয়া কৰা হৈছে। লগতে কয় যে দিব্যাংগ সকলক প্ৰতি মাহে ১ হাজাৰ টকাকৈ ভাট্টা প্ৰদান কৰা হৈছে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অটল অমৃত অভিযানৰ অধীনত এইটো তৃতীয় আৰু শেষ পৰ্যায়ৰ আৰ্থিক সাহায্য।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে চলিত বৰ্ষৰ বাজেটত ইয়াৰ বাবে ৪০০ কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছে বুলি কয়। লগতে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰতে এই কাৰ্ড কাৰ্যকৰী হ’ব বুলি জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানত বিধায়কদ্বয় আনৱাৰুল হক চৌধুৰী, আঙুৰলতা ডেকা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক জে ভি এন সুব্ৰমনিয়ামকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News