• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2026 6:17 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিৰণ্যকশিপু আৰু প্ৰহ্লাদৰ কাহিনীলৈ মনত পেলাই দিলে মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী  দিবিশা মহন্তই। যিদৰে পিতৃ অসৎ আৰু অধাৰ্মিক হোৱাৰ পিছতো পুত্ৰ প্ৰহ্লাদ আছিল সৎ আৰু ধাৰ্মিক তেনেদৰে পিতৃ বিজেপি চৰকাৰ মন্ত্ৰী হোৱাৰ পিছতো ককৰোছ জনতা পাৰ্টিৰ আন্দোলনত যোগ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্লোগান দিলে কেশৱ মহন্তৰ জীয়ৰী দিবিশা মহন্তই।

বৃহস্পতিবাৰে গুৱাহাটীৰ চাচলত হোৱা এক বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত হোৱা এই প্ৰতিবাদত অসম গণ পৰিষদৰ নেতা তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কন্যা দিবিশা মহন্তই অংশগ্ৰহণ কৰে। এই আন্দোলনত দিবিশাই আন ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি থকা, হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

দিবিশা মহন্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্লোগান দি থকা কেইবাটাও ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সাধাৰণতে বিজেপি মিত্ৰজোঁটৰ নেতাৰ কন্যাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা নাযায়। কিন্তু এইবাৰ বিজেপি নেতাৰো পুত্ৰ-কন্যাই এই আন্দোলনত যোগদান কৰা দেখিবলৈ পোৱা গৈছে।

অৱশ্যে, এই ঘটনাই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিলেও, ই দিবিশা মহন্তৰ নিজা মত প্ৰকাশৰ গণতান্ত্ৰিক অধিকাৰকেই সূচাইছে।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম আৰু উত্তৰ-পূবৰ বহু ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিবাদ সমাজকৰ্মী সোণম ৱাংচুক আৰু নতুন দিল্লীত প্ৰতিবাদ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সমৰ্থন জনাবলৈ কৰা হৈছিল। ইয়াৰ লগতে নিট-ইউজি ২০২৬ ৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবেও মাত মতা হৈছিল। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে আৰু পৰীক্ষাৰ খেলিমেলিৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছিল। দিল্লীত চলি থকা চলো সংসদ কাৰ্যসূচীত আৰক্ষীৰ আক্ৰমণত আহত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিও তেওঁলোকে সহানুভূতি প্ৰকাশ কৰে আৰু ৰাষ্ট্ৰীয় পৰীক্ষাসমূহত স্বচ্ছতা আনিবলৈ চৰকাৰক আহ্বান জনায়।

সমগ্ৰ দেশত চলি থকা এই আন্দোলনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ গোচৰবোৰৰ বাবে ফাষ্ট-ট্ৰেক আদালত গঠন কৰিব আৰু অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিব। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত আৰু কল্যাণ চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আনহাতে, ২৬ দিনৰ আমৰণ অনশনৰ অন্তত বৃহস্পতিবাৰে নিশা সোণম ৱাংচুকেই কেন্দ্ৰৰ সৈতে আলোচনাৰ পিছত নিজৰ অনশন ভংগ কৰে। গুৱাহাটীত হোৱা এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও, মন্ত্ৰী কন্যা দিবিশা মহন্তৰ অংশগ্ৰহণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু বৰ্তমান এয়া ৰাজ্যজুৰি এক চৰ্চাৰ বিষয় হৈ পৰিছে।

 

View this post on Instagram

 

A post shared by Northeast Now Assamese (@nenow.assamese)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd