সেউজ আৰু পলিথিনমুক্ত হোৱাৰ পথত সৰ্থেবাৰীৰ নসত্ৰ গাঁও

nasatra-570x320

কৃষ্ণগুৰুৰ আশ্ৰমৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত হৈ পৰা  বৰপেটাৰ নক্ষত্ৰ গাঁও অচিৰেই সেউজ আৰু পলিথিনমুক্ত গাঁও  হিচাপে পৰিগণিত হ’বলৈ গৈ আছে।

সোমবাৰে বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ তথা ভাৰতীয় জীৱন বীমা নিগমৰ পাঠশালা শাখাৰ কৰ্মচাৰী আনন্দ খনিকৰে নসত্ৰ গাঁওখন সেউজ আৰু পলিথিন মুক্ত কৰাৰ ক্ষেত্ৰত এটা অভিলাসী উদ্যোগ গ্ৰহণ কৰিছে। শ্ৰী খনিকৰ হৈছে এগৰাকী প্ৰকৃতিপ্ৰেমী আৰু তেওঁ গ্ৰীন মিশ্যন বজালীৰ সঞ্চালক।

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত এই উদ্দেশ্যে অনুষ্ঠিত এখন সভাত উপস্থিত ৰাইজক সম্বোধন কৰি খনিকৰে কয় যে এই গাঁওখনৰ এটা ৰাষ্ট্ৰ্ৰীয় গুৰুত্ব থকা বাবে তেওঁ এই গাঁওখনক পলিথিনমুক্ত এলেকা হিচাপে গঢ়ি তোলাৰ বাবে বাচনি কৰি লৈছে।

খনিকৰে আশা প্ৰকাশ কৰে যে নসত্ৰৰ ৰাইজে প্লাষ্টিকৰ ব্যৱহাৰ ত্যাগ কৰিব আৰু গাঁওখনক এটা পলিথিনমুক্ত এলেকা  হিচাপে গঢ়ি তুলিব।

তেওঁ নসত্ৰৰ ৰাইজক পলিথিনৰ পৰিৱৰ্তে কাগজ আৰু প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। তেওঁ আৰু কয় যে এই ‘সেউজ’ বিপ্লবৰ মাজেৰে নসত্ৰই বিশ্বৰ পৰ্যটন মানচিত্ৰত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰদূষণৰ বিৰুদ্ধে যুদ্ধ কৰি যোৱা এগৰাকী নিৰলস যোদ্ধা খনিকৰে কয় যে তেওঁ ইয়াৰ পূৰ্বে বৰপেটাৰ বজালী মহকুমাৰ অন্তৰ্গত বেলনা গাঁৱক পলিথিনমুক্ত কৰি তুলিবলৈ যি প্ৰচেষ্টা গ্ৰহণ কৰিছিল তাত তেওঁ সফল হৈছে।

তেওঁ আৰু কৈছে যে গাঁওখনৰ এটা আত্ম সহায়ক গোটে বজাৰ-সমাৰ কৰাৰ উপযোগী কাগজৰ মোনা তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছে আৰু ৰাইজে সেয়া আদৰি লৈছে।

অনুষ্ঠানত ভাষণ দি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ৰাইজক পলিথিন ব্যৱহাৰৰ বিষয়ত সতৰ্ক হোৱাৰ বাবে আহ্বান জনায়।

সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাই গছপুলি ৰোপণ কৰি কেনেদৰে পৃথিৱীখন বাসোপযোগী কৰিব পৰি তাক বৰ্ণনা কৰে।

এই সভাখনত ৰাইজৰ ফালৰ পৰাও কেইগৰাকীমানে বক্তব্য আগবঢ়ায় আৰু তেওঁলোকে তেওঁলোকৰ চুবুৰীয়াসকলক গাঁওখন পলিথিনমুক্ত এলেকা হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে বিগত ২৪ জুনত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত এই বিষয়ক এখন সচেতনতা সভা অনুষ্ঠিত হৈছিল আৰু ইয়াতেও বহুতো লোকৰ সমাগম হৈছিল। এই সভাতেই আনন্দ খনিকৰে নসত্ৰক পলিথিনমুক্ত গাঁও হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱটোক উষ্ম আদৰণিৰে গ্ৰহণ কৰা হৈছিল। জুন মাহৰ ২৪ তাৰিখে অনুষ্ঠিত সভাখনত গ্ৰহণ কৰা প্ৰস্তাৱমৰ্মেই কালিৰ এই পলিথিনমুক্ত অভিযানটো আৰম্ভ কৰা গৈছিল।