অধিক সন্তানৰ বাবে মিজোৰামৰ গীৰ্জাৰ উদগণি

মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জা

মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জা ঘৰ

মিজোৰামৰ এটা স্থানীয় গীৰ্জাঘৰে মিজো দম্পতীৰ নতুনকৈ জন্মলাভ কৰা চতুৰ্থটো সন্তানৰ পৰা নগদ ধনৰ উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চতুৰ্থটো সন্তানৰ পৰা আৰম্ভ কৰি আগলৈ নগদ ধনৰ উপহাৰৰ পৰিমাণ বৃদ্ধি পাব। এইদৰে চতুৰ্থটো সন্তানৰ বাবে ৪,০০০ টকা, পঞ্চমটোৰ বাবে ৫,০০০ টকা আৰু আগলৈ বাঢ়ি যাব।

জন্মৰ হাৰ বৃদ্ধিক উৎসাহিত কৰিবলৈ মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জাৰ লুংলেই বাজাৰ ভেঙ শাখাই তেওঁলোকৰ স্থানীয় গীৰ্জাৰ আওতাৰ অঞ্চলৰ  ভিতৰত নতুনকৈ জন্ম লাভ কৰা সন্তানক আশীৰ্বাদ দিবলৈ নগদ ধনৰ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে।

ৰাজ্যখনৰ মুখ্য মিজো জনজাতি সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰ হ্ৰাস পোৱাটো কেৱল মিজো সংগঠনবিলাকৰ বাবেই নহয়, লগতে গীৰ্জাসমূহৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে। মিজোৰামৰ দুটা বৃহৎ গীৰ্জা প্ৰেছবাইটেৰিয়ান গীৰ্জা আৰু মিজোৰাম ব্যাপ্তিষ্ট গীৰ্জাই ইয়াৰ সদস্যসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বাৰাম্বাৰ আহ্বান জনাই আহিছে। এতিয়া এঢাপ আগবাঢ়ি স্থানীয় গীৰ্জাই প্ৰতিটো পৰিয়ালত জন্মগ্ৰহণ কৰা চতুৰ্থটো সন্তানৰ বাবে নগদ ধনৰ উপহাৰ ঘোষণা কৰিছে।

‘’ যোৱা বছৰ বাজাৰ ভেঙ ব্যাপ্তিষ্ট গীৰ্জাই সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই মাহৰ পৰাই নতুন সন্তানৰ বাবে নগদ ধনৰ উপহাৰ আগবঢ়োৱা হ’ব,’’- বাজাৰ ভেঙ ব্যাপ্তিষ্ট গীৰ্জাৰ সচিব চি বিয়াকচুঙনুনগাই এনেদৰে কয়।

‘’ইয়াৰ উচ্চ সীমা বুলি কোনো কথা নাই, অধিক সন্তান জন্ম দিব অধিক নগদ ধন লাভ কৰিব,’’-সচিব গৰাকীয়ে কয়।

মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জাই আন এক প্ৰয়াস অনুযায়ী নতুনকৈ বিবাহিত দম্পতীক ৫,০০০ টকাৰ নগদ ধনেৰে সম্বৰ্দ্ধনা জনাইছে।

সমাজৰ বিভিন্ন স্তৰত গীৰ্জাৰ এই সিদ্ধান্তই মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই যদি গীৰ্জাৰ এই সিদ্ধান্তক আদৰণি জনাইছে, আন কিছুমানে ইয়াক গীৰ্জাৰ ফালৰ পৰা এটা অতি দায়িত্বহীন পদক্ষেপ বুলি ব্যক্ত কৰিছে।

‘’এয়া এক অত্যন্ত ভাল পদক্ষেপ। মিজো জনসংখ্যা হ্ৰাস পাই আহিছে, মিজো দম্পতীয়ে নিশ্চিতভাৱে অধিক সন্তান জন্ম দিয়াৰ প্ৰয়োজন,’’- এগৰাকী সামাজিক কৰ্মী ইউনাইচ চাওনংথুই এনেদৰে কয়।

ৰাজ্যখনৰ চৰকাৰী পৰিসংখ্যা অনুসৰি মিজোৰামত জন্মৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিসংখ্যাতকৈ উচ্চ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত তৃতীয় সৰ্বাধিক। কিন্তু মিজো জনজাতি বসতি প্ৰধান নগৰাঞ্চলত জন্মৰ হাৰ চাকমা আৰু ব্ৰু জনগোষ্ঠীয় সংখ্যালঘু বসতি প্ৰধান গ্ৰামাঞ্চলৰ তুলনাত কম।

মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জুৰামথাংগাই তেওঁৰ দহ বছৰীয়া শাসনকালত অন্য ৰাজ্যত দুটা সন্তানৰ বাবে থকা প্ৰসূতিৰ সা-সুবিধাসমূহ মিজোৰামৰ বাবে চাৰিটা সন্তানৰ বাবেও আগবঢ়াইছিল। তেওঁ প্ৰায়েই ৰাজ্যখনৰ ক্ষুদ্ৰ জনসংখ্যা সম্পৰ্কে চিন্তা ব্যক্ত কৰিছিল।