NORTHEAST NOW (Assamese)

অনূৰ্ধ্ব ১৬ ক্ৰিকেটৰ অসম দললৈ নিৰ্বাচিত ডিমৌৰ কিশোৰ পল্লৱজ্যোতি গগৈ

November 28, 2017 6:41 am · ডিমৌ পৰা হিতুৎজ্জ্বল চেতিয়া :
পল্লৱজোতি গগৈ।

ডিমৌবাসীৰ বাবে গৌৰৱ কঢ়িয়াই ইয়াৰ এজন কিশোৰ নিজৰ প্ৰতিভাৰ চানেকিৰে দেশৰ ক্ৰিকেট জগতত খোজ পেলাবলৈ সক্ষম হৈছে। কিশোৰজনৰ নাম হ’ল পল্লৱজ্যোতি গগৈ। অফ স্পীনাৰ আৰু ষ্টাইছিল বেটছমেন পল্লৱজ্যোতি গগৈৰ ঘৰ ডিমৌৰ ভেকেলাই গাৱঁত। তেওঁ ১৬ বছৰ অনূৰ্ধ্ব ক্ৰিকেটত অসম দলৰ হৈ খেলিবৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে পৰিয়ালটোৰ লগতে ডিমৌ অঞ্চলটোলৈও আনন্দৰ জোৱাৰ আনিছে। অতিকে দৰিদ্ৰ পৰিয়ালৰ ঘাটমাউৰা পল্লৱৰ এনে সফলতাত ডিমৌ ক্ৰিকেট সন্থাৰ লগতে বাবে ডিমৌৰ সকলো ক্ৰীড়াপ্ৰেমী উৎফুল্ল হৈছে। জানিব পৰা মতে ডিমৌ ক্ৰিকেট সন্থাই পল্লৱক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ।

Related News