অন্তৰ্কলহৰ পৰিণতি : ডিমা হাছাওত জেলিয়াংগ্ৰং য়ুনাইটেড গ্ৰুপৰ সদস্য নিহত

zeliang-570x320

ডিমা হাছাওৰ দুখন সীমান্তৱৰ্তী গাঁওত জেলিয়াংগ্ৰং য়ুনাইটেড গ্ৰুপৰ দুটা গোটৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত দুজন উগ্ৰপন্থী সদস্য নিহত হোৱাৰ বাতৰি পোৱা হৈছে। জানিব পৰা গৈছে যে ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত দাওৱান আৰু খাংনাং গাঁওত জেলিয়াংগ্ৰং য়ুনাইটেড গ্ৰুপ মামৰ সংগঠনটোৰ দুটা গোটৰ মাজত সংঘটিত খণ্ডযুদ্ধত এই সদস্যদুজন নিহত হয়। আৰক্ষীৰ মতে দুয়োটা গোটৰে এজনকৈ সদস্য এই সংঘৰ্ষত নিহত হয়।

বুধবাৰে আবেলি অসম আৰক্ষী আৰু ৪৩ আছাম ৰাইফলছৰ এটা যুটীয়া দল ঘটনাস্থলীত উপস্থিত হয়। এই গাঁওদুখন হাফলঙৰ পৰা ৫৫ কি:মি: দূৰত্বত মণিপুৰৰ সীমান্তত অৱস্থিত। গাড়ী চলাচল কৰিব পৰা পথ নথকা বাবে এই গাঁওদুখনত খোজ কাঢ়ি উপস্থিত হ’বলৈ ৮ৰ পৰা ৯ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

আৰক্ষীৰ মতে, জেলিয়াংগ্ৰং য়ুনাইটেড গ্ৰুপৰ দুটা গোটৰ মাজত বুধবাৰে পুৱা সংঘৰ্ষৰ সূত্ৰপাত হয়। এটা গোটৰ নেতৃত্বত গোটটোৰ মুখ্য সেনানায়ক আৰু আনটো গোটৰ নেতৃত্বত ইয়াৰ সভাপতিজন আছিল। ২০ ৰ পৰা ২৫ মিনিট ব্যাপি চলা এই খণ্ডযুদ্ধখনত দুয়োটা গোটৰে এজনকৈ সদস্য নিহত হয়।

গাঁওৱাসীৰ সহযোগিতাত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকে ঘটনাস্থলীৰ পৰা নিহত উগ্ৰপন্থী গোটৰ সদস্যদুজনৰ গুলীৰে থকা-সৰকা হোৱা মৃতদেহ দুটা উদ্ধাৰ কৰে।