অন্ধবিশ্বাসৰ শেষ ক’ত??? সমাজত আজিও তন্ত্র-মন্ত্র, জ্যোতিষীৰ বিধানৰ অবাধ প্রচলন

WitchHunting

ডাইনী বুলি নিৰপৰাধী মানুহক নৃশংসভাৱে হত্যা কৰা হয় এইখন অসমত। অহুকাণে-পহুকাণে বিয়পাই দিয়া মিথ্যাক সত্য মানি এজাক দুঠেঙীয়াই মাৰি পেলাব পাৰে যি কোনো নিৰীহক। কোনো দ্বিধা নাই| নাই কোনো অপৰাধবোধ। কেনেকৈ থওঁ মানুহৰ শাৰীত সেই দুঠেঙীয়াজাকক??

সোপাধৰা সন্দেহত মাৰি পেলাব পাৰি যিকোনো অচিনাকি আগন্তুকক এইখন অসমত| আৰু সগৌৰৱে সেই দৃশ্য ম’বাইলত বন্দী কৰিব পাৰি ফেচবুক হোৱাটচএপত আপল’ড কৰাৰ নিচাত!!
কোনে আগতে দিব পাৰে! আমি কোন যুগৰ বাসিন্দা? আদিম যুগত মানুহ অসভ্য (সভ্যৰ বিপৰীত শব্দ) আছিল। সভ্যতাৰ মুখ নেদেখাৰ ফলত বহু সময়ত বৰ্বৰতাৰ পৰিচয় দিছিল। সময়ৰ লগে লগে মানুহ হেনো সভ্য হ’ল| প্রমাণ ক’ত???

চৌদিশে মানুহৰ পোছাকত জাক জাক পিশাচ। ক’ৰবাত যদি গণধৰ্ষণ, ক’ৰবাত ডাইনী হত্যা। বাকী খুচুৰা অপৰাধবিলাকৰ কথা নকলোৱেবা!

হাতৰ মুঠিত ম’বাইল ফোন। টিপাটোতে পৃথিৱীৰ খবৰ| ভাল খবৰবোৰ অকালতে মৰে। বেয়া খবৰৰ বজাৰ ৰমৰমীয়া। আগপিছ নুগুণি ছ’চিয়েল মিডিয়াত বিষবাষ্প বিয়পাই থকা খবৰবিলাক কিমান ভয়ংকৰ হ’ব পাৰে, কালি কাৰ্বি আংলঙৰ ঘটনাটোৱে তাকেই বুজাই দিলে। আজিও আমাৰ সমাজৰ এক বৃহৎ অংশ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কবলত। আনকি বহু তথাকথিত শিক্ষিত ব্যক্তিও ইয়াৰ পৰা সাৰিব পৰা নাই। যিখন সমাজত আজিও তন্ত্র-মন্ত্র, জ্যোতিষীৰ বিধানৰ অবাধ প্রচলন, তাৰ পৰা আমি আৰু কি আশা কৰিব পাৰোঁ?

ভগৱানৰ দোহাই দি কিমান ব্যাপক হাৰত অপপ্রচাৰ চলে আৰু তাত যদি সক্ৰিয় সহযোগ কৰে শিক্ষিত লোকে, তেন্তে শিক্ষাৰ মোল কি? জাতি জনগোষ্ঠী, ভাষা আৰু ধৰ্মৰ নামত অসহিষ্ণুতাৰ অনেক প্রমাণ আছে। কিমান অনায়াসে কাৰোবাৰ জাতত ধৰি নতুবা ধৰ্মত ধৰি আমি কটু কথা ক’ব পাৰোঁ। কোনো দ্বিধা নাই। নাই কোনো অপৰাধবোধ।

যেতিয়ালৈকে আমি দেহৰ ওপৰত মূৰটোক showpiece বুলি মানি থাকিম, এনেকুৱা ঘটনাবিলাকৰ পুনৰাবৃত্তি হৈয়ে থাকিব। মগজুটোক সক্ৰিয় কৰি ৰাখক। আনৰ ইচাৰাত উঠ-বহ কৰাতকৈ নিজে যুক্তিৰে কথাবিলাক চালিজাৰি চাবলৈ শিকক।

থোৰতে কওঁ, ফেইচবুক আৰু হোৱাটচ-এপত যিমান বিষ বিয়পে, তাত উদগনি দিয়াসকলৰ মাজত অশিক্ষিতৰ সংখ্যা নিশ্চিতভাৱে তাকৰ| অল্পবিদ্যা ভয়ংকৰী। ফেইচবুকত সক্ৰিয় হৈ থাকো কাৰণেই কথাটো কোৱাৰ প্রয়োজন অনুভৱ কৰিছোঁ। অলপ আগতে টীভীত দেখিলোঁ, ইতিমধ্যে আৰক্ষীয়ে পাঁচজন অপৰাধীক কৰায়ত্ত কৰিছে। নামকেইটা পঢ়িলোঁ| তাত বসুমতাৰী উপাধিও আছে। কালিৰে পৰা কাৰ্বিসমাজক ককৰ্থনা কৰি থকাসকলে এতিয়া কি ক’ব?? জাকৰুৱা মানসিকতাত যুক্তি নাখাটে।

লগতে এয়াও ভাবিছোঁ, ভাগ্যে অভিযুক্তৰ তালিকাত কোনো ৰাভা জনগোষ্ঠীৰ লোকৰ নাম নাই!!!!

দুজনকৈ প্রতিভাৱান যুৱক অকালতে হেৰাই গ’ল| সেই ক্ষতি একোৱে পূৰাব নোৱাৰে। এই মুহূৰ্তত আমি কৰিব পৰাত এটাই কাম আছে।
নিজকে দায়িত্বশীল বুলি পৰিচয় দিয়ক। যিবিলাক কথাই বা মানুহে সমাজত ক্ষতিসাধন কৰিব পাৰে, সেইবিলাকক আসৈ নিদিব| নিজৰ মগজুক কৰ্মক্ষম কৰি তোলক যাতে কোনো অপশক্তিয়ে অন্ধবিশ্বাসৰ কবলত আৰু কোনো নিৰীহক মাৰি পেলাব নোৱাৰে!!!! অন্ধবিশ্বাসক প্রশ্রয় নিদিওঁ বুলি সকলোৱে নিজৰ ওচৰত শপত লওঁ আহক।

লেখিকা তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা।