অন্ধবিশ্বাস-কুসংস্কাৰৰ সজাগতাৰ বাবে ৰাজ্য চৰকাৰে হাতত ল’ব ‘সংস্কাৰ’ কাৰ্যসূচী

ৰাজ্যখনত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈ কিছু লোক সংঘটিত কৰি অহা ঘটনা সমূহ নিৰ্মূল কৰাৰ উদ্দেশ্যৰে জনসাধাৰণক সজাগ, সচেতন আৰু কুসংস্কাৰ মুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে ‘সংস্কাৰ মানুহে মানুহৰ বাবে’ শীৰ্ষক এক কাৰ্যসূচী সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিব। আজি মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদক নডেল বিভাগ হিচাপে লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ৰাজ্যখনৰ সকলোবোৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত তথা গাঁও সমূহক সামৰি শীঘ্ৰে এই কাৰ্যসূচী আৰম্ভ হ’ব।

বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এই কাৰ্যসূচী সমগ্ৰ বৰ্ষজুৰি ৰাজ্যখনত অভিযান আকাৰে অবিৰত ৰূপত চলি থাকিব যাতে অসমৰ সকলো অঞ্চলতে এক অন্ধবিশ্বাসৰ বিপৰীতে এক সুস্থ বাতাবৰণ সৰ্বদা বৰ্তি থাকে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে কোনো এগৰাকী বাহিৰৰ পৰা অহা লোক যাতে কোনো কাৰণতে অনাহকত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আৰু বলি হ’ব নালাগে সেইটো আমি নিশ্চিত কৰিম।

বৈঠকত মুখ্য মন্ত্ৰীয়ে ‘সংস্কাৰ’ কাৰ্যসূচীৰ নীতি-নিৰ্দেশনা তিনিদিনৰ ভিতৰত প্ৰস্তুত কৰি সাত দিনৰ ভিতৰত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক ৰূপত আৰম্ভ কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে সকলোকে সামৰি অন্ধবিশ্বাস তথা কুসংস্কাৰৰ বিৰুদ্ধে এক বলিষ্ঠ তথা সমন্বিত প্ৰয়াস আৰম্ভ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

আনহাতে আজি কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত কাণ্ডত নিহিত নীলোৎপল দাসৰ পিতৃৰ সৈতে মুখ্য মন্ত্ৰী গৰাকীৰ বাৰ্তালাপৰ সময়ত নীলোৎপল দাসৰ পিতৃয়ে মুখ্য মন্ত্ৰী গৰাকীক এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়। লগতে মুখ্য মন্ত্ৰী গৰাকীক প্ৰয়োজন সাপেক্ষে তেওঁ নিজেও এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অগ্ৰণী ভূমিকা পালন কৰিব বুলি কয়।

আজিৰ বৈঠ্যকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া, আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যকে ধৰি জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।