অন্যান্য পিছপৰা শ্ৰেণীৰ লোকক সামাজিক আৰু আৰ্থিকভাৱে সবল কৰিব অ’ বি চি বিধেয়কে : ৰাজ্যিক বিজেপি

obc bjp assam

সংবিধান (১২৩ সংখ্যক সংশোধন) বিধেয়ক, ২০১৭ক ৰাজ্যসভাই গৃহীত কৰাত আদৰণি জনাই অসম বিজেপিৰ অ’ বি চি কোষে মঙলবাৰে কয় যে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক সামাজিক আৰু আৰ্থিকভাৱে ই সবল কৰিব।

অ’বিচি বিল হিচাপে জনাজাত এই বিধেয়কখন সোমবাৰে উচ্চ সদনত উপস্থিত সদস্যৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃ্হীত হৈছিল।

লোকসভাই অনা সংশোধনৰে সৈতে এই বিলখন ১৫৬টা সপক্ষৰ আৰু বিপক্ষে এটাও ভোট নোহোৱাকে গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগক সাংবিধানিক মৰ্য্যাদা দিয়াৰ বাবে উত্থাপন কৰা এই বিধেয়ক যোৱা ৫ আগষ্টত লোকসভাত সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল।

অসম বিজেপিৰ অ’বিচি কোষৰ সভাপতি বিতোপন ৰাইদঙিয়াই ৰাজ্যৰ অ’বিচি লোকসকলৰ মংগলাৰ্থে অসমৰ পৰা নিৰ্বাচিত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে একো পদক্ষেপ নল’লে বুলি অভিযোগ কৰে।

‘এইটো অ’বিচিৰ দীৰ্ঘদিনীয়া দাবী আছিল। অসমৰ ৩১টা অ’বিচি সম্প্ৰদায়ে এতিয়া সুবিধা পাব,’ ৰাইদঙিয়াৰ মত।

এন চি বি চিক অ’বিচি লোকসকলৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে সম্পূৰ্ণ ক্ষমতা দিয়া এই বিলখনৰ মুখ্য উদ্দেশ্য।