অপহৃতৰ এ টি এম কাৰ্ডেৰে টকা উঠাবলৈ আহোতেই ধৰা পৰিল অপহৰণকাৰী : অপহৃত হাবিলদাৰক উদ্ধাৰ

Abducted

যোৱা ৬ দিন ধৰি অপহৃত হৈ থকা চি আৰ পি এফৰ ২১০ কোব্ৰা বেটেলিয়নৰ অপহৃত হাবিলদাৰক অৱশেষত নলবাৰী আৰক্ষীৰ সহযোগত দৰং আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰিছে। আৰক্ষীৰ এই সফলতাই ২১০ কোব্ৰা বেটেলিয়নটোক এক ডাঙৰ সকাহ দিয়ে।

উল্লেখযোগ্য যে কৰ্ণাটকৰ কুৰগ জিলাৰ, ২১০ কোব্ৰা বেটেলিয়নৰ জেনেৰেল ডিউটিৰ হাবিলদাৰ এছ বি মাল্লাপাই বিভাগীয় নিৰ্দেশ মানি যোৱা ৪ এপ্ৰিলৰ পুৱা ৮ বজাত অসামৰিক পোচাকত তুৰালৈ বুলি যাত্ৰা কৰিছিল।

সেই পথত গুৱাহাটীৰ লখৰাস্থিত আই এছ বি টিৰ পৰাই তেওঁ নিৰুদ্দেশ হৈছিল। কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে দলগাৱঁত থকা ২১০ কোব্ৰা বেটেলিয়নৰ বিষয়াসকলে কথাটো আৰক্ষীক জনোৱা নাছিল আৰু তেওঁলোকে নিজা ববীয়াকৈ অনুসন্ধান অব্যাহত ৰাখিছিল। অৱশেষত ব্যৰ্থ হৈ উপায় নাপাই ৮ এপ্ৰিলৰ সন্ধিয়া ৯ বজাত তেওঁলোকে দলগাওঁ আৰক্ষীক জনোৱাৰ লগতে দৰং জিলাৰ আৰক্ষী অধীক্ষককো জনায়।

এই অভিযোগৰ ভিত্তিত দলগাওঁ আৰক্ষীয়ে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে। এই ক্ষেত্ৰত দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত থিৰাভিয়ামে বিশেষ গুৰুত্বসহ অনুসন্ধান আৰম্ভ কৰে আৰু  আৰু মাল্লাপাৰ এ টি এম কাৰ্ডখন ব্যৱহাৰ কৰি ৫ এপ্ৰিলৰ ৭ এপ্ৰিলৰ ভিতৰত নলবাৰীৰ নিৰ্দিষ্ট কিছুমান ঠাইৰ পৰা কোনোবাই তিনিবাৰত ১,২০,০০০ টকা উলিওৱা বুলি জানিব পাৰে।

টকা উলিওৱাৰ এছ এম এছ মাল্লাপাৰৰ পৰিবাৰৰ হাতত থকা ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰলৈ প্ৰেৰিত হৈছিল। এই তথ্যৰ সহায়ত এ টি এম কেন্দ্ৰৰ চি চি টি ভিৰ ফুটেইজ চাই দৰং আৰক্ষীয়ে নলবাৰীৰ আৰক্ষীৰ সহযোগত ৯ এপ্ৰিলৰ নিশা সেই কাৰ্ডখন ব্যৱহাৰ কৰি এ টি এমৰ পৰা টকা উঠাবলৈ আহোঁতেই দুজন লোকক আটক কৰে। আটক হোৱা লোককেইজনে অপহৰণত তেওঁলোক জড়িত হোৱাৰ কথা স্বীকাৰ কৰে আৰু আৰক্ষীৰ দলটোক হাবিলদাৰজনক আবদ্ধ কৰি থোৱা নলবাৰী জিলাৰ কমাৰকুচিৰ ঘৰটোলৈ লৈ যায়। আৰক্ষীয়ে হাবিলদাৰজনক অৰ্ধচেতন অৱস্থাত উদ্ধাৰ কৰে। হাবিলদাৰজন মদ আৰু ড্ৰাগছৰ প্ৰভাৱত অৰ্ধচেতন হৈ আছিল বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়ে। এতিয়াও তেওঁ সম্পূৰ্ণকৈ চেতন অৱস্থালৈ ঘূৰি অহা নাই বুলি আৰক্ষীয়ে জনায়।

আনহাতে অপহৰণকাৰীকেইজনক ক্ৰমে হাজো আৰক্ষী থানাৰ অধীনৰ বালাকোৱাৰপুৰ গাৱঁৰ ৰামিজ আলীৰ পুত্ৰ ৰহমত আলী আৰু বৰপেটা আৰক্ষী থানাৰ অধীনৰ ডাকুৱা গাৱঁৰ মগৰৱ আলীৰ পুত্ৰ ছেইজুদ্দিন আহমেদ বুলি চিনাক্ত কৰিছে।  দুয়োজনে হাবিলদাৰজনক নিচাজাতীয় দ্ৰব্য খুৱাই গুৱাহাটীৰ আই এছ বি টিৰ পৰা অপহৰণ কৰিছিল বুলি স্বীকাৰ কৰিছে। এই সন্দৰ্ভত দলগাওঁ আৰক্ষী থানাত এটা গোচৰ ( No. 132/18 under section 365 of IPC) ৰুজু কৰি আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে।