কেইটামান দিন পূৰ্বে নগাঁৱত হোৱা এক লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই অসমত তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। এজনী কণমানিৰ ওপৰত চলা নাৰকীয় ধৰ্ষণে প্ৰতিজন সচেতন মানুহৰ বিবেক জোকাৰি গৈছে। ধৰ্ষণ কাণ্ডৰ অভিযুক্ত এক বিশেষ সাম্প্ৰদায়ৰ হোৱা কথাটোৱে বিতৰ্কক অন্য দিশলৈ লৈ গৈছে। এই ধৰ্ষণক বহুতে বাওঁ উদাৰ (left-liberal) চিন্তাৰ মানুহক আক্ৰমণৰ অচিলাৰূপে লৈছে।
সন্দেহ নাই যে পমুৱা মুছলমানসকলৰ মাজত তুলনামূলকভাৱে অপৰাধ বেছি। কিন্তু তেওঁলোকৰ পৰিচিতিগত অৱস্থানতকৈ, সামাজিক আুৰু অৰ্থনৈতিক অৱস্থাহে যে ইয়াৰ প্ৰধান কাৰক সেয়াও সমানেই সত্য। যিধৰণৰ অপৰাধ তেওঁলোকৰ মাজত বেছি, সেইবোৰক কোৱা হয় Blue Collar অপৰাধ, যাৰ ভিতৰত যৌন হিংসাও অন্যতম। কিয় Blue Collar অপৰাধ?
বিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰত কায়িক শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা ব্যক্তিয়ে নীলা চোলা পৰিধান কৰিছিল। নীলা চোলা পৰিধান কৰিছিল দৈনিক শ্ৰমত নিয়োজিত হওঁতে পোচাকত লগা দাগ চকুৰ আঁতৰ কৰাৰ বাবে। আনহাতে যিসকল ব্যক্তিয়ে কায়িক শ্ৰম নকৰিছিল তেওঁলোকে বগা চোলা পৰিধান কৰিছিল। দৈহিক শ্ৰম কৰাসকল অৰ্থাৎ নীলা চোলা পিন্ধাসকল অৰ্থনৈতিকভাৱে দুৰ্বল আছিল। আৰু এইসকলৰ মাজত মাৰপিট, চুৰি, ডকাইতি, যৌন হিংসা আদি অপৰাধবোৰ তুলনামূলকভাৱে বেছি আছিল। সেয়েহে এনেবোৰ অপৰাধক Blue Collar অপৰাধ আখ্যা দিয়া হৈছিল। আনহাতেদি ৰাজহুৱা ধনৰ আত্মসাৎ, ষ্টক এক্সচেঞ্জৰ কেলেংকাৰী, ঘোচ, কৰফাঁকি আদি চহকী বা বগা চোলা পিন্ধাসকলৰ মাজত সৰ্বাধিক আছিল। সেয়েহে এনেবোৰ অপৰাধক আখ্যায়িত কৰা হৈছিল White Collar অপৰাধৰূপে। অপৰাধতত্বই (Criminology) আগবঢ়োৱা এই ব্যাখ্যাই অপৰাধ আৰু অপৰাধীৰ মাজৰ সম্পৰ্কলৈ আঙুলিয়াই দিয়ে।
অৰ্থনৈতিক অনগ্ৰসৰতা, আধুনিক শিক্ষাৰ আদিবোৰ কাৰণতেই পমুৱা মুছলমানসকলৰ মাজত অপৰাধৰ হাৰ তুলনামূলকভাৱে বেছি। সেয়েহে সম্প্ৰদায়টোৰ নেতৃত্ব দিয়াসকলে সম্প্ৰদায়টোৰ মাজত আধুনিক চিন্তা তথা শিক্ষাৰ প্ৰসাৰৰ বাবে চেষ্টা কৰা উচিত। ধৰ্মৰ প্ৰতি অত্যধিক আনুগত্য যুক্তিনিষ্ঠভাৱে পৃথিৱীখন চোৱাৰ পথত বাধা। শ্বৰিয়ত অথবা কোৰাণৰ শিক্ষাই সৰ্বশেষ বুলি ভাবি থাকিলে কূপমণ্ডুক হৈয়েই ৰ’ব লাগিব। সেয়েহে এনেবোৰ প্ৰৱণতাৰ বিৰুদ্ধে অহৰহ যুঁজাৰ প্ৰয়োজন আছে। কিন্তু অপৰাধবোৰক বিচ্ছিন্নভাৱে চাই সম্প্ৰদায়টোক গালি পাৰি থকাসকলেও এই কথা বুজা উচিত যে তেওঁলোকৰ যুক্তিৰে চালে আমাৰ মূলসুঁতিৰ অসমীয়া বা উচ্চবৰ্ণৰসকলক সামূহিকভাৱে দুৰ্নীতিপৰায়ণ আখ্যা দিব লাগিব। কাৰণ, শেহতীয়াকৈ অসমত সংঘটিত দুৰ্নীতি, ঘোচ খোৱা আদিৰ দৰে অপৰাধৰ লগত জড়িতসকলৰ শতকৰা ৯০ জনেই উচ্চবৰ্ণৰ বা মূলসুঁতিৰ অসমীয়া। এনেধৰণৰ সৰলীকৰণ বিপদজনক।
ধৰ্ষণৰ দৰে নৃংশস অপৰাধৰ মূল কাৰণটো কিন্তু গাঁথনিগত। পিতৃতান্ত্ৰিক সমাজ এখনত মহিলাৰ প্ৰতি থকা দৃষ্টিভংগীহে ইয়াৰ বাবে প্ৰধানতঃ দায়ী। নাৰীক আমাৰ আগত দাঙি ধৰা হয় ‘পণ্য’ ৰূপে। ইয়াৰ সমান্তৰালভাৱে বিশ্বায়নৰ আগ্ৰাসনে ব্যক্তিক ক্ৰমশঃ মনুষ্যত্বহীন (dehumanise) কৰি পেলাইছে। মনুষ্যত্ব হেৰুৱাই পেলোৱা মানুহৰ বাবে ‘নাৰী ভোগৰ সামগ্ৰী’ মানসিকতাৰে মহিলাৰ ওপৰত জঁপিয়াই পৰাটো নিচেই সাধাৰণ কথা হৈ পৰিছে। সেয়েহে আজিৰপৰা ৪০-৫০ বছৰৰ পূৰ্বৰ তুলনাত যৌন হিংসা এতিয়া ইমান ব্যাপক।
ধৰ্ষণৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে মাত মাতিছে আৰু লগতে ধৰ্ষণকাৰীক কঠোৰ শাস্তি বিহাৰ পোষকতা কৰিছে। বহুতে আকৌ ধৰ্ষণকাৰীক তাৎক্ষণিক শাস্তি প্ৰদানেই ধৰ্ষণ ৰোধৰ প্ৰধান উপায় বুলি ভাবিছে। কোনোবাই ধৰ্ষণকাৰীৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে। এইবোৰৰ যোগেদি মানুহে প্ৰকাশ কৰা উৎকণ্ঠাক সাধুবাদ দিবই লাগিব।
কিন্তু, একেসময়তে সকলোৱে এইটোও বুজা ভাল যে কঠোৰ শাস্তিয়েই সদায় নিবাৰক (deterrent) হিচাপে কাম নকৰে। তেনে হোৱা হ’লে বহু অপৰাধী মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ পাছতো হত্যাৰ দৰে অপৰাধ সংঘটিত হৈ নাথাকিলহেঁতেন। সেইবাবেই ভাৰতীয় আইন আয়োগে ২০১৫ চনত দিয়া ইয়াৰ ২৬২ নং প্ৰতিবেদনত কৈছে– However, it (retribution) cannot be reduced to vengeance. The notion of an eye for an eye, tooth for a tooth has place in our constitutionally meditated criminal justice system. Capital punishment fails to achieve any constitutionally valid penological goals.
তদুপৰি, তাৎক্ষণিক শাস্তিৰ দাবী গণতান্ত্ৰিক সমাজত সম্ভৱ নহয়। গোচৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাটো এক সুকীয়া বিষয়। কিন্তু অপৰাধীক শাস্তি প্ৰদানৰ আইনী প্ৰক্ৰিয়াটোকে অস্বীকাৰ কৰিবলৈ গ’লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। সেই একেই যুক্তিৰে কাৰোবাক দেশদ্ৰোহী বুলি তাৎক্ষণিক শাস্তি প্ৰদানৰ চেষ্টা চলিব, সামান্য অজুহাততে ৰাজহুৱাভাৱে মাৰপিট বা ঘৰ-দুৱাৰ জ্বলাই দিয়া হ’ব। গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে এনেবোৰ ঘটনা বিপজ্জনক।
এনে কিছুমান ঘটনাত আমাৰ কৰণীয় হ’ল হ’ল তদন্ত প্ৰক্ৰিয়া খৰতকীয়া আৰু নিৰপেক্ষ কৰাৰ বাবে অহৰহ চকু ৰখা। প্ৰয়োজন সাপেক্ষে আদালতত গোচৰ চলি থকাৰ সময়ছোৱাত চৰকাৰী অধিবক্তাই যাতে গোচৰটো সুচাৰুৰূপে চলায় তাৰবাবেও ব্যৱস্থা গ্ৰহণ কৰা। ধানখেৰৰ জুইৰ দৰে ক্ষোভত ফাটি পৰি ক্ষন্তেকতে জামৰি সকলো কথা পাহৰি গ’লে নহ’ব। আমাৰ ৰাজহুৱা খং-ক্ষোভবোৰো বহুক্ষেত্ৰত ধানখেৰৰ জুইৰ দৰে।
(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা)