অবৈধভাৱে কল ডাটা যোগান ধৰি কাৰাগাৰলৈ হাফলং আৰক্ষীৰ কনিষ্টবল ভুবনেশ্বৰ দাস

police-constable-570x320

অভিযুক্ত আৰক্ষী কনিষ্টবল ভুবনেশ্বৰ দাস

বেচৰকাৰী ডিটেক্টিভ এজেন্সিক অবৈধ ভাৱে চৰকাৰী কল ডাটা ৰেকৰ্ড (CDR) যোগান ধৰি শেহতীয়াভাৱে গ্ৰেপ্তাৰ হ’ল হাফলং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এগৰাকী কনিষ্টবল।

ভুবনেশ্বৰ দাস নামৰ আৰক্ষী কনিষ্টবল জন হাফলং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চাইবাৰ চেল চোৱাচিতাৰ দায়িত্বত আছিল।

মহাৰাষ্ট্ৰ আৰক্ষীৰ থানেৰ পৰা এখন পত্ৰ পোৱাৰ পিছত হাফলং আৰক্ষীয়ে দাসক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে, ভুবনেশ্বৰক চাকৰিৰ পৰা সাময়িকভাৱে নিলম্বিত কৰা হৈছে।

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দাসে অধিক ধন ঘটাৰ লোভত এনে চৰকাৰী ডাটা যোগানৰ কাৰ্যত লিপ্ত হৈছিল। দাসৰ ঘৰৰ পৰা এটা ল্যাপটপ আৰু স্মাৰ্ট ফোন উদ্ধাৰ কৰা হৈছে।

আনহাতে, কনিষ্টবল দাসে এনে কাৰ্যত লিপ্ত থকাৰ কথা নিজে স্বীকাৰ কৰিছে। তেওঁৰ ল্যাপটপৰ পৰা চিডিআৰ উদ্ধাৰ কৰা হৈছে।

নৰ্থ ইষ্ট নাওৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত ডিমা হাচাওৰ  অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে মুম্বাইৰ থানেত যোৱা মাহত এটা গোচৰ ৰুজু কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত কেইবাগৰাকী ব্যক্তি গ্ৰেপ্তাৰ হৈছে। সেই গোচৰৰ সৈতে ডিমা হাচাও জিলাও সোমাই পৰে। অৱশ্যে, তদন্তৰ খাতিৰত বহুত তথ্য গোপন ৰখা হয়।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে এগৰাকী চৰকাৰী কৰ্মচাৰী হৈ ভুবনেশ্বৰ দাসে ডাঙৰ অপৰাধ কৰিছে। তেওঁ যদি আদালতত দোষী সাব্যস্ত হয় তেতিয়াহ’লে চাকৰিও হেৰুৱাব লাগিব। বৰ্তমান এই সন্দৰ্ভত আৰু অধিক তদন্ত চলি আছে। হয়তো তেওঁৰ লগত জড়িত থকা সকলো অচিৰেই আৰক্ষীৰ জালত পৰিব।