অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন ঠাইত প্ৰশাসনৰ জ্ঞাতেই চলি থকা অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সমিতিয়ে আজি তিনিচুকীয়াত এখন সংবাদমেলৰ আয়োজন কৰি কয় যে মাৰ্ঘেৰিটাৰ বিভিন্ন অংশত কয়লাৰ অবৈধ খনন অব্যাহত আছে আৰু এইবোৰৰ পৰা নিচেই কমেও দৈনিক ৪ কোটি কয়লা অসমৰ বিভিন্ন ঠাইলৈ অবৈধভাৱে সৰবৰাহ হয়। ইয়াৰ ফলত চৰকাৰৰ বহু কোটি টকাৰ ৰাজহ লোকচান হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মতে এই খনিবোৰত কাম কৰিবলৈ নেপাল, তামিলনাডু আৰু অসমৰ গোৱালপাৰাৰ পৰা শ্ৰমিক অনা হয়। কেইটামান অবৈধ খননস্থলীৰ নাম দি সমিতিয়ে কয় যে টিংকুপানি, গুৰডিনি, পাহাৰপুৰী ফানেং, লালপাহাৰ, মাকুমপানী আৰু নামতক অঞ্চলত অবৈধ খনন চলি আছে। ‘শ্ৰমিকসকলক এক টন কয়লা খন্দাৰ বাবত ১০০০ টকা দিয়া হয় আৰু চোৰাং কাৰবাৰীসকলে এইবোৰ ১৫০০ ৰ পৰা ২০০০ টকাত বিক্ৰী কৰে আৰু তাৰ পাছত কয়লা মাফিয়াই এইবোৰ অসমৰ বিভিন্ন ঠাইত ৭০০০ টকাৰ পৰা ১০০০০ টকাত বিক্ৰী কৰে।’ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি লক্ষ্যজ্যোতি গগৈয়ে এইদৰে কয়।

সমিতিয়ে লগতে কয় যে অবৈধ কয়লা খননে অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰ তথা জৈৱ-বৈচিত্ৰ্যতো নেতিবাচক প্ৰভাৱ পেলাইছে।

বন বিভাগে বনাঞ্চলত কয়লা খনন কৰিবলৈ ঠিকা পাইছে বুলি দাবী কৰি অহাৰ প্ৰসংগত সমিতিৰ জিলা সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আৱেদনৰ পৰা এই কথা স্পষ্ট হয় যে ক’ল ইণ্ডিয়া লিমিটেডে অৰণ্যাঞ্চলত কয়লা খননৰ কোনো অনুমতি লাভ কৰা নাই।

গগৈয়ে কয় যে এইবোৰ সম্পূৰ্ণ ৰাজনৈতিক পৃষ্ঠপোষকতাত চলিছে আৰু বন বিভাগৰ সৈতে এইবোৰৰ সন্দেহজনক সম্পৰ্ক আছে। সেয়ে বন বিভাগ নীৰৱ হৈ আছে। তেওঁ আৰু লগতে কয় যে তেওঁ যোৱা ১৯ ডিচেম্বৰতে মাৰ্ঘেৰিটা আৰু লেখাপানী আৰক্ষী থানাত অবৈধ কয়লা খননত জড়িত ব্যক্তিৰ বিৰুদ্ধে এফ আই আৰু দাখিল কৰিছিল যদিও এতিয়ালৈকে গোচৰ ৰুজু নহ’ল।