NORTHEAST NOW (Assamese)

অভিজিৎ-নীলোৎপলৰ আত্মাৰ শান্তিৰ বাবে কলিয়াবৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

June 14, 2018 10:09 pm · ৰিদীপ শৰ্মা

কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুওৱা দুই সম্ভাৱণাপূৰ্ণ যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে ম্ৰিয়মান হৈ পৰিছে কলিয়াবৰবাসী।

পশ্চিম কলিয়াবৰ ৰঙালী বিহু উদযাপন সমিতি, কলিয়াভোমোৰা শাখা সাহিত্য সভা, নলতলি বজাৰ সমিতি আৰু  স্থানীয় ৰাইজৰ সহযোগত আজি সন্ধিয়া কলিয়াবৰৰ নলতলিত দুয়োজন যুৱকৰ বিদেহী আত্মাৰ শান্তিৰ বাবে সমূহীয়াভাৱে বন্তি প্ৰজ্জ্বলনৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্থিত হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি সকলো ৰাইজে এনেধৰণৰ ঘটনা যাতে ৰাজ্যত পুনৰ সংঘটিত নহয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

সকলো জাতি-জনজাতি লোকে মিলা-প্ৰীতিৰে বসবাস কৰি যাতে এখন সুস্থিৰ সমাজ গঢ়ে তাৰেই পোষকতা কৰিছে কলিয়াবৰবাসী ৰাইজে।

আনহাতে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগতে কোনোধৰণৰ উৰাবাতৰিক যাতে ৰাইজে প্ৰশ্ৰয় নিদিয়ে সেই সন্দৰ্ভতো এখন সজাগতা সভা অনুষ্ঠিত হয়।

এই সজাগতা সভাত  কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত ৰিংখাং মোছাহাৰী উপস্থিত থাকি সকলোকে এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায়।

Related News