অভিবাসী মুছলমান আৰু অসমীয়াভাষী লোকৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰশ্ন

Assam'sChar_Area_School

অভিবাসী মুছলমানৰ এক দীৰ্ঘদিনীয়া আপত্তি আৰু অভিযোগ এই যে অসমীয়া সমাজত মিহলি হৈ যাবলৈ তেওঁলোকে অশেষ প্ৰয়াস কৰাৰ পিছতো, দশক দশক জুৰি নিজৰ সতি-সন্ততিক অসমীয়া মাধ্যমত পঢ়াই অহাৰ পিছতো, নিজকে বাংলাভাষীৰ পৰিৱৰ্তে অসমীয়াভাষী বুলি পৰিচয় দি অসমীয়াক সংখ্যাগৰিষ্ঠৰ ভাষাৰূপে প্ৰতিষ্ঠা কৰি ৰখাত এই পৰ্যন্ত্য গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহাৰ পিছতো, তেওঁলোকৰ অসমীয়াত্ব সুপ্ৰতিষ্ঠিত নহ’ল, অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ ৰূপে সামাজিক স্বীকৃতি তেওঁলোকে নাপালে। মূলসুঁতিৰ অসমীয়াৰ বাবে তেওঁলোক ‘অইন’ হৈয়েই থাকিল!

একাংশ অচেতন অসমীয়াই আজিও কয়, “এইখন আমাৰ অসমীয়া মানুহৰ গাওঁ, সৌখন অসমীয়াৰ নহয়, মুছলমানৰহে গাওঁ, সৌখন আকৌ বড়োৰ, সেইখিনি বাগানীয়া মানুহ!” এনে স্থূল, অগণতান্ত্ৰিক মনোভাবেৰে হাতৰ কুঠাৰ ভৰিত মাৰি মাৰি বহু জাতি-জনগোষ্ঠীক অসমীয়াই ঠেলি ঠেলি আঁতৰাই পঠালে। আত্মঘাতী অসমীয়াই নিত্য-নতুন কুঠাৰ-চালনা পৰিহাৰ নকৰিলে ভৰি ছিগি গৈ চলন-ফুৰণ কৰিব নোৱৰা কবন্ধত পৰিণত হোৱাটো ধুৰূপ।

খেনোৱে ভাবে যে পূৰ্ব-বংগমূলীয় হিন্দু-মুছলমানৰ আদি মাতৃভাষা যিহেতু বাংলা, সেয়ে কিবা ‘স্বাৰ্থ’ত বা ‘প্ৰৰোচনা’ত তেওঁলোকে বৰ্তমান নিজকে অসমীয়াভাষী বুলি পৰিচয় দিলেও সেয়া নিতান্তই সাময়িক। যথাসময়ত তেওঁলোকে নিজকে বাংলাভাষী বুলি পৰিচয় দিবই দিব। এটা কথা হয় বাৰু- বুজন সংখ্যক লোকে এইধৰণে বাৰম্বাৰ প্ৰৰোচিত কৰি থাকিলে, বাৰম্বাৰ ‘অইন’ৰূপে প্ৰক্ষেপ কৰি থাকিলে, এনে ফল এটা ওলাবও পাৰে। য’ত অভিবাসী মুছলমানে কৈ আছে, “ভাইহঁত, আমি অসমীয়াই হওঁ, আমাক কিয় বেলেগ বুলি ভাবা?” –তেনে ক্ষেত্ৰত মূলসূঁতিৰ কেতবোৰ অসমীয়াই কৈ আছে, “তোমালোকক বিশ্বাস কৰিব নোৱাৰি –কোনদিনা তোমালোকে বাংলাক আঁকোৱালি লোৱা, তাৰতো ঠিক নাই!” কোৱা বাহুল্য যে এনে পৰিস্থিতি অসমীয়াভাষী আৰু বৈধ অসমবাসী অভিবাসী মুছলমানসকলৰ বাবে কোনোমতেই প্ৰেৰণাদায়ক নহয়।

বাঙালী হিন্দুৰ লগতে অভিবাসী মুছলমানো বাংলা ভাষালৈ ঘূৰি যাব বুলি ভবাটো অনৈতিহাসিকI পৃথিৱীত যুগে যুগে এই কথা প্ৰমাণিত হৈ আহিছে যে পৰিৱৰ্তিত পৰিস্থিতিত অভিযোজন কৰিবলৈকে বহু জন-সম্প্ৰদায়ে অইনৰ ভাষাকো নিজৰ বুলি আঁকোৱালি লৈছেI উদাহৰণ স্বৰূপে, অষ্ট্ৰিয়াৰ দক্ষিণ কেৰিন্থিয়ান অঞ্চলত উনৈশ শতিকাৰ আদিভাগত শ্লোভিন ভাষা কোৱা মানুহ আছিল ৯৭% আৰু বৰ্তমান তাত ৮৫% মানুহে জাৰ্মান কয়I অগণন শ্লোভিনভাষী লোকে তাত জাৰ্মান ভাষাক আঁকোৱালি লৈছেI দুটা শতিকাৰ ভিতৰতে বেলজিয়ামৰ ব্ৰুছেল‌চ চহৰতো ডাচ্চভাষী কমি গৈ ফৰাচীভাষী বাঢ়িছেI আমাৰ ইয়াতো আহোমভাষী অসমীয়াভাষী হৈছে। এনে অজস্ৰ উদাহৰণ দিব পাৰিI অৰ্থাৎ এই মুহূৰ্তত বাঙালী হিন্দুৱে বাংলা এৰি অসমীয়া ভাষাক আঁকোৱালি ল’ব বুলি আমি ভাবিব নোৱাৰোঁ সঁচা– সেইটো তেওঁলোকেই আমাক ভাবিবলৈ দিয়া নাইI কিন্তু, নিজকে অসমীয়া বুলি পৰিচয় দিয়া অভিবাসী মুছলমানেও স্বাভাৱিক পৰিস্থিতিতে আকৌ বাংলালৈ ঘূৰি যাব বুলি কৰা চিন্তাৰ প্ৰচাৰ উদ্ভট, অনৈতিহাসিক আৰু অসমীয়াৰ স্বাৰ্থ-বিৰোধীI

এক বিশেষ ভূখণ্ডত এক বিশেষ ভাষাৰ আলমত সাংস্কৃতিক আৰু সামাজিক আদান-প্ৰদানৰ যোগেদি নিৰ্মীয়মাণ হৈ অহা জাতি এটাৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীৰ কোনোবাটো অলপ আগত, কোনোবাটো অলপ পিছত আহিবইI তাৰ ভিত্তিতে জনগোষ্ঠীবোৰক বেছি ‘জাতীয়’, কম ‘জাতীয়’, বেছি অসমীয়া, কম অসমীয়া, সন্দেহমুক্তভাৱে অসমীয়া, সন্দেহজনকভাৱে অসমীয়া আদি ইত্যাদি ধৰণে বিভাজনৰ যাঁত-কলত সুমুৱাই দিলে জাতিৰ নিৰ্মাণ নহৈ জাতি পিঠাগুড়িত পৰিণত হোৱাটোহে হ’ব অৱশ্যম্ভাৱী পৰিণামI বহল অসমীয়া সমাজত অভিবাসী মুছলমান তুলনামূলকভাৱে নতুন জনগোষ্ঠী সঁচাI কিন্তু, বহু দশক আগৰ পৰাই তেওঁলোকে অসমীয়া সমাজৰ অংগীভূত হোৱাৰ প্ৰৱণতা দেখুৱাই আহিছে; চৰ-চাপৰিত বাংলা বিদ্যালয় খোলাৰ আগ্ৰহ নেদেখুৱাই নিজৰ সন্তানক অসমীয়া শিক্ষাৰেই শিক্ষিত কৰি আহিছে; অসমীয়া সাহিত্য-সংস্কৃতি চৰ্চা কৰি আহিছেI অথচ মূলসূঁতিৰ কিমান অসমীয়াই সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ লগতে অসমীয়া ভাষা-সংস্কৃতিৰ পৰা বিচ্ছিন্ন কৰি আনিছে, সেয়া আমি সকলোৱেই দেখি আছোঁ I

কিছুমানৰ মতে বাঙালী হিন্দুৱে বা অভিবাসী মুছলমানে (তেওঁলোকৰ ভাষাত বাঙালী বা বংগীয় মুছলমান!) অসমীয়াক মাতৃভাষা বোলক– এনে আশা বা দাবী আমি কৰিব নোৱাৰোঁI সজ কথাI পিছে কোনে সেই দাবী কৰিছে? অসমীয়াক নিজৰ ভাষা হিচাপে লোৱাৰ সিদ্ধান্ত অভিবাসী মুছলমানে তাহানি নিজেই লৈছিল, কোনেও তেওঁলোকক বাধ্য কৰা নাইI সেই সিদ্ধান্ত লৈ তেওঁলোক নিজেই অসমীয়া হৈছেI আজি তেওঁলোকক নতুনকৈ ‘বাঙালী মুছলমান’ বোলাৰ ৰাজনৈতিক তাৎপৰ্য কি? যি নিজকে অসমীয়া বুলি কৈ আছে তাক বাঙালী বা বংগীয় বুলি কিয় দোহাৰি থকা হৈছে? আমাৰ কথা এই যে তেওঁলোকক ‘অইন’ বুলি ভবা মানসিকতাৰ দ্ৰুত পৰিৱৰ্তন ঘটাই তেওঁলোকক ‘আমাৰ মাজৰে’ বুলি ভবাৰ আৰু সেইমতে কাম কৰাৰ অভ্যাস নকৰিলে কেতবোৰ জাতি-বিৰোধী শক্তিয়ে তেওঁলোকক বাংলামুখী হোৱাৰ বাবে প্ৰৰোচিত কৰিবলৈ চল পাব পাৰেI কোৱা বাহুল্য, বিদেশী হিন্দু বাংলাদেশীৰ নাগৰিকত্বই এই পৰিস্থিতি ইয়াতকৈও শোচনীয় কৰি পেলাবI

গতিকে ভাবি চাওক— আমাৰ ভাষাটো কোৱা লোকৰ বৰ্তমান সংখ্যা ৪৮.৩৮%-লৈ নামিছেI আৰু তললৈ নামি যাবৰ মন আছেনে? যদি নাই তেন্তে নিজক অসমীয়া বুলি পৰিচয় দিয়া অভিবাসী মুছলমানক নিজৰ এৰাব নোৱৰা ভাই বুলি ভাবিবলৈ আমি শিকিব লাগিবI কাৰণ এই ৪৮.৩৮% অসমীয়াৰ ভিতৰত আছে অগণন অভিবাসী মুছলমানI ন্যস্ত স্বাৰ্থজড়িত, অশুভ, অসমীয়া-বিৰোধী শক্তিয়ে তেওঁলোকক প্ৰৰোচিত কৰি বাংলাভাষী সাজিবলৈ অহৰহ চেষ্টা চলাব লাগিছেI আমি সেই প্ৰৰোচনাক পৰাস্ত কৰিব লাগিব জাতি হিচাপে উপান্ত হ’বলৈ সাজু থাকিব লাগিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক