অমিত শ্বাহক ‘প্ৰেতাত্মা’ আঁতৰাই অসম চুক্তিক সুৰক্ষিত কৰাৰ আহ্বান অতুল বৰাৰ

আমবাৰীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ সংবাদমেল

কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ গাদীত থকা ভাৰতীয় জনতা পাৰ্টিয়ে এফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমৰ্থন কৰে, আনফালে আৰু সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-খনো আনিব বিচাৰে। কেৱল এই বিধেয়কেই নহয় বিজেপিয়ে ইতিমধ্যেই প্ৰৱৰ্তন কৰিছে বিদেশীৰ সংশোধনী নিৰ্দেশ ২০১৫, পাৰপত্ৰ জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা, যিকেইটা অসম চুক্তি আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধী।

বিজেপিৰ এই দুমুখীয়া নীতিৰ বিপৰীতে আজি মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি আন তিনিটা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায়।

তেওঁ কয়, “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এন আৰ চিক অসম চুক্তিৰ ‘আত্মা’ হিচাপে অভিহিত কৰিছে। তেওঁক আমি ধন্যবাদ জনাই কওঁ যে এই ‘আত্মা’ক সুৰক্ষিত কৰাৰ বাবে আপোনালোকে আগভাগ লওক। অসম চুক্তিৰ ‘আত্মা’ক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতেই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬, বিদেশীৰ সংশোধনী নিৰ্দেশ ২০১৫, পাৰপত্ৰ জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা শীঘ্ৰেই বাতিল কৰোৱাৰ উদ্যোগ গ্ৰহণ কৰক। এই আটাইকেইটা ‘অসম চুক্তি’ৰ বাবে সদায় ‘প্ৰেতাত্মা’ হৈ থাকিব। ইয়াৰ ফলত এন আৰ চিখন হৈ পৰিব মূল্যহীন আৰু অৰ্থহীন।”

এই চাৰিটা ব্যৱস্থাৰ এটা ৱ্যৱস্থাও যদি বাহাল থাকে তেতিয়া হ’লে অসম অবৈধ বিদেশীৰ ‘চৰণীয়া পথাৰ’ হৈয়ে থাকিব বুলিও বৰাই মন্তব্য কৰে।

বৰাই লগতে কয় যে বিদেশী নাগৰিকৰ সমস্যাটো এতিয়া কেৱল অসমৰেই সমস্যা হৈ থকা নাই। দেশৰ অন্যান্য বহু ৰাজ্যত এই সমস্যাই ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰিছে বুলি সংবাদমেলত অগপৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে।

এই সংবাদমেলতেই অতুল বৰাই সমগ্ৰ ৰাষ্ট্ৰৰ ভিত্তিত সম্পূৰ্ণ শুদ্ধ বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰাৰো দাবী জনায়।

“অবৈধ বিদেশী প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষৰ জনগাঁথনিৰ লগতে সমগ্ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাটোৰ প্ৰতি হৈ পৰিছে প্ৰচণ্ড ভাবুকি। এন আৰ চি প্ৰস্তুতকৰণৰ জৰিযতে ভাৰতবৰ্ষ প্ৰকৃত ভাৰতীয় নাগৰিকৰ বাবে হওক আৰু অবৈধ বিদেশীমুক্ত হওক।”, বৰাই কয়।

ইয়াৰ উপৰি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে কেইবাজনো ৰাজনীতিকে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে অগপৰ সভাপতি অতুল বৰাই। মমতা বেনাৰ্জীক এনে মন্তব্যৰ দ্বাৰা ৰাজনৈতিক আৰু ভোটবেংকত অসমীয়া মানুহৰ লগত অসমত দীৰ্ঘদিন ধৰি থকা বাংলাভাষী মানুহৰ সম্পৰ্কৰ এনাজৰীডাল ছিঙি দিয়াৰ চেষ্টা নকৰিবলৈ বৰাই সকীয়াই দিয়ে।

সংবাদমেলত অতুল বৰাই যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ লগে লগে অসমৰ খিলঞ্জীয়া জনসাধাৰণ যথেষ্ট আশ্বস্ত হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয় “চূড়ান্ত এন আৰ চিখন হ’ব লাগিব এশ শতাংই বিদেশীমুক্ত।”

লগতে তেওঁ অসমৰ ভূখণ্ডত বসবাস কৰা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰাৰো দাবী জনায়।