অর্থনীতি শক্তিশালী কৰি তুলিবলৈ মানসিকতা সলনি কৰাৰ আহ্বান নাগালেণ্ডৰ মুখ্যমন্ত্ৰী জেলিয়াঙৰ

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে মঙলবাৰে ৰাজ্যবাসীক অৰ্থনীতি শক্তিশালী কৰি তুলিবলৈ মানসিকতা সলনি কৰিবলৈ আহ্বান জনায়।

পেৰেণৰ নতুন জালুকী গাঁৱৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জেলিয়াঙে কয়,’’ যদি আমাৰ অৰ্থনীতি সবল হয়, আমাৰ জীৱন যাত্ৰাও সলনি হ’ব। নিজৰ ভিতৰতে গঢ় লৈ উঠা অৰ্থনীতিক বিকশাই তুলিবলৈ মানসিকতাৰ পৰিৱৰ্তন কৰক।‘’

তেওঁ প্ৰসংগত উল্লেখ কৰে যে ৰাজস্থানৰ শ্বেত বিপ্লৱ আৰু কোৰিয়াৰ জনসাধাৰণে মাংস উৎপাদনৰ ক্ষেত্ৰত দেখুওৱা সফলতাই তাৰ জনসাধাৰণৰ জীৱন যাত্ৰাত পৰিৱৰ্তন আনি দিছে।

জোলিয়াঙে লগতে গাঁৱৰ বাসিন্দা সকলক তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে এক বিশেষ লক্ষ্য বান্ধি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নৰ্থ ইষ্ট ৰুৰেল ডেভেলপমেন্ট প্ৰকল্পৰ দৰে চৰকাৰী আঁচনিৰ লগতে বিশ্ব বেংকৰ অৰ্থ সাহায্যত চলি থকা অন্যান্য প্ৰকল্পৰ সহায় লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।

‘’ ৰাজ্যখনৰ নিৰ্মাণ কাৰ্যকে আদি কৰি অন্যান্য কামত ৰাজ্যৰ বাহিৰ বিশেষজ্ঞ আমন্ত্ৰণ কৰি উচিত নহয় আৰু আমাৰ যুৱসকলৰ সম্ভাৱনাসমূহ ৰাজ্যৰ ভিতৰতে ব্যৱহাৰ কৰা উচিত,’’-জেলিয়াঙে কয়।

এই সমস্যাসমূহ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যজুৰি ‘যুৱসকলক প্ৰশিক্ষিত কৰিবলৈ’ ‘নিৰ্মাণ কৰ্মীৰ বৰ্ষ’ আৰম্ভ কৰিছে। জেলিয়াঙে মাংস আমদানি বছৰটোত ৪০ শতাংশ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মাংস উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ আহ্বান জনায়।

ইয়াৰ আগেয়ে ঘাইপথ বিভাগৰ মন্ত্ৰী জি কাইটো আয়ে ৫০ বছৰ সম্পূৰ্ণ কৰা গাওঁবাসীক অভিনন্দন জনায়। তেওঁ লগতে আশা ব্যক্ত কৰে যে আগন্তুক বছৰবোৰত গাওঁখনে অধিক উন্নতি কৰিব।