অল আছাম এথলেটিকছ উই’মেন চেম্পিয়নশ্বিপ অ’পেন মীট-২০১৮ ডিচেম্বৰত

WomenChampionship

অ’মেন স্প’ৰ্টছ অব আছাম নামৰ সংগঠনটোৰ সংবাদমেল।

ৰাজ্যত পোন-প্ৰথমবাৰৰ বাবে অনুষ্ঠি হ’ব এথলেটিকছ উই’মেন চেম্পিয়নশ্বিপ অ’পেন মীট। অ’মেন স্প’ৰ্টছ অব আছাম নামৰ সংগঠনটোৰ উদ্যোগত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অহা ২১ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলযোগে সংস্থাটোৰ সভাপতি অঞ্জলী শইকীয়া, সম্পাদক শশীপ্ৰভা খাওন্দ আৰু মাষ্টাৰ এথলেটিকছ এছ’চিয়েশ্যনৰ উত্তৰ-পূবৰ বিষয়ববীয়া মীনা বৰাই এই কথা জানিবলৈ দিয়ে।

সংগঠনটোৱে প্ৰকাশ কৰা মতে এই  ১৮ ৰ পৰা ৯৯ বছৰৰ ভিতৰৰ সকলো আগ্ৰহী মহিলাই অংশগ্ৰহণ কৰি পাৰিব প্ৰতিযোগিতাখনত। ৰাজ্যৰ প্ৰায় দহ হাজাৰ মহিলা খেলুৱৈয়ে অংশ লোৱাৰ সম্ভাৱনা আছে আৰু মুঠ ২৭ বিধ খেল অন্তৰ্ভুক্ত হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

এই অ’পেন মীটতেই ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা মহিলা খেলুৱৈ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা মহিলাসকলক সম্বৰ্ধনা জনোৱা হ’ব বুলিও সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে। ইয়াৰ উপৰি মহিলা সমাজ সেৱিকাৰ বঁটাও এই অ’পেন মীটত প্ৰদান কৰা হ’ব সংগঠনটোৰ সভানেত্ৰী আৰু সম্পাদিকাই প্ৰকাশ কৰে।

তেওঁলোকে লগতে জনায় যে এই চেম্পিয়নশ্বিপত অংশ গ্ৰহণৰ বাবে ৰাজ্যৰ সকলো জিলা ক্ৰীড়া পৰিষদ, উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ই-মেইলযোগেও আৱেদন কৰিব পাৰিব।

সংবাদমেলত সংগঠনটোৰ সভাপতি অঞ্জলী শইকীয়াই কয় যে অসমৰ চুকে-কোণে থকা প্ৰতিভাৱান মহিলা খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰি তেওঁলোকৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লৈছে।

ইয়াৰ উপৰি আজিৰ সংবাদমেলত উইমেন স্প’ৰ্টছ অব আছামে অহা ৪ ৰ পৰা ১৬ জুনলৈ স্পেইনৰ মালাগাত অনুষ্ঠিত হ’বলগীয়া ‘ৱৰ্ল্ড মাষ্টাৰ্ছ চেম্পিয়নশ্বিপ’ত অসমৰ খেলুৱৈ শশীপ্ৰভা খাওন্দ, মীনা বৰা, অৰূপ জ্যোতি দাস, দুলেশ্বৰ গগৈ, দীপ্তি চৌধুৰী, অঞ্জলী শইকীয়া, ৰীনা গগৈ আৰু ৰেণু চেতিয়াই অংশ ল’ব বুলি প্ৰকশ কৰে।