অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুনিয়নৰ বিত্ত সম্পাদক ওজিং তায়িং হত্যাৰ গোচৰ চিবিআইৰ হাতত অৰ্পণ

18061708

অৰুণাচল চৰকাৰে ওজিং তায়িং হত্যাৰ গোচৰটো তৎকালীনভাৱে বলৱৎ হোৱাকৈ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআইৰ হাতত অৰ্পণ কৰিছে। অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুনিয়নৰ বিত্ত সম্পাদক প্ৰয়াত তায়িঙক অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰিছিল।

নিহত তায়িঙৰ ককায়েকৰ অভিযোগৰ ভিত্তিত ২০১৭ৰ ১৪জুনত এই হত্যাকাণ্ডৰ সন্দৰ্ভত ইটানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৪১/৩২৬/৩০২/৩৪ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। গোচৰটোৰ কোনো সূত্ৰ বাহিৰ নোহোৱাত এই গোচৰটো চলিত বৰ্ষৰ ৪জুনত বিশেষ অনুসন্ধান দল  (এছআইটি)লৈ হস্তান্তৰিত কৰা হৈছিল।

উল্লেখ্য যে বৃহস্পতিবাৰে অৰুণাচলৰ গৃহ আয়ুক্তগৰাকীয়ে চিবিআইলৈ গোচৰটো হস্তান্তৰিত কৰাৰ সময়ত এখন পত্ৰত ৰাজ্যিক আৰক্ষীৰ বিশেষ অনুসন্ধান দলৰ অনুসন্ধানৰ সাৰাংশখিনি অৰ্পণ কৰিছিল।

শুকুৰবাৰে অৰুণাচলৰ মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছে যে এবছৰ পাছতো অতি গুৰুত্বপূৰ্ণ গোচৰটো আশানুৰূপভাৱে সঠিক দিশত আগনবঢ়াৰ হেতুকে তথা দোষীৰ কোনো শুংসূত্ৰ লাভ নকৰাৰ বাবে এই গোচৰটোৰ অনুসন্ধানৰ ভাৰ চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে।

ৰাজ্যৰ সঞ্চালক প্ৰধানৰ ছুপাৰিশৰ ভিত্তিত উপযুক্ত কৰ্তৃপক্ষই বিষয়টো পৰীক্ষা কৰাৰ পাছত নিহতৰ পৰিয়ালে খৰতকীয়াকৈ সুবিচাৰ পোৱাৰ বাবে গৃহ মন্ত্ৰ্যালয়ে গোচৰটো চিবিআইক হস্তান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইতিমধ্যে হত্যাৰ সুবিচাৰৰ দাবীক আগুৱাই নিয়া এইএছডিয়ু এ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

আনহাতে অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুমনিয়নৰ সভাপতি ওয়িন উছুঙে কোনো ৰাজনৈতিক হস্তক্ষেপ অবিহনে ঘটনাটোৰ এটা নিৰপেক্ষ অনুসন্ধানৰ দাবী কৰিছে।

অনুসন্ধানৰ তথা গোচৰটোৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্যিক আৰক্ষীৰ বিশেষ অনুসন্ধান দলৰ দক্ষতাহীনতাৰ গোচৰটো চিবিআইক অৰ্পণ কৰাৰ বাবে বাবে ৪জুলাইত অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুনিয়নে সমগ্ৰ দিন ধৰি পূব ছিয়াং জিলা বন্ধ ঘোষণা কৰিছিল। গোচৰটো চিবিআইলৈ হস্তান্তৰিত নহ’লে এক বিস্তৃত বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছিল ছাত্ৰ সংগঠনটোৱে।

গোচৰটোৰ নিষ্পত্তি খৰতকীয়া কৰা পূব অৰুণাচল লোকসভাৰ সাংসদ নিনোং ইৰিঙে গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰি হত্যাকাণ্ডটোৰ চিবিআই তদন্তৰ বাবে অনুৰোধ জনাইছিল।