‘অষ্টম থিয়েটাৰ অলিম্পিক ২০১৮’ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মুখ্য মন্ত্ৰী

‘শিল্পীসকলে শক্তিশালী সমাজ নিৰ্মাণৰ ক্ষেত্ৰত সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। নাট্য সাহিত্যৰ মাজেৰে সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হয় আৰু মানুহক সঠিক পথেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। সৃষ্টিমূলক এই কলাই মানুহৰ মনন জগতক প্ৰত্যক্ষ কৰিব পাৰে। তদুপৰি প্ৰকৃতিৰ মাজত নিহিত হৈ থকা শক্তি আৰু সামৰ্থতাক নিবিড় দৃষ্টি কোণেৰে বিশ্লেষণৰ সুযোগ লাভ কৰে। সেইবাবে সমাজত মানৱীয় মূলবোধৰ আধাৰ নিৰ্মাণত নাট্য কলাৰ ভূমিকা অপৰিসীম।’ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় গুৱাহাটীয়ে আয়োজন কৰা অষ্টম থিয়েটাৰ অলিম্পিক ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘প্ৰথমবাৰৰ বাবে দেশত আয়োজিত থিয়েটাৰ অলিম্পিকৰ বাবে গুৱাহাটীকো নিৰ্বাচিত কৰাটো আনন্দৰ বিষয়। ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্মই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীসকলৰ নাট্য প্ৰতিভা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব।’

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে নাট্য কলাৰ জৰিয়তে জীৱনত মূল্যবোধৰ শিক্ষা আহৰণ কৰিব পৰা যায় বুলিও কয়।

অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, নাট্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্ণু বৰুৱাইও ভাষণ প্ৰদান কৰে।

আনহাতে বিশিষ্ট শিল্পী প্ৰাঞ্জল শইকীয়াই আদৰণি ভাষম প্ৰদান কৰা অনুষ্ঠানটোত বিধায়ক ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী, অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়, বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাস প্ৰমুখ্যে বিশিষ্ট শিল্পী আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।