অষ্টম ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ পুৰুষ হকি : ৰাজস্থানক হৰুৱাই অসমৰ খিতাপ দখল

অসমৰ হোজাইত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় ছাব জুনিয়’ৰ পুৰুষ হকি প্ৰতিযোগিতাৰ ফাইনেলত আজি অসমৰ দলটোৱে শক্তিশালী ৰাজস্থানক ৩-২ গ’লত হৰুৱাই খিতাপ দখল কৰে। আৰম্ভণিৰ পৰাই উজ্জীৱিত খেল প্ৰদৰ্শন কৰা অসমৰ দলটোৱে ৰাজস্থানৰ তীব্ৰ প্ৰত্যাহ্বান একাষৰীয়া কৰি চেম্পিয়ন হয়।

আনহাতে আজিৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ খেলুৱৈসকললৈ ডাঙৰ সুখবৰ কঢ়িয়াব পৰা এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতা পোৱা ৰাজ্যৰ খেলুৱৈসকলক অসম চৰকাৰে এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱাৰ পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব। লগতে ১ কোটি টকা পৰ্য্যন্ত পুৰস্কাৰ আগ বঢ়োৱা হ’ব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই ক্ষেত্ৰত খেলুৱৈ নিৰ্বাচন কৰিবলৈ এখন উচ্চ পৰ্য্যায়ৰ কমিটি গঠন কৰা হ’ব।

মুখ্য মন্ত্ৰীজনে লগতে কয় যে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰবোৰৰ বিকাশ সাধনতো গুৰুত্ব দিয়ে। তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে ক্ৰীড়া পৰিৱেশ উন্নত কৰাৰ পোষকতা কৰে। চৰকাৰে সকলো জিলাতে সমভাৱে ক্ৰীড়াৰ বিকাশ কৰাৰ বাবে চৰকাৰ দৃঢ় পৰিকৰ বুলি মন্তব্য কৰে। তেওঁ সকলো জিলাৰ কৰ্তৃপক্ষক ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰাৰ বাবে সম্ভৱপৰ সকলো সহায় আগ বঢ়োৱাৰ কথা কয়।

তেওঁ লগতে হোজাইত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰা বাবে আয়োজকক প্ৰশংসা কৰে। তেওঁ কয় যে এই প্ৰতিযোগিতাখনে হকিক গোটেই দেশতে এটা অনুকূল পৰিৱেশ দিয়াত সহায় কৰিব। অনুষ্ঠানটোত মুখ্য মন্ত্ৰজনৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেব আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰও উপস্থিত আছিল।