অসমকে ধৰি ৫ খন ৰাজ্যত বাৰ কাউন্সিলৰ নিৰ্বাচন সম্পন্ন; শনিবাৰে ওলাব ফলাফল
অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ ২৫ গৰাকী সদস্য নিৰ্বাচন কৰাৰ বাবে আজি ২৮ মাৰ্চত আটাইকেইখন ৰাজ্যতে নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনৰ ভোটাৰ আছিল ১৪২৫২ গৰাকী।
নিৰ্বাচিত সদস্যসকলৰ কাৰ্য্যকাল হ’ব ৫ বছৰ। অধ্যক্ষ আৰু উপাধ্যক্ষৰ লগতে ভাৰতৰ বাৰ কাউন্সিল আৰু বিভিন্ন সমিতিসমূহৰ বাবে প্ৰতিনিধি নিৰ্বাচনো নিৰ্বাচিত লগতে থকা সদস্যসকলে কৰিব। অধ্যক্ষ আৰু উপাধ্যক্ষৰ কাৰ্য্যকাল ২ বছৰীয়া আৰু বাকী বাৰ কাউন্সিল আৰু সমিতিবোৰৰ সদস্যৰ কাৰ্য্যকাল ৫ বছৰীয়া।
এই বাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিভিন্ন বাৰ কাউন্সিলৰ মুঠ ৪২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত গুৱাহাটীৰ পৰাই ২৬ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ভোট গণনা শনিবাৰে হ’ব।