যুক্তিবাদী চিন্তা-চৰ্চা আৰু বিজ্ঞান মনস্কতা প্ৰসাৰৰ উদ্দেশ্যে সংগঠিত যুক্তি-বিকাশ সমিতি, অসমৰ যোৰহাট শাখা আৰু অনলাইন আলোচনী মুক্ত চিন্তাই অসমত প্ৰথমবাৰৰ বাবে ‘যুক্তি দিৱস’ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে।
যুক্তিবাদী ছহিদ জিওৰ্দানো ব্ৰুনোৰ মৃত্যু দিনটোৰ লগত সংগতি ৰাখি এই বৰ্ষৰ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লোৱা যুক্তি দিৱসৰ অন্যতম আকৰ্ষণ হ’ব প্ৰাইজমানী প’ষ্টাৰ প্ৰতিযোগিতা। দশম শ্ৰেণীৰ পৰা স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা প’ষ্টাৰ প্ৰতিযোগিতাৰ মূল বিষয় “বিজ্ঞান মনস্কতা বনাম অন্ধবিশ্বাস”।
প্ৰতিযোগীয়ে সমাজত প্ৰচলিত যিকোনো এবিধ অন্ধবিশ্বাস যেনে, জ্যোতিষ, ডাইনী বিশ্বাস, বেজালি আদি বিষয় বাছি ল’ব পাৰিব। ৪×৩ ফুট আকাৰৰ প’ষ্টাৰখনত বিষয়, লিখকৰ নাম-ঠিকনা, ভূমিকা, বৈজ্ঞানিক ব্যাখ্যা, অন্ধবিশ্বাসবিধৰ সমাজত প্ৰভাৱ, সামৰণি আৰু তথ্যসূত্ৰ থাকিব লাগিব।
ইচ্ছুক প্ৰতিযোগীসকলে ১৮ ফেব্ৰুৱাৰীত যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত পুৱা ৮ বজাত ১০০ টকা যোগদান মাছুল দি নাম পঞ্জীয়ন কৰিব লাগিব। আনহাতে প্ৰতিযোগীসকলে যুটীয়াভাৱেও অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপোৱা বিজেতাসকলক ক্ৰমে ৩০০০, ২০০০ আৰু ১০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, ১৭ ফেব্ৰুৱাৰীত যোৰহাটৰ বৰুৱা চাৰি আলিৰ কাষৰ মিলেনিয়াম পাৰ্কত বিয়লি ২ বজাত যুক্তি দিৱসৰ শুভাৰম্ভ কৰা হ’ব। সেইদিনাৰ মূল আকৰ্ষণ হ’ব আজীৱন নাট্য চৰ্চাৰ লগত জড়িত বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ দত্তৰ পৰিচালনাত এখন বাটৰ নাট পৰিৱেশন।
যোৰহাট প্ৰেছ ক্লাবত ১৮ ফেব্ৰুৱাৰীৰ পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা মূল কাৰ্য্যসূচীৰ অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈয়ে ‘ধৰ্ম, ঈশ্বৰ আৰু অন্ধবিশ্বাস’ৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জয়ন্ত কুমাৰ শৰ্মাই ‘কুৰি শতিকাৰ বৈপ্লৱিক চিন্তাবিদ ৰিচাৰ্ড ফাইনমেনৰ বিজ্ঞান জিজ্ঞাসা’ আৰু ড° গৌতম কুমাৰ বৰাই ‘ভাষা, ধাৰণা আৰু যুক্তি’ৰ উপৰত বক্তৃতা প্ৰদান কৰিব।
ইয়াৰ লগতে থাকিব প্ৰশ্নোত্তৰ আৰু মত বিনিময় অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়াবৰ বাবে অসমৰ যুক্তিবাদী কৰ্মীসকললৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।