• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত প্ৰথমবাৰৰ বাবে যুক্তি দিৱসৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 7:11 pm
জিওৰ্দানো ব্ৰুনো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুক্তিবাদী চিন্তা-চৰ্চা আৰু বিজ্ঞান মনস্কতা প্ৰসাৰৰ উদ্দেশ্যে সংগঠিত যুক্তি-বিকাশ সমিতি, অসমৰ যোৰহাট শাখা আৰু অনলাইন আলোচনী মুক্ত চিন্তাই অসমত প্ৰথমবাৰৰ বাবে ‘যুক্তি দিৱস’ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে।

যুক্তিবাদী ছহিদ জিওৰ্দানো ব্ৰুনোৰ মৃত্যু দিনটোৰ লগত সংগতি ৰাখি এই বৰ্ষৰ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লোৱা যুক্তি দিৱসৰ অন্যতম আকৰ্ষণ হ’ব প্ৰাইজমানী প’ষ্টাৰ প্ৰতিযোগিতা। দশম শ্ৰেণীৰ পৰা স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা প’ষ্টাৰ প্ৰতিযোগিতাৰ মূল বিষয় “বিজ্ঞান মনস্কতা বনাম অন্ধবিশ্বাস”।

Apply Now

প্ৰতিযোগীয়ে সমাজত প্ৰচলিত যিকোনো এবিধ অন্ধবিশ্বাস যেনে, জ্যোতিষ, ডাইনী বিশ্বাস, বেজালি আদি বিষয় বাছি ল’ব পাৰিব। ৪×৩ ফুট আকাৰৰ প’ষ্টাৰখনত বিষয়, লিখকৰ নাম-ঠিকনা, ভূমিকা, বৈজ্ঞানিক ব্যাখ্যা, অন্ধবিশ্বাসবিধৰ সমাজত প্ৰভাৱ, সামৰণি আৰু তথ্যসূত্ৰ থাকিব লাগিব।

ইচ্ছুক প্ৰতিযোগীসকলে ১৮ ফেব্ৰুৱাৰীত যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত পুৱা ৮ বজাত  ১০০ টকা যোগদান মাছুল দি নাম পঞ্জীয়ন কৰিব লাগিব। আনহাতে প্ৰতিযোগীসকলে যুটীয়াভাৱেও অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপোৱা বিজেতাসকলক ক্ৰমে ৩০০০, ২০০০ আৰু ১০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব।

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, ১৭ ফেব্ৰুৱাৰীত যোৰহাটৰ বৰুৱা চাৰি আলিৰ কাষৰ মিলেনিয়াম পাৰ্কত বিয়লি ২ বজাত যুক্তি দিৱসৰ শুভাৰম্ভ কৰা হ’ব। সেইদিনাৰ মূল আকৰ্ষণ হ’ব আজীৱন নাট্য চৰ্চাৰ লগত জড়িত বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ দত্তৰ পৰিচালনাত এখন বাটৰ নাট পৰিৱেশন।

যোৰহাট প্ৰেছ ক্লাবত ১৮ ফেব্ৰুৱাৰীৰ পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা মূল কাৰ্য্যসূচীৰ অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈয়ে ‘ধৰ্ম, ঈশ্বৰ আৰু অন্ধবিশ্বাস’ৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জয়ন্ত কুমাৰ শৰ্মাই ‘কুৰি শতিকাৰ বৈপ্লৱিক চিন্তাবিদ ৰিচাৰ্ড ফাইনমেনৰ বিজ্ঞান জিজ্ঞাসা’ আৰু ড° গৌতম কুমাৰ বৰাই ‘ভাষা, ধাৰণা আৰু যুক্তি’ৰ উপৰত বক্তৃতা প্ৰদান কৰিব।

ইয়াৰ লগতে থাকিব প্ৰশ্নোত্তৰ আৰু মত বিনিময় অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়াবৰ বাবে অসমৰ যুক্তিবাদী কৰ্মীসকললৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd