সোমবাৰে কেলিফৰ্ণিয়াৰ ডেম’ক্ৰেটিক সাংসদ জিমি গোমেজে আমেৰিকাৰ সংসদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ এথিক্স কমিটীৰ প্ৰতিবেদন প্ৰকাশৰ কেইমিনিটমানৰ পিছতে তেওঁ পদত্যাগৰ বিষয়ে ঘোষণা কৰে।
ইয়াত উল্লেখ কৰা হৈছে যে কমিটীয়ে গোমেজে যৌন নিৰ্যাতন চলোৱাৰ যথেষ্ট প্ৰমাণ পাইছে, যাৰ ভিতৰত তেওঁৰ সন্মতি অবিহনে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ এগৰাকী কৰ্মচাৰীৰ সৈতে যৌন সংম্পৰ্কও আছে।
কমিটীয়ে কয় যে কৰ্মচাৰীগৰাকীৰ সৈতে গোমেজৰ আচৰণ কম গুৰুতৰ যৌন অপৰাধ বা যৌন নিৰ্যাতন হ’ব পাৰে।
জিমি গোমেজে কয় যে তেওঁ প্ৰতিবেদনত পোৱা তথ্যৰ সৈতে সম্পূৰ্ণৰূপে একমত নহয়। অৱশ্যে তেওঁৰ মতে পদত্যাগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।
তেওঁ উল্লেখ কৰে যে তেওঁৰ পদত্যাগ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ ফলত তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে জনসাধাৰণ আৰু তেওঁৰ সমষ্টিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিবলৈ সময় পাব।
জিমি গোমেজে এক বিবৃতিত কয় যে, “এথিক্স কমিটীৰ প্ৰতিবেদনৰ গুৰুত্ব মই বুজি পাওঁ। আগতে কোৱাৰ দৰে মই মোৰ বিবাহ বহিৰ্ভূত ব্যক্তিগত ভুলৰ সম্পূৰ্ণ দায়িত্ব লৈছো।”


