NORTHEAST NOW (Assamese)

অসমত স্থাপন হ’ব ভাৰতৰ দ্বিতীয়খন আঞ্চলিক আভ্যন্তৰীণ নৌচালনাবিদ্যা প্ৰতিষ্ঠান

July 18, 2018 2:57 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

অসমত অচিৰেই এখন আঞ্চলিক আভ্যন্তৰীণ নৌবিদ্যা প্ৰতিষ্ঠান স্থাপন হ’ব। এই প্ৰতিষ্ঠানটোৱে আভ্যন্তৰীণ জল পৰিবহণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব।

উল্লেখ্য যে অসমত স্থাপন হ’বলগীয়া এই  নৌচালনাবিদ্যা প্ৰতিষ্ঠানটো দেশৰ ভিতৰত এনেধৰণৰ দ্বিতীয়টো প্ৰতিষ্ঠান হ’ব।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক বি বি দেৱ চৌধুৰীয়ে কৈছে যে অসম চৰকাৰে ভূমি চিনাক্ত কৰিব পাৰিলে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষ্ঠানটোলৈ ৫০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ৰাজ্যখনত থকা দুটা ৰাষ্ট্ৰীয় জলপথ আৰু প্ৰস্তাৱিত ১৬টা জলপথৰ কথা বিৱেচনা কৰি এই প্ৰতিষ্ঠানটো এটা আন্তৰ্জাতিক মান বিশিষ্ট প্ৰতিষ্ঠান হোৱাৰ সম্ভাৱনীয়তা আছে।

এই আৱাসিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো প্ৰায় ২০ একৰ ভূমিত স্থাপন কৰা হ’ব। এই প্ৰশিক্ষণ  প্ৰতিষ্ঠানটোত বছৰি প্ৰায় ২০০০ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব।

ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলিত মাহৰ শেষৰ ফালে মাজুলীত ৪খন নতুন আধুনিক জাহাজ চলাচলৰ শুভাৰম্ভ কৰিব। ইয়াৰে দুখন হৈছে ২৮ মিটাৰ দৈৰ্ঘৰ কে’টামাৰে’ন  (catamaran ) শ্রেণীৰ একাধিক খোলযুক্ত জাহাজ। এই জাহাজ দুখনে ৬খন গাড়ীৰ লগতে ১০০ যাত্ৰী বহন কৰিব পাৰিব। প্ৰতিখনত ১.৯ কোটি টকা ব্যয়-সাপেক্ষে এই জাহাজ দুখন নিৰ্মাণ কৰা হৈছে। ‘দ্য আছাম ট্ৰিবিউন’ৰ প্ৰতিৱেদনত প্ৰকাশ পোৱা মতে এই জাহাজকেইখনৰ সম্পূৰ্ণ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিছে।

এটা চৰকাৰী সূত্ৰই জনোৱা মতে অহা মাহৰ ফালে মাজুলীত গাড়ী পাৰাপাৰ কৰা সেৱা (ro-ro servic) আৰম্ভ কৰাৰ সম্ভৱনা আছে।

উল্লেখ্য যে মাজুলীত তিনিটা পাৰঘাটেৰে প্ৰায় ৫,০০০ দ্বীপবাসীয়ে ব্ৰহ্মপুত্ৰ ইপাৰ-সিপাৰ হয়। মাজুলীত বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন জাহাজ পৰিচালনা কৰি আছে আৰু ব্যক্তিগত মালিকৰ পৰিচালনাৰ ৮টা ফেৰী সেৱা আছে।

Related News