অসমীয়া উপন্যাস সাহিত্যলৈ সুখবৰ : জয়ন্ত মাধৱ বৰাৰ ‘মৰিয়াহোলা’লৈ সাহিত্য অকাডেমি বঁটা

অসমীয়া সাহিত্যত নিজা কথন শৈলী আৰু কাহিনী নিৰ্মাণৰ দক্ষতাৰে বিশেষ স্থান দখল কৰি লোৱা ঔপন্যাসিক, গল্পকাৰ জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাত ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে তেওঁৰ জনপ্ৰিয় উপন্যাস ‘মৰিয়াহোলা’ৰ বাবে এই বঁটা লাভ কৰিছে। দহখনতকৈও অধিক উপন্যাস লিখা লেখকগৰাকীলৈ এই বঁটা তেওঁৰ সাহিত্য চৰ্চা আৰু গুণগত মানৰ প্ৰতি এক ডাঙৰ স্বীকৃতি বুলিব পাৰি। গোলাঘাট জিলাৰ দেৰগাৱঁত জন্ম গ্ৰহণ কৰা শ্ৰীযুত বৰাই যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। অসম সচিবালয়ত শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে কৰ্মৰত শ্ৰী বৰা বৰ্তমান পাঞ্জাবাৰীৰ বাসিন্দা।

সাহিত্য অকাডেমি বঁটা প্ৰাপক ঔপন্যাসিক জয়ন্ত মাধৱ বৰা।

মৰিয়াহোলাৰ মূল বিষয়বস্তু হ’ল জয়ধ্বজ সিংহৰ দিনত মোগলৰ সৈতে হোৱা যুদ্ধত বন্দী হিচাপে অসমত থাকি যোৱা মুচলমান যুদ্ধবন্দীসকলক ৰখা এখন ঠাই আৰু তাত তেওঁলোকৰ সংগ্ৰাম তথা তেওঁলোকৰ নামেৰে হোৱা ঠাইখনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কাহিনী। অসম বুৰঞ্জীৰস মতে ধনশিৰি উপত্যকাৰ নামদৈয়াঙত ৰখা ৯০০ মুচলমান যুদ্ধবন্দীক কাঁহ-পিতলৰ কাম কৰিবলৈ দিয়া হৈছিল। কাঁহ-পিতলৰ নিৰ্মাণকাৰ্য্যত মৰিয়াই মৰিয়াই কাম কৰিব লগা হৈছিল। সেয়ে তেওঁলোকক মৰিয়া নামেৰে জনা গ’ল। এই মৰিয়াসকলক এদিন ধানখেতিৰ কামত লগা হ’ল। কিন্তু তেওঁলোকে ধানখেতি কেতিয়াও কৰি পোৱা নাছিল আনকি বোকা-পানীত একো কামেই কৰিব নাজানিছিল। কিন্তু ৰজাৰ হুকুম মানি তেওঁলোকে খেতি কৰিবলৈ লাগে। তেওঁলোকে আন খেতিয়কে পথাৰ বোকা কৰা দেখি, নিজৰ সেই কলা নোহোৱা হেতু আৰু হালৰ গৰু নোহোৱা হেতু ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বোকা আনি পথাৰত সেইবোৰ পেলাই ধান খেতি কৰিছিল। পিছে তেনেকৈ কৰা খেতিৰ পৰা ৬০০টাহে ডাঙৰি পায়। তেতিয়াৰ পৰাই ‘নশ মৰিয়াৰ ছশ ডাঙৰি’ বুলি এটা অসমীয়া প্ৰৱচনো প্ৰচলিত হ’ল। তাৰ পিছৰ পৰা মৰিয়াসকল তাতে থাকিবলৈ ল’লে আৰু তেওঁলোকে মাটি খান্দি বোকা অনা ঠাইখনৰ নাম মৰিয়াহোলা হ’ল। এই ঠাইখন আৰু তাৰ মানুহখিনিৰ কাহিনীকে মূল বিষয়বস্তু হিচাপে লৈ বৰাৰ উপন্যাস খনৰ কাহিনী আগ বাঢ়িছে। উপন্যাসখন প্ৰকাশ হোৱাৰ পিছৰ পৰাই পাঠক সমাজত বেচ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৰিয়াহোলাৰ উপৰি তেওঁ আজান-ফকীৰ, নামত মাজুলী কহয় সৱে আদিকে ধৰি দহখনৰো অধিক উপন্যাস লিখিছে। উপন্যাসৰ উপৰি তেওঁৰ গল্প সাহিত্যতো সুনাম আছে আৰু ৮ খনকৈ গল্প সংকলন ইতিপূৰ্বে প্ৰকাশ হৈছে। ইয়াৰে ‘জাকৈয়া ছোৱালী’ গল্প সংকলনৰ বাবে তেওঁ অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা পাইছিল। শ্ৰীযুত জয়ন্ত মাধৱ বৰালৈ আগ বঢ়োৱা সাহিত্য অকাডেমি বঁটাই স্বাভাৱিকতে জয়ন্ত মাধৱ বৰাৰ সাহিত্য ভাল পোৱা পাঠকসকলৰ লগতে অসমীয়া সাহিত্যৰ সকলো শুভাকাংক্ষীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।