অসমীয়া চলচ্চিত্ৰৰ যশস্বী পৰিচালক মুনিন বৰুৱাৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

অসমীয়া চলচ্চিত্ৰৰ যশস্বী পৰিচালক, নাট্যকাৰ তথা নাট পৰিচালক মুনিন বৰুৱাৰ দেহাৱসানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে মুনিন বৰুৱাৰ বিয়োগ অসমীয়া চলচ্চিত্ৰ তথা নাট্য জগতৰ বাবে অপূৰণীয় ক্ষতি। প্ৰতিমাৰ পৰা আৰম্ভ কৰি শেহতীয়া প্ৰিয়াৰ প্ৰিয়লৈকে বহু কেইখন চিনেমা নিৰ্মাণ কৰাত প্ৰয়াত বৰুৱাই তেখেতৰ জনপ্ৰিয় চিনেমা প্ৰভাতী পখীৰ গান, দাগ, নায়ক, হিয়া দিয়া নিয়া, বিধাতা, বাৰুদ, দীনবন্ধু, ৰামধেনু, আদিৰ জৰিয়তে চিনেমা জগতলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে সমগ্ৰ জীৱন নাটক আৰু ছবি জগতৰ উৎকৰ্ষতাৰ বাবে কাম কৰি যোৱা এই গৰাকী পুৰোধা পৰিচালকৰ মৃত্যু আমাৰ সাংস্কৃতিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

মুখ্য মন্ত্ৰীয়ে যশস্বী পৰিচালক বৰুৱাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। মিডিয়া উপদেষ্টা গৰাকীয়ে বৰুৱাৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকশন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যশস্বী পৰিচালক গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ৰাজ্য চৰকাৰৰ হৈ বিশিষ্ট পৰিচালক গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে।