NORTHEAST NOW (Assamese)

অসমীয়া চলচ্চিত্ৰ ‘উল্কা’ৰ পোষ্টাৰ মুকলি কৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে

June 8, 2018 10:41 pm · কল্পজ্যোতি শইকীয়া
Updated: June 9, 2018 8:00 am

ইষ্টাৰ্ন গ্ৰীন পিকছাৰ্‌ছৰ বেনাৰত নিৰ্মিত হাস্যমধুৰ চলচ্চিত্ৰ ‘উল্কা’ৰ প’ষ্টাৰ ৰিলিজ আৰু ছ’চিয়েল মিডিয়াৰ জড়িয়তে টীজাৰ মুক্তি দিয়া হৈছে। এই চলচ্চিত্ৰৰ পৰিচালক হৈছে প্ৰণৱ বিবেক আৰু প্ৰযোজক ভাস্কৰ উপাধ্যায়। উল্কাৰ কাহিনী আৰু চিত্ৰনাট্য মানস চাগ্ৰাৰ। চিত্ৰগ্ৰহম কৰিছে অমিয়ৰঞ্জন দাসে।

উল্কাৰ কাহিনীভাগত সমাজৰ পৰম্পৰাগত অন্ধ-বিশ্বাসক উপলুঙা কৰা হৈছে। কাহিনীভাগত বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ জীৱনৰ এটা স্পৰ্শ আছে।

উল্কাৰ কাহিনীৰ উপস্থাপনাত এটা অভিনৱত্ব আছে আৰু সেয়েহে চলচ্চিত্ৰখনে পাঠকৰ হৃদয় স্পৰ্শ কৰিব বুলি আশা গৈছে।

সুদক্ষ অভিনেতা ৰূপম চেতিয়াই গুণেশ্বৰ নামৰ চৰিত্ৰটো ৰূপূয়ণ কৰিছে। এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েই উল্কাৰ কাহিনীভাগে গতি লাভ কৰিছে। ছাত্ৰাৱাসৰ জীৱনৰ এটা এটা পাতলীয়া মুহূৰ্তৰ ধেমালীয়ে  গুণেশ্বৰৰ বৈচিত্ৰহীন জীৱনলৈ উত্থান-পতন লৈ আহে তাকেই উল্কাত দেখুওৱা হৈছে।

উল্কাৰ প’ষ্টাৰ মুক্তিৰ কাৰ্যসূচীটো মুকলি কৰে অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে।

উল্কাৰ সংগীত পৰিচালনা ইবছন লাল বৰুৱাৰ উল্কা শীৰ্ষক মুখ্য গীতটোত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। ‘তৰাৰ দৰে’ গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হৈছে ৰূপম চেতিয়া, মিনু বনিয়া, পংকজ মহন্ত, প্লীজষ্ট’ন ইংতি, অমিত কুমাৰ বৰা, অলিস্মিতা গোস্বামী, পাপৰি কৰিতা, ৰূপম বৰুৱা, ৰুমা কলিতা, অৰিন্দম বৰা, মদন তালুকদাৰ ইত্যাদি। অতিথি শিল্পী হিচাপে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত ভূমুকি মাৰিছে নিপন গোস্বামী, বাহৰুল ইছলাম, অৰুণ হাজৰিকা, কবিন দাস, ৰূপম বৰুৱা, প্ৰদীপ নিশিথ আৰ্ৰু সত্যেন শৰ্মাই।

চলচ্চিত্ৰখনৰ সম্পাদনা/ডি আই কলৰিষ্ট-অসীম শৰ্মা, কাৰ্যকৰী প্ৰযোজক মেঘৰাজ টিমচিনা, বিনিতা উপাধ্যায়। সহকাৰী পৰিচালক- ধ্ৰুৱজীৎ বৈশ্য, মৃণাল বৰ্মণ, দেৱজীত দাস আৰু মৃণাল ডেকা। ৰূপসজ্জা—ৰুমী গোস্বামী আৰু ধন শৰ্মাৰ।

Related News