অসমীয়া চিকিৎসকৰ প্ৰচেষ্টাত মৃত্যুৰ পিছতো চাৰিজনক জীৱনদান দিয়া যুৱকজনৰ কথাৰে…

indraprasth

মৃত্যুৰ পিছতো ৪ জনকৈ ৰোগাক্ৰান্ত লোকক জীৱন দান কৰিলে দিল্লীৰ এজন যুৱকে। আনহাতে দিল্লীৰ এপল’ হাস্পতালত ক্ষিপ্ৰতাৰে সম্পন্ন এই চিকিৎসা অভিযানৰ নেতৃত্ব বহন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন অসমীয়াই।

উল্লেখযোগ্য যে যোৱা ৭ এপ্ৰিলত নিজৰ কাৰ্যালয়লৈ গৈ থকাৰ পথত দিল্লীত দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী ২৬ বছৰীয়া MBA অধ্যয়নৰত ছাত্ৰ। প্ৰায় ততালিকে অতি সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল’ হাস্পতালত।

কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টাক ব্যৰ্থ প্ৰতিপন্ন কৰি যোৱা ১৫ এপ্ৰিলত মৃত্যুক সাবটিলে যুৱকজনে। লগে লগে তেওঁৰ মাতৃয়ে ল’লে এক অকল্পনীয় সিদ্ধান্ত। মৃত্যুৰ পিছতো পুত্ৰক কিছু পৰিমাণে জীয়াই ৰখাৰ স্বাৰ্থত যুৱকজনৰ হৃদযন্ত্ৰ, যকৃৎ আৰু দুয়োটা বৃক্ক দান দিয়াৰ কথা ঘোষণা কৰিলে সাহসী মাতৃগৰাকীয়ে।

কিন্তু সমস্যা হ’ল এই গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰৰ বাবে বিশেষজ্ঞ চিকিৎসক ডাঃ ভবানন্দ দাস বিহুৰ ছুটীত গুৱাহাটীত থকাত। কিন্তু হাস্পতাল কৰ্তৃপক্ষৰ পৰা খবৰটো পায়েই প্ৰথম ব’হাগৰ দিনটোত লগে লগে দিল্লীলৈ উৰা মাৰিলে ডাঃ দাসে। নিশাই তেওঁ যুৱকজনৰ দেহৰ পৰা হৃদযন্ত্ৰ আঁতৰাই আনি ৩৩ বছৰীয়া এজন যুৱকৰ শৰীৰত সংৰোপণ কৰিলে। আন বিশেষজ্ঞই যকৃত সংৰোপণ কৰিলে ৪৯ বছৰীয়া এজন লোকৰ শৰীৰত।

আনহাতে যুৱকজনৰ সমবয়সীয়া এজন লোকৰ শৰীৰত সংৰোপণ কৰা হ’ল এটা বৃক্ক। আনটো বৃক্ক দিল্লীৰ আন এখন হাস্পতালত আন এজন লোকৰ শৰীৰত চিকিৎসকে সংৰোপণ কৰিলে।

উল্লেখযোগ্য যে বৃক্ক আৰু যকৃততকৈ জটিল আছিল হৃদযন্ত্ৰ সংৰোপণ প্ৰক্ৰিয়া। যুৱকজনৰ হৃদযন্ত্ৰ সংৰোপণ কৰা ব্যক্তিজনৰ শৰীৰৰ পৰা মঙলবাৰৰ নিশা খুলি দিয়া হৈছে ভেণ্টিলেশ্যন। আনহাতে তেওঁ ক্ৰমশঃ সুস্থ হৈ উঠিছে। লগে লগে প্ৰথম ব’হাগত এটা ভাল কাম কৰাৰ বাবে হাঁহি বিৰিঙিছে ডাঃ ভবানন্দ দাসৰ মুখত।

স্মৰ্তব্য যে এইজন অসমীয়া চিকিৎসকৰ নেতৃত্বতে ৯০ৰ দশকত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে AIIMSত সফলতাৰে সংৰোপণ কৰা হৈছিল হৃদযন্ত্ৰ।