NORTHEAST NOW (Assamese)

অসমীয়া ভাষাৰ সংকটৰ প্ৰসংগত বোকাখাতত স্থানীয় নাগৰিকেৰে পৰমানন্দ ৰাজবংশীৰ মত-বিনিময়

July 10, 2018 3:21 pm · উত্তম শইকীয়া

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত ৯ জুলাইত অসমীয়া ভাষাৰ সংকটৰ পটভূমিত এক বিশেষ মতবিনিময় অনুষ্ঠান অনুস্থিত হয় ৷ সভাৰ প্ৰেক্ষাগৃহত অায়োজিত এই অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে স্থানীয় দল সংগঠন আৰু নাগৰিকৰে মত-বিনিময় কৰে ৷

পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা আৰু গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাব, সাংবাদিক সন্থা, মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,  মিচিং সাহিত্য সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, জ্যেষ্ঠ নাগৰিক মঞ্চ, চাহ জনজাতি সাহিত্য সভা, জিলা ক্ৰীড়া সন্থা, টাই আহোম ছাত্ৰ সন্থা, বোকাখাত নাট্য মন্দিৰ, আদি বিভিন্ন দল-সংগঠনে অংশ গ্ৰহন কৰে।

অনুষ্ঠানত পৰমানন্দ ৰাজবংশীয়ে অসমীয়া ভাষাৰ দুৰৱস্থাৰ বিভিন্ন কাৰণ সমুহ দাঙি ধৰি অসমৰ দুখন প্ৰধান বিশ্ববিদ্যালয়ক এই দুৰৱস্থাৰ বাবে দোষাৰোপ কৰে। ৰাজ্যখনত অসমীয়া ভাষাৰ প্ৰচলন বাধ্যতামুলক কৰাৰ বাবে উপস্থিত লোক সকলৰ পৰা পৰামৰ্শ বিচাৰে সভাপতি গৰাকীয়ে।

পৰমানন্দ ৰাজবংশীৰ উপৰিও কালিৰ সভাত অসম সাহিত্য সভাৰ যুৱ সাংসদ উপ সমিতিৰ কাৰ্যকৰী সভাপতি হবিবুৰ ৰহমান, মাতৃ ভাষা প্ৰয়োগ সমিতিৰ উপ সভাপতি অনঙ্গ কুমাৰ নাথ, সাংগঠনিক সম্পাদক ক্ৰমে বিপুল শৰ্মা বৰুৱা আৰু দিগন্ত কুমাৰ ভূঞা আৰু ৰাজ্য ভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক হেমেন হাজৰিকাৰ লগতে গোলাঘাট জিলা আৰু বোকাখাতৰ পুৱতি সাহিত্য সভাৰ বিষয়ববীয়া উপস্থিত থাকে  ৷

Related News