অসমীয়া হোৱাৰ অসুস্থ প্ৰতিযোগিতা- ভাল ভাৰতীয় হোৱাৰ উত্তম চিন্তাৰ অভাৱ কিয়?

Assamese_Who

অসম-ভাৰত সংঘাত বাস্তৱ সত্য। সেইবাবেই আলফা-চৰকাৰৰ আলোচনা চলি আছে। অসমীয়া আৰু ‘অনা-অসমীয়া’ৰ সংঘাত ৰাতিটোৰ ভিতৰতে এজন পোৱালি সাংবাদিকৰ বা এজন টিলিকা নেতাৰ সৃষ্টি নহয়। অসমীয়া আৰু ‘অনা-অসমীয়া’ৰ বিশেষতঃ মানসিক ব্যৱধানটো কমাই অনাৰ সৰ্বাধিক দায়িত্ব ‘অনা-অসমীয়া’ বুলি সাধাৰণতে অভিহিতসকলৰ। …বাংলাদেশী এজনে কাঁটাতাঁৰ পাৰ হৈ আহি এজনী গাৰো, খাচি, অসমীয়া ছোৱালী বিয়া পাতিলেই জনজাতি বা অসমীয়া বা ভাৰতীয় হ’ব নোৱাৰে।

… কনকসেন ডেকাই জতুগৃহ উপন্যাসত লিখিছিল- ভাৰত স্বাধীন হৈছে। অসমৰ জকাইচুকীয়া গাঁৱতো স্বাধীনতা লাভৰ উৎসৱ চলিছে। উৎসৱৰ আনন্দ শেষ হোৱাই নাই, সেই জকাইচুকীয়া গাঁৱলৈ আহি গোলা পাতি বহিছে বহিৰাগত কেঞাই। এক নব্য অৰ্থনৈতিক আগ্ৰাসনে এনেকৈয়ে সম্প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিছিল,  ফাঁচিবজাৰ আজি যাৰ প্ৰাণকেন্দ্ৰ। হোমেন বৰগোহাঞিৰ পিতা-পুত্ৰ উপন্যাসতো এয়া বৰ্ণিত হৈছে।

… আজিও অসমৰ বহুত গাঁৱলৈ যিদৰে স্বাধীন ভাৰতৰ আনন্দ সম্প্ৰসাৰিত হোৱা নাই, সেইদৰে কিজানি থলু্ৱা অসমীয়াই অৰ্থনীতি নিজৰ আয়ত্তলৈ অনাৰ আগতেই জাতি হিচাপে নিঃশেষ হৈ যাব। এয়াই সত্য। এই সত্যক নেওচা দিয়া মানেই নিজক আভুৱা ভাঁৰা। … অসমীয়া-‘অনা-অসমীয়া’ৰ মানসিক ব্যৱধানটোৰ এক বহল প্ৰেক্ষাপট আছে। এই ব্যৱধান কমি অহাটো ময়ো বিচাৰোঁ। … ডিঙিত গামোচা ল’লেই অসমীয়া হ’ব পৰাৰ ফৰ্মূলা ঠিক নহয়।

…ঘিচালাল আগৰৱালা বা নিৰ্মল চাহেৱালাক অসম সাহিত্য সভাৰ সভাপতি হিচাপে মই মানি ল’ব নোৱাৰিম। এই মানসিক দ্বিধাৰ বাবে মই দায়ী নহয়। …আম্বানীয়ে এটা অসমীয়া নিউজ চেনেল খুলিছে, কে’বা হাজাৰ কোটি টকা অসমত ইনভেষ্টো হয়তো কৰিছে বা কৰিব, ডিঙিত গামোচা এখন লৈ কাইলৈ তেওঁ ‘মই অসমত অমুক কৰিছোঁ, তমুক কৰিছোঁ, মই অসমীয়া’ বুলি ক’লেই তেখেত অসমীয়া হৈ যাব বুলি মোৰ মনে নকয়।

… মিলিন্দ সুমনে এজনী অসমীয়া ছোৱালী বিয়া পাতিছে, তেওঁ অসমৰ জোঁৱাই। কিন্তু অসমীয়া হয়নে ! … গৌৰৱ গগৈৰ শ্ৰীমতী কি! অসমীয়া হয়নে নহয়! … ছোনিয়া গান্ধী আজিও বহুতৰ বাবে ভাৰতীয় হ’ব নোৱৰাটো সত্য নহয়নে! … বহুত সম্ভ্ৰান্ত, শিক্ষিত বাঙালী দেখিছোঁ, যিসকলক মই অসমীয়া বুলিয়েই ভাবিছিলোঁ, তেওঁলোকে “আমি অসমীয়া” বুলি নকৈ “আমৰা বাঙালী” বুলি কোৱা দেখি মৰ্মাহত হৈ থৈছোঁ।

অসমত এটা প্ৰৱণতা দেখোঁ- বাংলাদেশী মিঞায়ো অসমীয়া হ’ব বিচাৰে, বিহাৰী-বাঙালী-মাৰোৱাৰীও অসমীয়া হোৱাৰ কচৰৎ কৰে -এক প্ৰকাৰ বলিয়ালিয়ে বুলি ক’ব পাৰি। প্ৰকৃত অসমীয়াতো কোনেও নহয়, আৰু হ’বও নোৱাৰে। আৰু মোৰ মতে হ’বও নালাগে। বিহাৰী বিহাৰী হৈ থাকক, মিঞায়ে মিঞা, মাৰোৱাৰীয়ে মাৰোৱাৰী, বাঙালীয়ে বাঙালী।

… এই অসমীয়া বুলি কাৰ্পেট কাভাৰটো গাত মেৰিয়াই লোৱাৰ অদম্য হেঁপাহ কিয়! বিভিন্ন সম্প্ৰদায়ৰ লোকবোৰৰ অসমীয়াহে হ’বলৈ উন্মাদনা কিয়! ভাল ভাৰতীয় হৈ অসমত থকাত অসুবিধাটো তেওঁলোকৰ কি, মই বুজি নাপাওঁ। ভাল ভাৰতীয় হ’ব পৰাটোৱেই উত্তম চিন্তা নহয় জানো! ইমানবোৰ অসমীয়া থকা হ’লে মুখ্য মন্ত্ৰী কেশৱ মহন্তয়েহে হ’ব লাগিছিল বা অতুল বৰায়ে হ’ব লাগিছিল, ফণীভূষণ চৌধুৰীয়ে হ’ব লাগিছিল। হৈছে জানো!

এই ‘অসমীয়া’ কিমানজনৰ ঘৰত শংকৰদেৱৰ ফটো আছে, পদ্মনাথ গোহাঞি বৰুৱাৰ ফটো আছে, অম্বিকাগিৰিৰ ৰচনাৱলী আছে, কীৰ্তন বা হেজাৰী ঘোষাখন আছে, ৰাখিছে চ্যুকাফাৰ ফটো এখন ঘৰত! বোল বোম, ষটপূজা, হনুমান জয়ন্তী যে পাতে, ফাঁচি বজাৰৰ কেইজনে আলি-আই-লৃগাং পাতিছেহে বা পাণ্ডুৰ কেইজনে মে-দাম-মে-ফি বুলি সেৱা এভাগ যাচিছে! নে এইবোৰ অসমীয়াৰ সংস্কৃতি নহয়!  গণ্ডগোলটো তেনেহ’লে ক’ত! অসুবিধাতো তেওঁলোকক আমি জনাত কোনেও কৰা নাই। কিবা অসুবিধা হৈছে -অসমীয়াৰো হৈছে, বিহাৰী-মাৰোৱাৰীৰো হৈছে, ভাল হৈছে সকলোৰে একেলগে হৈছে, বেয়া হৈছে সকলোৰে একেলগে হৈছে। তেনেহ’লে বিহাৰী-মাৰোৱাৰী হৈ থাকিলে কেৱল তেওঁলোকৰ বাবেহে ভূমিকম্প হ’ব বুলি তেওঁলোকৰ মনত অহৈতুক আতংক কিয়! বৰ অসমৰ মাটিত যাৰ ইতিহাস, বড়োৱেতো নিজক বড়ো বুলি কয়, কাৰ্বিয়ে কাৰ্বি বুলি কয়, কোচ-ৰাজবংশীয়ে কোঁচ বুলি কয়। অসমত থকা বিহাৰী-বাঙালী-মাৰোৱাৰীক অসমীয়া হ’বলৈহে লাগে যে মোৰ বাবে বিষয়টো অলপ অবোধ্য।

সন্দেহ নাই তেওঁলোকে অসমত থাকি অসমৰ বায়ু-পানী সেৱন কৰি অসমীয়া মাত-কথা, সংস্কাৰ-আচাৰ আকোঁৱালি ল’লে স্বাভাৱিকভাৱেই অসমীয়া টেগটো পাবই। কিন্তু বেমাৰটো কিয়! অপৰাধ কৰিবা আৰু আইনৰ পৰা হাত সাৰিবলৈ তুমি আজি নিজকে নতুন দিনৰ জ্যোতিপ্ৰসাদ বুলি ক’বা, কাইলৈ সুবোধ বিশ্বাসক আইনে শাস্তি দিব আৰু তেওঁ ক’ব ‘মই অসমত নতুন দিনৰ হেমাংগ বিশ্বাস’! হিপ’ক্ৰিচিৰো এটা সীমা থকা উচিত নহয়নে!

একাংশ বাঙালী-মাৰোৱাৰীৰ মাজতহে এই বেমাৰটো প্ৰৱল। আনবোৰৰ মাজত নাই। কিছুমানৰ “আমৰা বাঙালী” বুলি সংস্থা আছে -তেওঁলোক স্পষ্ট যে তেওঁলোক বাঙালী, অসমীয়া নহয়। অসমত থাকে, আয়-ইনকাম, চাকৰি-বেপাৰ-বাণিজ্য কৰে সেইটো বেলেগ কথা। সেইদৰে মাৰোৱাৰী মঞ্চ আছে, জাট সমাজ আছে।

তাতোকৈ আমোদজনক কথা হৈছে -কোনোবাই কিবা বোলে জ্যোতিপ্ৰসাদ, আকৌ কাৰোবাক নাম দিয়ে ছাদুল্লা, এইফালে বোলে নহয় মই ছান্দসাই। শংকৰদেৱক লৈ চিনেমা বনাইতো কোনোৱেই শংকৰদেৱ বুলি দাবী কৰা নাই। পৰিস্থিতি এনেকুৱা প্ৰকৃত অসমীয়াই এই উৎপাতৰ মাজত আইডিয়েল কিবা এটা হ’বলৈ বৰেণ্য ব্যক্তিৰেই অভাৱ এতিয়া।

সমাজখনত চলি থকা এইবোৰ অশুভ প্ৰতিযোগিতা, সকলোৰে মাজত নহয়, একাংশৰ মাজত, দুৰ্ভাগ্যজনক আৰু সমানেই বৰ হাস্যকৰ। প্ৰতিযোগিতায়ে এই স্তৰ পালে -খিলঞ্জীয়াক পিটি, খিলঞ্জীয়াৰ ঘৰ-প্ৰতিষ্ঠানত অত্যাচাৰ চলাই হিৰোৰ ভাও লোৱাৰ আৰু খিলঞ্জীয়াৰ পৰাই বীৰপূজা পাব পৰাৰ দিনো আহিল এই অসম মুলুকত! শেষত এয়েই ক’লোঁ -“ভাষাত শত্ৰু/দেশত শত্ৰু/কলা-সাহিত্যত/সংগীত-শিল্পত/সোমাল শত্ৰু তোৰ ভিতৰত/শত্ৰু আহিছে বেয়া বতৰত/মণিকূট গৈ পোৱাৰ আগত/সমূলে নিপাত কৰ/আপোনাৰ ঘৰ/ৰাখিবলৈ তই/কালৰ মূৰ্তি ধৰ” —জ্যোতিপ্ৰসাদ ।

আজি পুৱা উবেৰ চালকৰ ওপৰত মহিলা আৰোহী দুগৰাকীয়ে চলোৱা নিৰ্যাতনৰ ভিডিঅ’ও এটা চোৱাৰ পাছত মনে কৈছে -হোটেলত কাম কৰা ল’ৰা, ড্ৰাইভাৰ এনেকুৱা সৰু মানুহবোৰে যেতিয়া ভদ্ৰতাৰ আচৰণ কৰিছে বা সংযমৰ প্ৰমাণ দিছে, তেতিয়াই তাৰ বিপৰীতে মধ্যবিত্ত আধিপত্যবাদীৰ ভণ্ডামিৰ স্খলনে সীমা চেৰাইছে। কবিজনে হোটেল বয়ৰ ওপৰত গুণ্ডামি কৰি অসমীয়া বুলি আৰু সাহিত্য কৰাৰ কাভাৰ লৈ নিজক বচাব খোজাটো ভণ্ডামি নহয়নে! লগতে সেইসকল গল্পকাৰ, ঔপন্যাসিক, সমালোচক, সাংবাদিক, কবিক গৰিহণা দিছোঁ যিসকলে কবিবৰৰ অসভ্যালিৰ বাতৰি পৰিবেশন কৰাৰ বাবে নিৰ্দিষ্ট সংবাদগোষ্ঠী দুটাক তিৰস্কাৰ কৰিছে আৰু পুনৰাই এই বিষয়ে বাতৰি নকৰিবলৈ খাটনি ধৰিছে। সেইবোৰ সংবাদগোষ্ঠীকো গৰিহণা দিছোঁ যিসকলে সকলো জানি-শুনিও বাতৰিটো নকৰিবলৈ উটপক্ষীৰ দৰে বালিত মূৰ গুঁজি নিজকে লুকুৱাইছে। কবিজনৰ এখন দীঘলীয়া ফেচবুক ৰচনা মোক কোনোৱে হুৱাটচ এপত পঢ়ুৱালে। কোনো শিক্ষিত ভদ্ৰলোককে সেইখন পঢ়াৰ পাছত আৰু ফেচবুক, হুৱাটচ এপত উপলব্ধ ভিডিঅ’কেটা চোৱাৰ পাছত কবিৰ নিজকে শুদ্ধ সজাবলৈ কিমান নীচ আৰু ব্যৰ্থ প্ৰচেষ্টা, প্ৰয়োজনত নিজৰ অভীষ্ট সিদ্ধিৰ বাবে অসমীয়াত্বকো ব্যৱহাৰৰ নিকৃষ্ট উপায় অৱলম্বনক বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই। ইমান দীঘল ৰস ৰচনাৰে সাহিত্য-প্ৰতিভাৰ উমান দিয়াতকৈ পোনপটীয়াকৈ ‘হয় মই হোটেল বয়জনক চৰিয়াইছোঁ, মালিকজনক ডিঙিত ধৰি দেৱালখনত ঠেকেছি দিছোঁ, বয়-বস্তু লণ্ড-ভণ্ড কৰিছোঁ’ বুলি নিজৰ ভুলটোক ভুল বুলি স্বীকাৰ নকৰে কিয় এনেবোৰ কবি, বুদ্ধিজীৱীয়ে সেয়াহে বৰ আশ্চৰ্যৰ বিষয়! নিজৰ ভুলক ভুল বুলি ক’ব পৰাৰ এইকণ সৎসাহসো নাই অথচ কি এক গঙাটোপ পৰিচিতি নিৰ্মাণৰ ব্যৰ্থ চেষ্টা!

আমি জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ-ভূপেন হাজৰিকা-হেমাঙ্গ বিশ্বাস-ৰসৰাজৰ মেৰুদণ্ডেৰে গঢ় লোৱা অসমীয়া জাতি। দুৰ্দিন, দুৰ্যোগ বহু আহিল। দুৰ্ভোগো হ’ল। কিন্তু ইমান লেৰেলা বুলিও ভবা অনুচিত। বাঙালী-বিহাৰী-মাৰোৱাৰী আমি সকলোৱেই অসমীয়া, তাৰে মাজত কিছুসংখ্যক প্ৰকৃত অসমীয়া, খিলঞ্জীয়া। ত্ৰিপুৰাৰ খিলঞ্জীয়া সকলৰ দৰে অসমৰ খিলঞ্জীয়াৰো দুৰৱস্থা কৰিবলৈ আমি এৰি দিব নোৱাৰোঁ। হোটেলৰ বনুৱা-শ্ৰমিক, ৰিক্সাৱালা-ঠেলাৱালা, ডিটিপি অ’পাৰেটৰ-কেমেৰামেন, ড্ৰাইভাৰ-হেণ্ডিমেন, খেতিয়ক-পাচলিৰ বেপাৰী খাটিখোৱা শ্ৰেণীৰ লোকক মাৰধৰ কৰিবলৈ উৎসাহিত কৰিব নোৱাৰোঁ আৰু মাৰধৰ কৰা লোকক ৰক্ষা কৰিবলৈ ওলোৱা সকলকো, লাগে তেওঁলোকেও যিমান বিখ্যাত ৰম্য ৰচনা, প’ষ্ট ম’ডাৰ্ন উপন্যাসেই লিখক বা সমালোচনা লিখক, গৰিহণা নিদিম কিয়! ভুল মানুহৰেই হয়। সেইবুলি মাৰপিট-উদ্ভণ্ডালি-গুণ্ডামিক আমি উৎসাহিত নকৰোঁ।

পশ্চিম অসমত পূৰ্ববংগীয় মূলৰ লোকসকলে অতি সম্প্ৰতি মিঞা ভাষাত কবিতা লিখিবলৈ লৈছে, গল্প-প্ৰৱন্ধ লিখিছে, চিটিজেন জাৰ্নেলিজম কৰিছে। তাই-আহোমসকলেও তাই-আহোম ভাষা-সংস্কৃতিৰ বিকাশৰ বাবে উদ্যোগ বহুদিনৰ পৰাই লৈছে। বাগানীয়াসকলৰো নিজস্ব ভাষা-সংস্কৃতি আছে। অসম বিভিন্ন ভাষা-ভাষী, জাতি-উপজাতিৰ বাসস্থান। বড়ো ভাষাৰ দৰেই মিঞা ভাষা, তাই-আহোম, মিচিং, দেউৰী, বাগানীয়া ভাষায়েও ৰাজ্যিক ভাষাৰ মৰ্যাদা পাব লাগে।

প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত প্ৰতিটো ভাষিক জনগোষ্ঠীৰে নিজস্ব মুখৰ ভাষাত শিক্ষালাভৰ সুযোগ সকলোৱে পোৱা উচিত। কেৱল প্ৰাচীন কামৰূপী ভাষাৰ আধাৰত গঢ় লোৱা সুৱদী সুৰীয়া অসমীয়া ভাষাটোৰেই আধিপত্য থাকক, আন ভাষাবোৰ মানুহৰ মুখৰ পৰা হেৰাই যাওক -তেনে জাতীয়তাবাদে আমাক শক্তিশালী নকৰে।

তেনে জাতীয়তাবাদ সুস্থ জাতীয়তাবাদো নহয়। সেইবাবে তেনে অসমীয়া হোৱাৰ অসুস্থ প্ৰতিযোগিতাৰ প্ৰয়োজন নাই। ভাল ভাৰতীয় হৈ প্ৰতিটো জনগোষ্ঠীয়ে নিজস্ব ভাষা-সংস্কৃতিৰ পৰিচিতিৰে উজলি উঠি প্ৰতিৱেশী প্ৰতিটো জনগোষ্ঠীৰ পৰিচিতিক সন্মান কৰিবলৈ শিকোহঁক চোন। মই বিহুগীত গাওঁ, মোৰ প্ৰতিৱেশীজনে ৰবীন্দ্ৰ সংগীত গায়। ময়ো ৰবীন্দ্ৰ সংগীত গাবলৈ তেওঁৰ পৰা শিকিলোঁ। তেৱোঁ মোৰ পৰা বিহুগীত গাবলৈ শিকিলে। মোৰো বাঙালী বুলি নিজকে পৰিচয় দিয়াৰ তাড়না জন্মা নাই, তেওঁৰো অসমীয়া বুলি পৰিচয় দিয়াৰ তাড়না ওপজা নাই। দুয়োৱে নিজৰ নিজৰ পৰিচয়ৰে ভাল ভাৰতীয় হৈ থকাত আপত্তি কৰিব লগীয়া কিবা আছে জানো! আমি এনেকৈ সভ্যতাক শক্তিশালী কৰিবলৈ নোৱাৰিম নেকি! নে কলকাতাত মই বাঙালী, গুৱাহাটীত তেওঁ অসমীয়া হ’বই লাগিব! ৰিক্সাৱালা-ঠেলাৱালা, হোটেল বয়ক মাৰপিট কৰা এইবোৰে অসমীয়াৰ পৰিচিতিক সবল কৰিব নে অসমীয়াৰ পৰিচিতিৰে অসমীয়াক খাটিখোৱা মানুহৰ ওপৰত নিৰ্যাতন চলোৱা নিৰ্যাতনকাৰী জাতি বুলি বদনামী কৰিব! এনে বদনামী কৰাৰ ষড়যন্ত্ৰ কিয়! অসমীয়া তেনেকুৱা জাতি হয় জানো -ব্ৰিটিছেহে চাহ জনগোষ্ঠীৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল, বেপাৰী-তেজশোহা মহাজনবোৰেহে গোমস্তা পুহি চাবুকেৰে চেটেপ চেটেপ কোবাইছিল! অসমীয়া জাতিৰ মূৰত ক’তা এই কীৰিটি! চৰাইদেউলৈ আমিও গৈছোঁ। গুৱাহাটীত অৰ্ধেক জীৱন গ’ল। নাইতো অসমীয়াৰ এনুৱা কুকীৰ্তি!

ধ্ৰুৱাৰ্ক চৌধুৰী, গুৱাহাটীস্থিত এজন লেখক।