অসমৰ অৰুণাভ দত্তলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনিঙৰ ৰাজ্যিক বঁটা
ছাউণ্ড ডিজাইনিঙৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান অমৃত প্ৰীতমৰ পদাংক অনুকৰণ কৰি উজলিবলৈ সক্ষম হৈছে যোৰহাটৰ অৰুণাভ দত্ত।
জানিব পৰা মতে মাৰাথী ছবি Kshitij – A Horizonত কৰা ছাউণ্ড ডিজাইনিঙৰ বাবে অসম সন্তান অৰুণাভ দত্তলৈ মহাৰাষ্ট্ৰ চৰকাৰে আগবঢ়াইছে শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনিঙৰ বঁটা। উল্লেখযোগ্য যে অস্কাৰ বিজয়ী ছাউণ্ড ডিজাইনাৰ ৰিছুল পুক্কুটিৰ সৈতে একেলগে মুম্বাইত অহা ৩০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এটি আকৰ্ষণীয় অনুষ্ঠানত অৰুণাভক এই বঁটা প্ৰদান কৰা হ’ব।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰি অৰুণাভে প্ৰাথমিক অৱস্থাত অমৃত প্ৰীতম আৰু ৰিছুল পুক্কুটিৰ তত্তাৱধানত কাম কৰিছিল।
ৰিছুল পুক্কুটিৰ ষ্টুডিঅ’তে অৰুণাভে বিগত প্ৰায় দহ বছৰে বলিউডৰ বিগ বাজেটৰ ছবি ৰা ৱান, ৰ’ব’ট, গজনী, ইংলিছ ভিংলিছৰ লগতে প্ৰায় ৬০ খন ছবিত ছাউণ্ড ডিজাইনিঙৰ কাম কৰি আহিছে।
অৰুণাভ দত্ত হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ সন্মান লাভ কৰা দ্বিতীয় গৰাকী অসম সন্তান। ইয়াৰ পূৰ্বে একেটা শিতানত A Rainy Day নামৰ ছবিখনৰ বাবে অমৃত প্ৰীতমে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।