অসমৰ উন্নয়নত প্ৰবাসী সকলক সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান মুখ্য মন্ত্ৰীৰ

এখন নতুন ভাৰত নিৰ্মাণৰ লক্ষ্যত অসমক বিকাশৰ এক ‘নুতন ইঞ্জিন’ হিচাপে পৰিগণিত কৰাৰ দিশত কৰ্ণাটকত থকা প্ৰবাসী অসমীয়া সকলক সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মঙলবাৰে বাংগালোৰৰ প্ৰবাসী অসমীয়া সকলৰ সৈতে এক অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰী গৰাকীয়ে অসমৰ উন্নয়নত প্ৰবাসী সকলক সহযোগিতাৰ হাত আগবঢ়াবলৈ আহ্বান জনাই কয় ‘যদিও আপোনালোকে বৃত্তিৰ খাতিৰত ৰাজ্যখনৰ পৰা বহু আঁতৰত থাকিব লগা হৈছে তথাপি সেই দূৰত্বই আপোনালোকক ৰাজ্যখনৰ উন্নতিৰ সক্ৰিয় সহযোগী হোৱাত হেঙাৰ হিচাপে থিয় দিব নোৱাৰে।’ ৰাজ্যখনৰ প্ৰায় সকলো ক্ষেত্ৰতে থকা ব্যাপক সম্ভাৱনাৰ এক চমু আভাস দি সোণোৱালে প্ৰবাসী অসমীয়া সকলৰ আগত চৰকাৰে ৰাজ্যখনৰ প্ৰগতিৰ উদ্দেশ্যে লোৱা পদক্ষেপ সমূহ অৱগত কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি কয় যে ই অসমক দক্ষিণ-পূব এছিয়াৰ ১০ খন দেশৰ প্ৰবেশদ্বাৰ হৈ উঠাত বহু সুযোগ কঢ়িয়াই আনিব। গুৱাহাটীত অহা ৩-৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বিনিয়োগ সন্মিলন ২০১৮ৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কৰ্ণাটকত থকা অসমীয়া লোক সকলক সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।