অসমৰ এন আৰ চি দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে পথপ্ৰদৰ্শক হওক : ৰাজ্যপাল জগদীশ মুখী

Jagadish Mukhi

‘অসমৰ এন আৰ চি  দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে পথপ্ৰদৰ্শক হওক’ এই আহ্বান অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ। এন আৰ চিৰ প্ৰসংগক লৈ ৰাজ্যসভা-লোকসভা উভয় সংসদ উত্তপ্ত হৈ থকাৰ সময়তে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যপাল গৰাকীয়ে।

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ধৰ্মালোচনা সভাত অংশ লৈ জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত এক ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত এই মন্তব্য প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে ৷ অসমত চলি থকা এন আৰ চিয়ে সমগ্ৰ দেশবাসীলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলিও কয়  ৰাজ্যপাল জগদীশ মুখীয়ে।

অসমৰ এন আৰ চি দেশৰ প্ৰতিখন ৰাজ্যৰ  বাবে পথ প্ৰদৰ্শক হোৱা উচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ এন আৰ চিক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি ৰাইজক অভয়বাণী প্ৰদান কৰে। আনহাতে, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দল সমূহে এন আৰ চিক লৈ ব্যাপক অপপ্ৰচাৰত লিপ্ত হোৱাৰ সময়তে মুখীয়ে সংবাদ মাধ্যমক স্পষ্টভাৱে কয় যে প্ৰতিজন প্ৰকৃত ভাৰতীয়ৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব।

এন আৰ চিক লৈ ৰাইজক ভুল বাৰ্তা প্ৰেৰণ নকৰাৰ বাবেও ৰাজনৈতিক দলসমূহক আহ্বান জনায় ৰাজ্যপাল গৰাকীয়ে ৷ ইপিনে এন আৰ চিৰ বিৰুদ্ধাচৰণ কৰি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসম অশান্ত কৰিবলৈ চলোৱা তৎপৰতাৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যপাল মুখীয়ে কয় যে এগৰাকী ৰাজ্যপাল হিচাপে ৰাজনৈতিক বিষয়ত তেওঁ মন্তব্য দিয়াটো অনুচিত। অৱশ্যে এখন ৰাজ্যত বা দেশত কিমান সংখ্যক বিদেশীয়ে অবৈধভাৱে বসবাস কৰি আহিছে, সেয়া এন আৰ চিৰ জৰিয়তে জনাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰতিখন ৰাজ্য চৰকাৰৰে আছে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ধৰ্মালোচনা সভাত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ লগতে আধ্যাত্মিক বিশ্ববিদ্যালয়খনৰ বিষয়ববীয়াৰ লগতে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷