অসমৰ কেন্সাৰ ৰোগীলৈ সুখবৰ : কলকাতা, মুম্বাইৰ পিছতে টাটা ট্ৰাষ্টৰ উদ্যোগত অসমত স্থাপন হ’ল ডিজিটেল নাৰ্ভ চেণ্টাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চৌহদত থকা কেন্সাৰ হস্পিটেলত ডিজিটেল নাৰ্ভ চেণ্টাৰ উদ্বোধন কৰিছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফটো : য়ু বি।

টাটা ট্ৰাষ্টৰ অধীনত কলকাতা আৰু মুম্বাইৰ পাছতে গুৱাহাটীত আজি স্থাপন কৰা হ’ল ডিজিটেল নাৰ্ভ চেণ্টাৰ চমুকৈ ডি আই এন চি।

উল্লেখযোগ্য যে আজি গুৱাহাটী কেন্সাৰ হস্পিটেলত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই বিশেষ সেৱা।

অসমৰ কেন্সাৰ ৰোগীসকলৰ বাবে এয়া সঁচাকৈয়ে এক সু-খবৰ বুলি উদ্বোধন কৰাৰ পিছত এক সংবাদ মেলযোগে সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে কেন্সাৰ ৰোগীসকলে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব পাৰিব সেই সম্পৰ্কে সংবাদমেলত উল্লেখ কৰে।

তেওঁ কয়, “ডি আই এন চিৰ অসমৰ কেন্দ্ৰটোৰ পৰা টাটা মেম’ৰিয়েল কলকাতা, টাটা মেম’ৰিয়েল মুম্বাইকে ধৰি দেশৰ ১৪৩খন আগশাৰীৰ কেন্সাৰ হস্পিতালৰ সৈতে ডিজিটেলি অৰ্থাৎ অনলাইন সংযোগ স্থাপন কৰিব পাৰিব। লগতে অসমত স্থাপন হ’ব লগীয়া ১৯খন কেন্সাৰ হস্পিতালৰ পৰাও দেশৰ বাকী ১৪৩খন কেন্সাৰ হাস্পতালৰ সৈতে একেদৰে সংযোগ স্থাপন কৰিব পাৰিব।”

এই ব্যৱস্থাৰ জৰিয়তে এখন কেন্সাৰ হস্পিতালত বহিয়েই অন্য এখন হস্পিতালৰ চিকিৎসকসকলে চিকিৎসা প্ৰক্ৰিয়া আৰু প্ৰণালী সম্পৰ্কে আলোচনা কৰিব পাৰিব বুলিও তেওঁ সংবাদ মেলত কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে এজন ৰোগীৰ  এল-৩ পৰ্য্যায়ত যি মেডিকেল ৰেকৰ্ড যুগুতোৱা হ’ব, তেওঁৰ সেই তথ্যখিনি কম্পিউটাৰত জমা  হৈ থাকিব বুলি শৰ্মাই জানিবলৈ দিয়াৰ উপৰি তেওঁ কয় “এখন মাল্টি ডিচিপ্লিনাৰি ব’ৰ্ড থাকিব, সেই ব’ৰ্ডত এটা ক্লিকত কোন তাৰিখত ৰোগীগৰাকীয়ে কি কি চিকিৎসা লাভ কৰিছিল সেইখিনি সঠিক ৰূপত উক্ত ব’ৰ্ডত ওলাই থাকিব।”

আনহাতে, চিকিৎসকসকলৰ সময় বেছিকৈ খৰচ নহ’ব বুলি মন্তৱ্য কৰি তেওঁ কয়, “চিকিৎসকসকলে ৰোগীজনৰ চিকিৎসাৰ ফাইলটো লুটিয়াই থাকিব নালাগে। তাৰ বাবে চিকিৎসকৰ যিখিনি সময় নষ্ট হয়, সেইখিনি বাছি যাব।”

“টিউমাৰ ব’ৰ্ডত যিখিনি আলোচনা কৰা হ’ব সেইখিনিও সংক্ষিপ্ত টোকা আকাৰত মাল্টি ডিচিপ্লিনাৰি ব’ৰ্ডত ওলাই থাকিব।” এইবুলি উল্লেখ কৰি তেওঁ উদাহৰণ সহকাৰে উল্লেখ কৰে, “ধৰা হওক ১৮ জুনত চিকিৎসক এজনে কোৱা কথাখিনি টাইপ হৈ গৈ থাকিব আৰু পিছৰ ২৭ তাৰিখৰ আলোচনাত সেই কথাখিনি আলোচনাৰ পূৰ্বে চিকিৎসকসকলে চাই ল’ব পাৰিব।”

উল্লেখ্য যে কেন্সাৰ ৰোগীসকলে কম খৰচতে কেন্সাৰৰ চিকিৎসা কৰিব পাৰিব বুলি স্বাস্থ্য মন্ত্ৰীজনে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ কয় যে এজন কেন্সাৰ ৰোগীয়ে প্ৰথম কেম’থেৰাপিটো লোৱাৰ পিছত তেওঁৰ দ্বিতীয় কেম’ ল’বৰ বাবে গুৱাহাটীত চিকিৎসাৰ বাবে আহিবলৈ অসুবিধা হ’লে বা যদি এল-৩ কেন্সাৰ হস্পিতালতো আহিব নোৱাৰে, তেওঁ গাঁৱৰ ভাৰছুৱেল কেম’ চেণ্টাৰত কেম’ থেৰাপি ল’ব পাৰিব। ডি আই এন চিৰ চিকিৎসক এজনে গাঁৱত থকা এম বি বি এছ এগৰাকীক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি গাইড কৰি থাকিব বুলিও তেওঁ সংবাদমেলত কয়।

“কেন্সাৰ চিকিৎসা প্ৰক্ৰিয়াটোত এখন টিউমাৰ ব’ৰ্ড থাকে, য’ত ৬গৰাকী চিকিৎসকে বহি আলোচনা কৰিহে ৰোগীজনক কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব সেইটো নিৰ্ণয় কৰে। চিকিৎসককেইজনে আলোচনা কৰাৰ পিছত যদিহে চিকিৎসা পদ্ধতিটো কি হ’ব সেইটো বিবেচনা কৰিব নোৱাৰে, তেতিয়া ডি আই এন চিত ভিডিঅ’ কন্ফাৰেন্সিঙৰ জৰিয়তে অন্য দুখন ডি আই এন চিৰ অভিজ্ঞ চিকিৎসকৰ সৈতে চিকিৎসা পদ্ধতি সম্পৰ্কে আলোচনা কৰিব।” ড০ হিমন্ত বিশ্ব শৰ্মাই কয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু টাটা ট্ৰাষ্টৰ যৌথ বৰঙনিৰে অসমত ১৯খন কেন্সাৰ হস্পিতাল স্থাপনৰ বাবে এটা ফাউণ্ডেইশ্যন গঠন কৰা বুলি কালি এখন সংবাদমেল যোগে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছিল। এই অভিলাষী আঁচনিখনৰ অংশ হিচাপেই আজিৰ ডিজিটেল নাৰ্ভ চেণ্টাৰটো স্থাপন কৰা হৈছে।

আনহাতে আজিৰ উদ্বোধনী সভাখনত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা উপস্থিত আছিল যদিও সভাত কোনো বক্তব্য নাৰাখিলে বিশিষ্ট উদ্যোগপতি তথা জ্যেষ্ঠ নাগৰিকজনে।