অসমৰ জনতাৰ ওপৰত বিশ্বাস ৰাখক, তেওঁলোক হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জ্ঞানী আৰু অধিক বিবেচনাশীল : গৌৰৱ গগৈ

মুম্বাইত ইণ্ডিয়া টুডে কনক্লেভত লোকসভাৰ বিৰোধী উপ দলপতি

অসমৰ জনতাৰ ওপৰত বিশ্বাস ৰাখক ৷ অসমৰ জনতা মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাতকৈ জ্ঞানী ৷ তেওঁলোকে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ডিভাইড এণ্ড ৰুল ৰাজনীতিক উচিত শিক্ষা দিব ২০২৬ ৰ সাধাৰণ নিৰ্বাচনত ৷ — লোকসভাৰ বিৰোধী উপ দলপতি  গৌৰৱ গগৈয়ে।

মুম্বাইত অনুষ্ঠিত  ইণ্ডিয়া টুডে কনক্লেভত এনেদৰেই ‘২৬ ত বিজেপিয়ে সমুখীন হ’ব লগা সম্ভাব্য দুৰ্যোগৰ ভৱিষ্যতবাণী কৰিলে ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ব্যক্তিগত শত্ৰুতা নাই বুলি উল্লেখ কৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁৰ প্ৰয়াত পিতৃয়ে তেওঁক সহনশীলতাৰ ৰাজনীতি শিকাই গৈছে আৰু তেওঁ সেইয়া মানি চলিছে ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাই যি বিশ্বাস কৰিছে তাক লৈ ৰাজনীতি কৰিছে গতিকে ইয়াত কোনো আদৰ্শৰহে সংঘাত আছে, ব্যক্তিগত সংঘাত নাই ৷

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে  বিভাজনকামী  হিন্দু-মুছলমান ৰাজনীতি কৰা বুলি মন্তব্য কৰি আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত এনে ৰাজনৈতিক কৌশল অসমবাসীয়ে  নাকচ কৰিব বুলি আস্থা প্ৰকাশ কৰি কয় — “ অসমৰ জনতাৰ ওপৰত বিশ্বাস ৰাখক। তেওঁলোক হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জ্ঞানী আৰু অধিক বিবেচনাশীল ৷ ২০২৬ ৰ নিৰ্বাচনত তেওঁলোকে বিজেপিৰ বিভাজনকামী ৰাজনীতিক দলিয়াই পেলাব ৷ অসমৰ জনতা বুদ্ধিয়ক, সংস্কৃতিবান, সভ্য ৷ আমি আবেগিক, উগ্ৰ, স্পৰ্শকাতৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ বিজেপি দল- চৰকাৰৰ ৰাজনীতি অসমীয়াৰ সংস্কৃতিৰ পৰিপন্থী ৷ এই ৰাজনীতি তেওঁলোকৰ নিজ দলৰে পৰিপন্থী । তেওঁ নিজৰে দলৰ মাজত ডিভাইদ এণ্ড ৰুল ৰাজনীতি কৰিছে ৷ যোৰহাটত মোৰ বিজয়ৰ পাছত বিজেপিৰ প্ৰাক্তন সভাপতিয়ে মোক অভিনন্দন জনাইছিল ৷ সেইয়ে মই ভাবো যোৰহাটত জনতাই আহি থকা সময়ত বিজেপিৰ আৰু জটিল সময়ৰ ইংগিত দিছে ৷ মই আগতেই কৈছো যে অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জ্ঞানী আৰু অধিক বিবেচনাশীল৷” ইফালে মণিপুৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ ইউক্রেইনৰ শান্তিৰ বাবে তৎপৰ প্রধানমন্ত্রীয়ে উত্তৰ পূবৰ  মণিপুৰক লৈ কিয় নীৰৱতা অৱলম্বন কৰিছে বুলি প্ৰশ্ন কৰে ৷

লোকসভাৰ বিৰোধী উপ দলপতি গৰাকীয়ে  প্রশ্ন কৰে — “ ৰাছিয়া-ইউক্রেইনৰ মাজত শান্তি আনিবলৈ মধ্যস্থতাৰ  চেষ্টা চলাই অহা প্রধানমন্ত্রীয়ে মণিপুৰৰ গোষ্ঠীগত সংঘাত নিৰাময়ৰ বাবে একেই চেষ্টা নকৰে  কিয় ? এই উদ্দেশ্য  তেওঁ মার্কিন ৰাষ্ট্ৰপতিৰে কথা পাতিছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ লগত কথা পাতিছে। একেই শক্তিৰে, একেই ঐকান্তিকতাৰে মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ লগত তেওঁ কিয় কথা নাপাতে, কিয় তেওঁলোকক একলগ হ’বলৈ নকয়? ”

গগৈয়ে কয় যে যদিহে  প্রধানমন্ত্রী মোডীয়ে  উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপন কৰে তেন্তে উত্তৰ- পূববাসীয়ে তেওঁৰ প্রতি কৃতজ্ঞ হৈ ৰ’ব।