• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবিধান সংশোধন কৰি বিশেষ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিলেহে অসমীয়াই লাভ কৰিব প্ৰকৃত সাংবিধানিক সুৰক্ষাকৱচ : অখিল গগৈ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 27, 2024 7:31 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁচাকৈ অসম চৰকাৰ বা ভাৰত চৰকাৰে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচৰ স্বাৰ্থত মাটি আৰু সম্পদৰ অধিকাৰ দিব খোজে, তেতিয়া ৰাজ্যক দিব খোজা সেই অধিকাৰ ভাৰতৰ সংবিধানত কেৱল এটা অনুচ্ছেদেই আছে। ৩৭১(এ)ৰ জৰিয়তেহে এই কাম সম্ভৱ। যিটো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰদান কৰা আছে। যাৰবাবে নাগালেণ্ডৰ মাটি আৰু মাটিৰ তলত থকা সম্পদ নাগালেণ্ড চৰকাৰখনৰ বাহিৰে কোনেও হাত দিব নোৱাৰে। অৰ্থাত্ অসমৰ মাটি আৰু সম্পদ যদিহে অধিকাৰ প্ৰতিষ্ঠা হ’ব লাগে, তেন্তে ৩৭১ (এক) প্ৰদান কৰিব লাগিব অসমক। সেয়া কৰিবলৈ হলে সংবিধান সংশোধন কৰি অসমক এই অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰিলেহে অসমে লাভ কৰিব মাটি আৰু সম্পদৰ ওপৰত অধিকাৰ। বিপ্লৱ কুমাৰ শৰ্মাৰ অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদনক লৈ অসম চৰকাৰে চলোৱা প্ৰস্তুতি সন্দৰ্ভত এইদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
আনহাতে, আংসন সংৰক্ষণৰ ক্ষেত্ৰতো সংবিধানৰ অনুচ্ছেদ উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয় যে আসন সংৰক্ষণৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত যি ৮০ শতাংশ আসন অসমীয়াৰ বাবে সংৰক্ষণৰ কথা কোৱা হৈছে, তাৰ বাবে ভাৰতৰ সংবিধানত থকা অনুচ্ছেদটো হৈছে ৩৭১ (এফ)। যিটো ছিক্কিমৰ লেপ্টচা জনগোষ্ঠীৰ বাবে প্ৰদান কৰা হৈছে। এই অনুচ্ছেদত অসমীয়াৰ নামটো অন্তৰ্ভুক্ত কৰিলেহে আসনৰ ক্ষেত্ৰত নিশ্চিত হব। আনহাতে, চাকৰিৰ সংৰক্ষণৰ অখিল গগৈয়ে কয় যে ৩৭১(জে)ত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগনাক যিদৰে চাকৰি সংৰক্ষণৰ বাবে ব্যৱস্থা কৰা হৈছে, সেই একেই অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত কৰিলেহে অসমীয়াই লাভ কৰিব সুৰক্ষাকৱচৰ নিশ্চিতি। এই কাম কৰিবলৈ ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ’ব লাগিব প্ৰস্তাৱ। অৰ্থাত্ কেন্দ্ৰীয় চৰকাৰেহে এই কাম কৰিব পাৰিব। যদিহে এইদৰে অসমক সংবিধান সংশোধন কৰি সংবিধানৰ এইসমূহ নিৰ্দিষ্ট অনুচ্ছেদত অন্তৰ্ভুক্ত নকৰি শংকৰদেৱ কলাক্ষেত্ৰ বা অন্যান্য জনগোষ্ঠীৰ অডিটেৰিয়ামৰ নামত কেইটামান টকা দিয়েই ৬ নং দফা ৰূপায়ণ কৰে, সেই কথাই কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত নিৰাপদ নকৰে। তেনে কথাই ৰাইজক আভুৱা ভাৰি ৰাজনৈতিক টোপ দিয়াৰ পৰিৱৰ্তে অন্য অসমীয়া জাতিৰ সমস্যা সমাধা নহয় বুলি মন্তব্য কৰে অখিল গগৈয়ে।
আনহাতে, বিধায়কগৰাকীয়ে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখনে যথেষ্ট কথা কলেও অসমৰ মাটি আৰু সম্পদৰ সাংবিধানিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে। কাৰণ, প্ৰতিবেদনৰ কোনো অংশতেই মাটি আৰু সম্পদৰ অধিকাৰ দিয়াৰ কথা উল্লেখ নাই। অৰ্থাত্ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণকৈ ৰূপায়ণ কৰিলেও ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক পৰ্যায়ৰ সুৰক্ষা লাভ নকৰে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আনহাতে তেওঁ এই কথাও আঙুলিয়াই দিয়ে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনৰ মূল ৰাজনৈতিক কথাকেইটা মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত হৈ আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই পৰামৰ্শৱলী সম্পৰ্কত একো কথাই এইমুহূৰ্তলৈকে কোৱা নাই। কোৱা নাই কাৰ্যকৰী কৰাৰ কথাও। গতিকে অসম চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কিছুমান কাম ৰূপায়ণ কৰিব বুলি কোৱা কথাটোত অধিক উত্সাহী হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে।
৬ নং দফা ৰূপায়ণ যদিহে সঁচাকৈ কৰে, সেয়া আদৰণীয় বুলি মন্তব্য কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে যদিহে সেই প্ৰতিবেদনৰ পৰামৰ্শৱলী আখৰে আখৰে পালন হয়, তেন্তে কিছু শতাংশ অসমৰ সমস্যাৰ সমাধান হব। প্ৰতিবেদনখনৰ সেইসমূহ দফাহে ৰূপায়ণ কৰাৰ কথা চৰকাৰে কৈছে, যিখিনি সাধাৰণতে ৰাজ্য চৰকাৰ এখনে প্ৰশাসনিকভাৱে কৰিব পৰা কাম। উদাহৰণস্বৰূপে সত্ৰ সংৰক্ষণ, জ্যোতি চিত্ৰবনত পুঁজি দিয়াৰ কথা, শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে পুঁজি দিয়াৰ কথা। কিন্তু কেৱল এনেধৰণৰ কাম কাজ কৰিলে অসমৰ সমস্যা সমাধান নহয়। অখিল গগৈয়ে কয় যে লোকসভাত দেখা বিপৰ্যয়ৰ পাছতেই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ জয়ৰ বাবে উদ্বাউল হৈ পৰিছে বিজেপি। তাৰেই অংশ হিচাপে বিজেপিয়ে হেৰুওৱা ভিত্তি ঘুৰাই আনিবলৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম চুক্তিৰ ৬ নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে। এয়া এক নিৰ্বাচনী ইচ্ছ্যু হিচাপে এই এজেণ্ডা গ্ৰহণ কৰিছে বিজেপিয়ে। গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন কেৱল যাতে ৰাজনৈতিক চমক নহয়, ২০২৬ৰ ভোট গোটোৱাৰ যাতে হাথিয়াৰ নহওক, তাৰেই দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে।
ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ বাস্তৱত কেন্দ্ৰীয় চৰকাৰে ৬ নং দফাৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী ৰূপায়ণ কৰিলেহে অসমে লাভ কৰিব সাংবিধানিক সুৰক্ষাকৱচ। অন্যথা যেতিয়ালৈকে ভাৰতৰ সংবিধান সংশোধন কৰি অসমক সুৰক্ষা প্ৰদান কৰা নহয়, তেতিয়ালৈকে এয়া এক ৰাজনৈতিক টোপ হিচাপেই ৰৈ যাব বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd