হাৰিয়ানাৰ হিছাৰ জিলাত সেনাৰ যুদ্ধ প্ৰশিক্ষণ অনুশীলনৰ সময়ত এক শোকাৱহ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ দুজন জোৱানৰ মৃত্যু হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে প্ৰশিক্ষণৰ সময়ত এখন টেংক নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ সন্মুখত থকা জোৱান দুজনক পিষ্ট কৰি পেলায়।
প্ৰাথমিকভাৱে এই অনুশীলনৰ ফলত সৃষ্টি হোৱা ধূলিৰ ধুমুহাৰ বাবে টেংক চালকৰ দৃশ্যশক্তি বাধাগ্ৰস্ত হৈছিল বুলি ধাৰণা কৰা হৈছে।
যোৱা ২১ নৱেম্বৰৰ দিনৰ প্ৰায় ১ বজাত ভোজৰাজ গাঁৱৰ সেনা প্ৰশিক্ষণ কেন্দ্ৰত সংঘটিত হয় এই দুৰ্ঘটনা। তাত প্ৰায় ৩২খন টেংক লৈ সামৰিক অনুশীলন চলি আছিল। সেই সময়ত টেংকৰ সন্মুখত দুজন সেনা জোৱান থিয় হৈ আছিল। ধূলিৰ বাবে চালকজনে তেওঁলোকক দেখা নোপোৱাত দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
টেংকৰ চকাত খুন্দা খাই গুৰুতৰভাৱে আহত হয় জোৱান দুজন। তেওঁলোকক ততাতয়াকৈ হিছাৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে তাত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
নিহত জোৱান দুজনৰ পৰিচয় জানিব পৰা গৈছে। তেওঁলোক হ’ল ক্ৰমে উত্তৰ প্ৰদেশৰ শামলী জিলাৰ বাসিন্দা নায়ক মনীষ কুমাৰ আৰু উত্তৰ প্ৰদেশৰ বদৌন জিলাৰ বাসিন্দা নায়ক অংকুশ কুমাৰ।
হিছাৰ আৰক্ষীৰ তদন্তকাৰী বিষয়া অশোক কুণ্ডুৱে জনোৱা মতে, সেনা প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলনৰ সময়ত আৰক্ষীয়ে দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰে। বিয়লি প্ৰায় ৩ বজাত আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
তদন্তকাৰী বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা ২২ নৱেম্বৰত মৃত্যু হোৱা জোৱান দুজনৰ পৰিয়ালৰ সদস্যৰ বক্তব্য লৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।মৰণোত্তৰ পৰীক্ষাৰ অন্তত জোৱান দুজনৰ মৃতদেহ সেনাবাহিনীক গতাই দিয়ে। সম্পূৰ্ণ সামৰিক সন্মানেৰে তেওঁলোকৰ শেষকৃত্যৰ ব্যৱস্থা কৰা হৈছিল। দুৰ্ঘটনাটোৰ বিষয়ে সেনাৰ জ্যেষ্ঠ বিষয়াকো অৱগত কৰা হৈছে।
জোৱান দুজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে হিছাৰ আৰক্ষীয়ে। দেশৰ সেৱাত তেওঁলোকৰ অৱদান আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই দুগৰাকী বীৰ জোৱানৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ প্ৰয়োজনীয় তদন্ত আৰু আইনী প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰাথমিকভাৱে ধূলিৰ বাবে টেংকাৰ চালকজনৰ দৃষ্টিশক্তি বাধাগ্ৰস্ত হোৱা বুলি প্ৰকাশ পাইছে যদিও তদন্তৰ পিছতহে দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰিব পৰা যাব।





