পেকেটত ভৰোৱা খোৱাপানীৰ নমুনা ‘অসুৰক্ষিত’ বুলি প্ৰমাণিত হোৱাৰ পিছত বিছলেৰী ইণ্টাৰনেশ্যনেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জনপ্ৰিয় খোৱাপানী নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত অনুমোদন জনাইছে এফএছএছএআই (FSSAI)য়ে। দেওবাৰে দেশৰ খাদ্য নিয়ন্ত্ৰণ সংস্থাই এই কথা অৱগত কৰে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই কয় যে ‘অসুৰক্ষিত পেকেজড খোৱাপানী’ৰ বিষয়টোৰ পৰিপ্ৰেক্ষিতত বিছলেৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাত অনুমোদন জনোৱা হৈছে।
নিয়মীয়া পৰীক্ষাৰ বাবে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ চৌহদৰ পৰা ‘পেকেজড খোৱাপানীৰ (মিনাৰেল পানী বাদ দি) নমুনা সংগ্ৰহ কৰা হৈছিল। খাদ্য নিয়ন্ত্ৰক সংস্থাটোৱে কয় যে, “নমুনাটোৱে নিৰ্ধাৰিত মাত্ৰাৰ ব্ৰমেট (bromate)মানি চলা নাই বুলি ধৰা পৰিছে আৰু খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত ইয়াক অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছে।”
এই ফলাফলৰ বিৰুদ্ধে সংস্থাটোৱে আবেদন জনোৱাৰ পিছত নমুনাটো ৰেফাৰেল ফুড লেবৰেটৰীলৈ প্ৰেৰণ কৰা হয়। নিয়ন্ত্ৰক সংস্থাটোৱে লগতে কয় যে পৰীক্ষাগাৰৰ পৰীক্ষাতো নমুনাটোক ‘অসুৰক্ষিত’ বুলি ঘোষণা কৰা হৈছে কাৰণ ইয়াত পলিনিউক্লিয়াৰ এৰোমেটিক হাইড্ৰ’কাৰ্বন (পিএএইচ)ৰ উপস্থিতি ধৰা পৰিছে।
লেবৰেটৰীৰ প্ৰতিবেদনত আইনৰ অধীনত অসুৰক্ষিত খাদ্য সম্পৰ্কীয় নিয়ম উলংঘা কৰাটো স্পষ্টকৈ প্ৰকাশ পাইছে। সেইবাবেই এফ এছ এছ এআইয়ে কয় যে তেওঁলোকে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত বিছলেৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে গোচৰ আৰম্ভ কৰাত অনুমোদন জনাইছে।
উল্লেখ্য যে চলিত কেলেণ্ডাৰ বৰ্ষত এফ এছ এছ এ আইয়ে খাদ্য ব্যৱসায় অপাৰেটৰৰ লগতে ই-কমাৰ্চ কোম্পানীসমূহৰ বিৰুদ্ধে নিৰীক্ষণ আৰু কঠোৰ ব্যৱস্থা বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও দেশৰ শীর্ষ খাদ্য নিয়ন্ত্রণ সংস্থাই এনাৰ্জি ড্ৰিংক আৰু এলক’হলযুক্ত পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধেও কঠোৰ অভিযান আৰম্ভ কৰিছে।





