অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভিন্ন প্ৰেক্ষাপটত বাঢ়ি অহা ব্যৱধান, পাৰস্পৰিক বিভেদ, অনৈক্য আদিৰ প্ৰসংগ যেতিয়াই উত্থাপিত হয় তেতিয়াই সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰসংগত বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা উনুকিওৱা হয়।
এতিয়া প্ৰশ্ন হৈছে অসমৰ গৰিষ্ঠসংখ্যক লোকৰ মাজত কলাগুৰুৰূপে সমাদৃত বিষ্ণুপ্ৰসাদৰ বৈপ্লৱিক, পৰিৱৰ্তনকামী সত্তাটোক ইমানদিনে ইচ্ছাকৃতভাৱে এচামে অনাদৰ কৰি আহিছে নেকি? বিষ্ণুপ্ৰসাদৰ শিল্প-সাহিত্যৰ অৱদানক কোনো ধৰণৰ কৃপণালি নকৰাকৈ প্ৰচাৰ কৰা আৰু একে সময়তে ভাৰতবৰ্ষৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ (RCPI) সদস্য হিচাপে বুৰ্জোৱা ধনতান্ত্ৰিক ব্যৱস্থাটো মষিমূৰ কৰাৰ তেওঁৰ মৰণপণ সংগ্ৰামক আচ্ছাদিত কৰি ৰখাৰ গভীৰ তাৎপৰ্যই বা কি! লগতে অসমৰ জাতীয় জীৱনৰ কিছুমান অতি সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ বিষয়ত ৰাভাদেৱে দি থৈ যোৱা দিশ-নিৰ্দেশনাক অসমৰ বৰ্ণহিন্দু মধ্যবিত্ত সমাজখনে আন্তৰিকতাৰে গ্ৰহণ নকৰিলে বাবেই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো থানবান হৈ পৰিল নেকি? এতিয়া অসমভূমিত বিভিন্ন জাতি-জনগোষ্ঠী সমিল মিলেৰে থকাৰ সম্ভাৱনাৰ দুৱাৰ কিমান দূৰ খোলা?
অসমৰ জাতীয় জীৱন গঢ়াৰ ক্ষেত্ৰত আৰ্যভিন্ন জনগোষ্ঠীসমূহৰ যে অনবদ্য অৱদান আছে আৰু এক সামগ্ৰিক, উমৈহতীয়া সত্তা গঢ়াৰ ক্ষেত্ৰত এনে জনগোষ্ঠীবোৰেই যে মূল ভূমিকা ল’ব লাগিব তাক সততে ৰাভাদেৱে উল্লেখ কৰিছিল। ১৯৪৮ চনৰ ডিচেম্বৰ মাহৰ ১৯-২০ তাৰিখে নগাপাহাৰৰ মোককচাঙত নাগা ছাত্ৰ সন্মিলনীৰ এক অনুষ্ঠানত অংশ ল’বলৈ ৰাভাদেৱে প্ৰায় ৪০ মাইল বাট খোজ কাঢ়ি গৈছিল। উক্ত সন্মিলনত ছাত্ৰ-সমাজ আৰু নাগা ৰাইজে ৰাভাদেৱক বিপুল সম্বৰ্ধনা জনায়। ৰাভাই এই সন্মিলনীত উদাত্ত কণ্ঠে ঘোষণা কৰিছিল যে নাগাসকল অসমীয়াৰ হিয়াৰ আমঠু, বুকুৰ কলিজা। ৰাভাই গাইছিল–
জাগিব লাগিব তই কছাৰী মিকিৰ
খাছী ৰাভা গাৰো মিৰি কুকী নগা বীৰ
খামতি মিচিমি আবৰ লালুং লুচাই
চিংফৌ চিংতেং মণিপুৰী তাই
তিপৰা ডিমাচা অঁকা ডফলা ককাই
চুতীয়া দেউৰী টোটোলা কোচ হাজং কছাৰী
জাগিব লাগিব তই জাগ
লচোন আগভাগ
তদানীন্তন অসমৰ জনজাতীয় লোকসকলক সকলো কথাতে আগভাগ ল’বলৈ ৰাভাদেৱে উদ্বুদ্ধ কৰাৰ বিপৰীতে অসমীয়া বৰ্ণহিন্দু মধ্যবিত্তৰ চিন্তাধাৰাত প্ৰকট হৈছিল জনজাতিসকলৰ প্ৰতি এক এলাগী মনোভাব।
১৯২৫ চনত জ্ঞাননাথ বৰাই তেওঁৰ ‘আসামত বিদেশী’ শীৰ্ষক গ্ৰন্থখনত প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰি এনেদৰে কৈছিল- “যিবিলাক বিদেশী আমাৰ দেশলৈ আহি বসতি কৰিছে সিবিলাকৰ কেতবোৰ অসমীয়া হ’বৰ আশা আছে। তেওঁলোকক আমাৰ সমাজৰ পৰা আঁতৰ কৰি থোৱা উচিত হোৱা নাই। আমি তেওঁলোকক লাহে লাহে আমাৰ সমাজত ঠাই দিব লাগিব। যিবিলাক মুছলমান বিদেশী ঠায়ে ঠায়ে ঘৰ-বাৰী সাজি নিগাজিকৈ আসামত আছে সিবিলাকক অসমীয়া কৰিব লাগে, আৰু এই কাম ঘাইকৈ অসমীয়া মুছলমানৰ ওপৰতে নিৰ্ভৰ কৰিছে।… অসমীয়াৰ এটা ডাঙৰ গুণ আছে। অসমীয়াই সহজে বিদেশীক অসমীয়া কৰি ল’ব পাৰে (উৎস : ড০ প্ৰফুল্ল কুমাৰ মহন্ত, ঐতিহাসিক প্ৰেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা, গুৱাহাটী; সৃজন প্ৰকাশ, পৃষ্ঠা-৬৩)।
সহজে বিদেশীক অসমীয়া কৰি লোৱা অসমীয়াই কিন্তু অসমৰ খিলঞ্জীয়া জনজাতিসকলক বিদেশীৰ শ্ৰেণীভুক্ত কৰিছিল। জ্ঞাননাথ বৰাৰ উল্লিখিত গ্ৰন্থখনত কি লিখা হৈছে তালৈ লক্ষ্য কৰক– “আসামত অসমীয়া আৰু বিদেশী বৰ্তমান কিমান আছে তাৰ সংখ্যা তলত দিয়া হ’ল।… অসমীয়া ১৭,২৫,৮৬০, বিদেশী ২,১২,৬১৩। এই ২,১২,৬১৩ বিদেশীৰ ভিতৰত কিছুমান অসমীয়া ভাষা নকোৱা পৰ্বতীয়া জাতিকো ধৰা হৈছে। আবৰ ১৩,৬১৫, বড়ো ২,৫৪,৬৯৩, চুতীয়া ৪,১১৩, ডফলা ৭৫৬, মিকিৰ ৪৮,৭৯৭ ইত্যাদি ইত্যাদি (উৎস: পূৰ্বে উল্লিখিত ড০ প্ৰফুল্ল কুমাৰ মহন্তৰ গ্ৰন্থ, পৃষ্ঠ ২৬-২৭)।
এয়াই আছিল অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ কাণ্ডাৰীসকলৰ অসমৰ জনজাতিসকলৰ প্ৰতি থকা মনোভাব। হিন্দু বৰ্ণবাদী অধিপত্যৰ জৰিয়তে সমাজ, ৰাজনীতি, অৰ্থনীতি আদি সকলো ক্ষেত্ৰত প্ৰভুত্ব বিস্তাৰ কৰা এই শ্ৰেণীটোৰ মনোবৃত্তিৰ বাবে অসমীয়া জাতিগঠন প্ৰক্ৰিয়া পৰৱৰ্তী সময়ত থানবান হৈ পৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ এই সংকট অনুভৱ কৰিছিল আৰু অসমীয়া জাতিগঠনৰ মূল কাণ্ডাৰী যে জনজাতীয় সমাজখন সেই সম্পৰ্কত কৈছিল– “বোপা! বেজাৰ নকৰিবা, কৰি জানো কিবা লাভ পাবা? শকতি গঢ়ি লোৱা; তেহে। তোমাৰ নিচিনা তেজ ফুটো ফুটো টল-মল ডেকাই ইচ্ছা কৰিলে কিনো কৰিব নোৱাৰে। অ’ আন হিন্দু-অসমীয়াই তোমাক ঘিণ কৰে বুলি। তোমাকতো ঘিণ কৰা নাই, ঘিণ কৰিছে সিহঁতে নিজকেই। কাৰণ, চোৱা, অসমীয়া কৃষ্টি কোৱা, কলা কোৱা, সাহিত্য কোৱা, সংগীত কোৱা, নৃত্য কোৱা প্ৰায়েই হয় খছাৰীৰ পৰা ধাৰ লোৱা নাইবা খছাৰীৰ আশ্ৰয় বা সহায় লৈ পোৱা। মাধৱ কন্দলিয়ে প্ৰথম অসমীয়া কবিতা পুথি ‘ৰামায়ণ’ লিখিলে কাৰ আদেশত· বৰাহী-খছাৰী মানিকফাৰ আদেশত নহয়নে? সাতঘৰ বামুণ আৰু সাতঘৰ কায়স্থ অসমলৈ কোনে আনিছিল? খছাৰী ৰমাকান্ত মেচ ওৰফে নীলধ্বজৰ খেনবংশীয় দুৰ্ল্লভ নাৰায়ণ মেচে নহয়নে? যদি আজি বামুণ কায়স্থহঁতে ঘিণেৰে তোমাক ছেই ছেই লেই লেই কৰে ক’বা– “বোপাহঁত? এতিয়া আমাক হীন দেখি ঘিণ কৰিছা। একালত কিন্তু আমিয়েই তোমালোকক অসমলৈ আনিছিলো।” যাক লৈ আজিও অসমীয়াই গৌৰৱ অনুভৱ কৰে, সেই মহাপুৰুষীয়া কৃষ্টি, কলা-সাহিত্য, নৃত্য-গীত আৰু ধৰ্ম কাৰ আশ্ৰয়ত আৰু অনুপ্ৰেৰণাত ৰচিত আৰু গঠিত হৈ অসমীয়া জাতিক সঞ্জীৱিত কৰি আছে? খছাৰী হাৰীয়া মেচৰ নাতিয়েক নৰনাৰায়ণৰ নহয়নে? তাকে কৈছোঁ কোনেও তোমাক অৱহেলা কৰিব নোৱাৰে, যদিওবা কৰে সি নিজেই অৱহেলিত হ’ব। সেই কাৰণেই কওঁ শুনা– ‘খছাৰী জাতি জীয়াই থাকিলে, অসমীয়া জাতিও জীয়াই থাকিব; খছাৰী জাতি মৰিলে অসমীয়া জাতিও মৰিব; আৰু লগে লগে পৃথিৱীৰ বুকুৰ পৰা অসম নামও চিৰকালীন মোছ খাই যাব। কাৰণ বৰ্তমান অসমৰ খছাৰী জাতি প্ৰাচীন কামৰূপৰ পৰা কামৰূপীয়া আৰু আজিৰ অসমৰ আচল অসমীয়া” (উৎস: বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, দ্বিতীয় খণ্ড, পৃষ্ঠা ৯৪৮, তেজপুৰ: ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ)।
এক উদাৰ মনোভাবেৰে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটো সমৃদ্ধ কৰাৰ সলনি স্বাধীনতাৰ আগে-পিছে যিসকল বৰ্ণহিন্দু অসমীয়াই ৰাজনীতি, ভাষা, সংস্কৃতিৰ মূল নেতাৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল সেইসকলৰ গৰিষ্ঠসংখ্যকৰে আচাৰ-ব্যৱহাৰ, ভাব-ভংগি আৰু ৰাজনৈতিক চিন্তাত প্ৰকাশ পাইছিল চূড়ান্ত আধিপত্যবাদী মনোভাব আৰু জনজাতি বিদ্বেষ। ১৯৪৯ চনৰ ৬ ছেপ্টেম্বৰৰ সংবিধান সভাত কুলধৰ চলিহাই দাঙি ধৰা মন্তব্যবোৰৰ কিছু অংশ আছিল এনেধৰণৰ– “নগাসকল হৈছে একেবাৰে আদিম আৰু সৰল লোক। যেতিয়াই কাৰোবাৰ বিৰুদ্ধে অভিযোগ থাকে তেতিয়া তাৎক্ষণিকভাৱে তাৰ বিচাৰ কৰাৰ পুৰণি প্ৰথা তেওঁলোকে পাহৰি যোৱা নাই। যদিহে তেওঁলোকৰ হাতত আমাৰ শাসনভাৰ এৰি দিয়া হয় অথবা তেওঁলোকক প্ৰশাসন চলাবলৈ দিয়া হয় তেতিয়া হ’লে ই হৈ পৰিব ন্যায় অথবা প্ৰশাসনক নস্যাৎ কৰাৰ নিচিনা কথা। ই একপ্ৰকাৰৰ নৈৰাজ্য হৈ পৰিব… আপুনি যদি এই অনুসূচীৰ ইতিহাস খুঁচৰি চায় তেতিয়া দেখিব যে ইয়াত এতিয়াও ব্ৰিটিছ মানসিকতা লুকাই আছে। এই অনুসূচীত পুৰণি বিচ্ছিন্নতাৰ ভাব আছে আৰু আপুনি তেওঁলোকক আমাৰ পৰা পৃথক কৰি ৰাখিব বিচাৰিছে। এতিয়া এখন পাকিস্তান সৃষ্টি কৰাৰ লেখীয়াকৈ আপোনালোকে এনেকৈ এতিয়া এখন ট্ৰাইবেলস্তান গঢ়িব বিচাৰিছে। (উৎস: B. L. Hansaria, Sixth Schedule to the constitution, পৃষ্ঠা-৩৩২)।
ব্ৰিটিছ ৰাজত্বৰ ছত্ৰছায়াত গঢ় লৈ উঠা এই বৰ্ণহিন্দু অসমীয়া সমাজখনৰ আধিপত্যবাদক যে জনজাতীয় নেতৃত্বই সহজে মানি লৈছিল এনে নহয়। বৰঞ্চ বৰ্ণহিন্দু অসমীয়াৰ জাত্যাভিমানক প্ৰত্যাহ্বান জনাই ১৯২৯ চনত ছাইমন কমিছনক দাখিল কৰা স্মাৰক পত্ৰত সদৌ অসম কছাৰী যুৱ সংঘৰ সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ খাখলাৰীয়ে বড়ো-কছাৰীক অহিন্দু বুলি গণ্য কৰাৰ বাবে দাবী কৰিছিল। এনে এক দ্বন্দ্বই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো থানবান কৰি পেলাব বুলি অনুভৱ কৰি ১৯৩১ চনত বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল– “অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিজ্ঞ আৰু সমাজ নেতাসকলে এতিয়াৰে পৰা চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই অসমত এটা গৃহ কন্দলৰ বাহ সাজি দিয়া হয়।” (উৎস: আৱাহন, দ্বিতীয় বছৰ ১১ সংখ্যা।)
অসমীয়া ভাষা-সংস্কৃতিৰ বিশালতা, বিচিত্ৰতা আৰু সমন্বয়ক ৰাভাতকৈ গভীৰভাৱে হয়তো আন কোনো অসমৰ শিল্পীয়ে অনুভৱ কৰিব পৰা নাছিল। কোনো বিশেষ জাতি, সম্প্ৰদায়, গোষ্ঠীৰ সলনি সকলোৰে উপাদান লৈহে যে অসমীয়া ভাষা-সংস্কৃতি ঠন ধৰি উঠিছে তাক ৰাভাদেৱে সজোৰে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁ কৈছে– “অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি, নিজৰা, নৈ, উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে ঠিক তেনেকৈ অসমৰ বহু জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যত বিশালতা আৰু বিৰাটতা লাভ কৰিছে।” (উৎস: তেজপুৰত সাহিত্য সভা ভৱনৰ আধাৰশিলা স্থাপন উপলক্ষে ১৯৬৯ চনত ৰাভাৰ ভাষণ।)
বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ জনজাতিসকলৰ মাজত ঐক্য সাধন আৰু বৃহৎ অসমীয়া জাতিগঠনক কি দৃষ্টিভংগিৰে চাইছিল সেই সন্দৰ্ভত ড০ হীৰেন গোহাঁয়ে লিখিছে—“সেয়ে আমি নিশ্চিত হ’ব পাৰো যে ৰাভাই যেতিয়া বৃহৎ অসমীয়া জাতিৰ কল্পনা কৰিছিল তেতিয়া বিভিন্ন জনগোষ্ঠীয়ে স্বেচ্ছাই আত্মবিলোপ কৰি অসমীয়া হিন্দু সমাজত জাহ যোৱাৰ ধাৰণা মনলৈ অনা নাছিল। কিন্তু সামন্তযুগীয়া জাতিভেদৰ খোলাটো আঁকোৱালি লৈ থকা অসমীয়া হিন্দু সমাজ তাৰ বাবে প্ৰস্তুত নাছিল। স্বাধীনতা যুদ্ধৰ বতাহে তাৰ মাজলৈ এছাটি উদাৰতাৰ বতাহহে বোৱাই আনিছিল মাত্ৰ। স্বাধীনতা সংগ্ৰামত জমিদাৰতন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম সবল হৈ উঠা নাছিল। গান্ধীজী প্ৰমুখ্যে বুৰ্জোৱা নেতাসকলে সেই সংগ্ৰামত চেঁচাপানীহে ঢালিছিল। ফলত মাটিৰ মালিকৰ মৰকামোৰ ঢিলা নহ’ল, খেতিয়কৰ হাতলৈ মাটি নগ’ল। সেইবাবেই সামন্ততন্ত্ৰৰ লগৰীয়া জাতিভেদ প্ৰথাও লুপ্ত নহ’ল। এই পটভূমিত ৰাভাই স্পষ্টকৈ উপলব্ধি কৰিলে যে মধ্যযুগীয়া শংকৰী কৃষ্টিৰ সাঁচত নহয়, ঊনবিংশ শতিকাৰ পুঁজিবাদী জাতীয়তাবাদৰ সাঁচত নহয়– শোষণমুক্ত সমাজতন্ত্ৰতহে জাতিসমূহৰ মুক্তি, সমতা, উন্নতি আৰু মহামিলন সম্ভৱ। সমাজতন্ত্ৰ হৈছে জাতিসমূহৰ মুক্তি আৰু মিলনৰ অবিচ্ছেদ্য চৰ্ত। অথচ জাতীয়তাবাদী হিচাপে ৰাভাক থিয় কৰাই তেওঁৰ সমাজতন্ত্ৰবাদী বিশ্বাস আৰু ভূমিকা বহুতে ঢাকি ৰাখিবলৈ বিচাছে। (ড০ হীৰেন গোহাঁই সম্পাদিত, সৈনিক শিল্পী বিষ্ণুৰাভা, গুৱাহাটী, জাৰ্ণাল এম্প’ৰিয়াম, পৃষ্ঠা ১০৯।)
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল বৃহৎ অসমীয়া জাত্যাভিমানত অতিষ্ঠ হৈ আজি জনজাতীয় লোকসকলে যেনেদৰে ‘অসমীয়া’ সত্তাৰ পৰা আঁতৰি আহি আচুতীয়া মনোভাব লৈছে তাকো ৰাভাদেৱে সমৰ্থন কৰা নাছিল। সম্ভৱতঃ ৰাভাদেৱে শংকা কৰিছিল যে অসমৰ জাতি-জনগোষ্ঠীবোৰ লগ হৈ সন্মিলিতভাৱে এক সত্তাৰ (সি ভাষিক-সাংস্কৃতিক যিয়েই নহওক লাগিলে) জন্ম দিব নোৱাৰিলে সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা ভাষিক-সাংস্কৃতিক আগ্ৰাসনক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰে এককভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু উপায়হীন হৈ সময়ত নিজৰ কৃষ্টি-সংস্কৃতি বিসৰ্জন দি বৃহৎ ভাষিক-সাংস্কৃতিক সত্তাত জাহ যাবলৈ বাধ্য হ’ব। আশ্চৰ্যকৰ কথাটো হ’ল অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আদিত তেনে এক পৰিঘটনাই পূৰ্ণতা লাভ কৰা দেখা গৈছে।
আগত সময়ছোৱাত বিভিন্ন ধৰণৰ আৰ্থিক, সাংস্কৃতিক বা ৰাজনৈতিক আক্ৰমণ বা আগ্ৰাসনক অসমৰ জাতি-জনগোষ্ঠীবোৰে তেন্তে কেনেদৰে প্ৰতিহত কৰিব? নে এককভাৱে প্ৰতিৰোধ কৰিব নোৱাৰি সকলোবোৰ জনগোষ্ঠীয়ে নিৰ্লজ আত্মসমপৰ্ণ কৰিব! এনে এক শংকাৰ পৰিপ্ৰেক্ষিতত অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ সামূহিক ঐক্য অতীৱ প্ৰয়োজন– যি ঐক্য বৃহৎ পুঁজি, কৰ্প’ৰেট আৰু বিত্তীয় পুঁজিৰ প্ৰতিপালক বৰ্তমানৰ ৰাষ্ট্ৰ ব্যৱস্থাই নিবিচাৰে।
এনে ঐক্যৰ অভাৱত সমাগত সময়ত আমাৰ ভাষা, সংস্কৃতি, ভূমি আৰু প্ৰাকৃতিক সম্পদ এপদ এপদকৈ আমাৰ হাতৰ পৰা গুচি যাব। সেয়েহে অতীতত কৰা ভুলবোৰৰ পৰা শিক্ষা লৈ এক সামূহিক সত্তা গঢ়াৰ নতুন পৰিৱেশ ইতিমধ্যে ৰচনা হৈছে বুলি ক’ব লাগিব। ক্ৰমান্বয়ে সংকুচিত হৈ পৰা ‘অসমীয়া’ সত্তাৰ পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত এইবেলি নেতৃত্ব ল’ব লাগিব অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতিষ্ঠাপক জনজাতীয় লোকসকলে। এচাম বৰ্ণবাদীৰ আধিপত্যবাদী মনোভাবৰ বাবে শ-শ বছৰীয়া বিৱৰ্তনৰ মূৰত গঢ় লৈ উঠা ভাষা-সংস্কৃতি বিলুপ্তিৰ পথলৈ ঠেলি দিয়াটো অসমৰ সমূহ জনগোষ্ঠীৰ আত্মঘাতীৰ পৰিচায়ক হ’ব। শেহত ৰাভাদেৱৰ এক আশাবাদী চিন্তাৰে এই লেখাৰ মোখানি মাৰিছো–
“এই বিচিত্ৰ ৰাজ্যৰ কৃষ্টিও বিচিত্ৰ। এই বৈচিত্ৰ্যৰ মাজেদি গাঢ় ঐক্য গ্ৰথিত হৈ এটা শক্তিশালী সংস্কৃতি গ্ৰথিত হৈছে। অসমীয়া কৃষ্টি-সংস্কৃতি ব্ৰহ্মপুত্ৰৰ দৰে বিশাল, বিৰাট। ব্ৰহ্মপুত্ৰই বিশালতা, বিৰটতা লাভ কৰিছে সৰু সৰু জুৰি, নিজৰা, নৈ, উপনৈৰ সমন্বিত শক্তিৰ দ্বাৰা। কোনেও ব্ৰহ্মপুত্ৰৰ এই প্ৰবল গতিক হেঙাৰ দিব নোৱাৰে, ভেটা দিব নোৱাৰে– কাৰো শক্তি নাই ভেটা দিবলৈ, হেঙাৰ দিবলৈ। দিলেও সেই ভেটা, সেই হেঙাৰ ব্ৰহ্মপুত্ৰৰ শক্তিৱান সোঁতে ভাঙি-ছিঙি চূৰমাৰ কৰি আগুৱাই যাব এক মহাসাগৰৰ ফালে। লাখ-বিলাখ কোটি কোটি বছৰৰ সাধনাৰ ফলত যি কৃষ্টিৰ জনম সেই অসমীয়া কৃষ্টি-সংস্কৃতিয়ে বিশালতা আৰু বিৰাটতা লাভ কৰিছে সমন্বিত বিচিত্ৰ উপকৃষ্টিৰ সমাহিত শক্তিৰে, কাৰো শক্তি নাই অসমীয়া কৃষ্টি-সংস্কৃতিক ধ্বংস কৰিবলৈ। বিশাল বিৰাট ব্ৰহ্মপুত্ৰৰ দৰে ই চিৰকাল বৈয়েই থাকিব। কাৰো শক্তি নাই চক্ৰান্তেৰে, ষড়যন্ত্ৰৰে ইয়াৰ প্ৰৱল গতিক বাধা দিবলৈ। সেই চক্ৰান্ত, ষড়যন্ত্ৰ মষিমূৰ কৰি প্ৰগতিশীল বিশাল অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰৱল সোঁতে মহামানৱতাৰ মহাকৃষ্টিৰ মহাসাগৰৰ ফালে ববই। (উৎস: ইণ্ডো-ছোভিয়েট কালচাৰেল ছ’চাইটীৰ যোৰহাট অধিৱেশনত মুখ্য অতিথিৰ ভাষণ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১০৯৪-১৯৯৫)
(লেখকৰ ই-মেইল: [email protected])