অসমৰ তিনি হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে অংশ ল’ব গান্ধীবাদী নেতা আন্না হাজাৰেৰ সত্যাগ্ৰহ আন্দোলনত

small-tea-growers

বিশিষ্ট সমাজসেৱী তথা গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত নতুন দিল্লীত হ’বলগীয়া সত্যাগ্ৰহ আন্দোলনত অসমৰ তিনি হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে অহা ২৩ মাৰ্চৰ দিনা অংশগ্ৰহণ কৰি তেওঁলোকৰ দাবী সমূহ উত্থাপন কৰিব। দেশত লোকপাল বিধেয়ক আন্দোলনৰ গুৰিধৰোতা বৰ্ষীয়ান গান্ধীবাদী নেতাজনে দেশৰ প্ৰকৃত মালিক অৰ্থাৎ সাধাৰণ জনতা আৰু কৃষকৰ অধিকাৰৰ বাবে টীম আন্নাক লগত লৈ পুনৰ আন্দোলনত বহাৰ কথা ইতিমধ্যেই ঘোষণা কৰি থৈছে।

টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা অসমৰ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই ৰবিবাৰে বৰবৰুৱাত ক্ষুদ্ৰ চাহ খেতিয়কৰ এখন সন্মীলন সম্বোধন কৰে। এই সন্মীলনত খেতিয়কসকলৰ বিভিন্ন দাবী তথা সমস্যা সমূহ উত্থাপন কৰে।

উল্লেখ্য যে আন্না হাজাৰেৰ সত্যাগ্ৰহ আন্দোলনত তিনি হাজাৰ খেতিয়কে অংশগ্ৰহণ কৰিব বুলি সন্মীলনৰ সময়তে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জানিবলৈ দিয়ে।

‘মই আন্না হাজাৰেৰ লগত ক্ষুদ্ৰ খেতিয়ক সকলৰ সমস্যা সন্দৰ্ভত আলোচনা কৰিছো। তেওঁ এই সমস্যাটো সত্যাগ্ৰহ আন্দোলনৰ সময়ত উত্থাপন কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। অসমত প্ৰায় ১.৮ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে কিন্তু তেওঁলোক অধিকাংশৰে ভূমি পট্টা নাই। সত্যাগ্ৰহ আন্দোলনৰ সময়ত এই খেতিয়ক সকলে তেওঁলোকৰ নিজৰ দাবী সমূহ উত্থাপন কৰিব পাৰিব’, দিব্যজ্যোতি শইকীয়াই এনেদৰে কয়।

উল্লেখযোগ্য যে ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বছৰি গড়ে ৮২০ মিলিয়ন কেচা চাহ যোগান ধৰে। ৰাজ্য চৰকাৰে প্ৰতি কিলোগ্ৰাম কেচা চাহত ১৭ টকা ধাৰ্য কৰি দিছে কিন্তু চাহ উৎপাদনকাৰী সংস্থা সমূহে এওঁলোকৰ পৰা প্ৰতি কিলোগ্ৰমাত মাত্ৰ ৭ৰ পৰা ১২ টকা দৰতহে ক্ৰয় কৰে। ইফালে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চাহ পাতৰ বাবে এখন সঠিক মূল্য নীতি গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আহিছে।