মেঘালয়ৰ দশম বিধানসভাৰ বাবে সমাগত নিৰ্বাচনত শাসনত থকা কংগ্ৰেছকে মূল প্ৰতিদ্বন্দ্বী হিচাপে লক্ষ্য কৰি লোৱা বিজেপিয়ে অসমৰ দৰেই খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষাৰ বিষয়টো ভোটাৰৰ সন্মুখত দাঙি ধৰিবৰ প্ৰয়াস কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু মেঘালয়ৰ দায়িত্বত থকা নলীন এছ কোহলিয়ে সোমবাৰে শ্বিলঙত দলটোৰ কাৰ্য্যালয়ত সাংবাদিকক সন্বোধন কৰি কয় যে বিজেপিয়ে অসমৰ দৰে উত্তৰ-পূবৰ ৰাজ্যকেইখনত জনগাঁথনিৰ চৰিত্ৰ সলনি হোৱা বিষয়টো উত্থাপন কৰি আহিছে।
‘উত্তৰ-পূবৰ বিভিন্ন অংশৰ লোকসকলৰ পৰিচয় সম্পৰ্কত বিজেপি সদায় সৰব হৈ আহিছে। উত্তৰ-পূবত বাস কৰা জনজাতি আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ পৰিচয় সুৰক্ষা দিয়াৰ প্ৰশ্নটো সদায় উত্থাপন কৰি অহা হৈছে।’ তেওঁ কয়।
অৱশ্যে বিজেপি শাসিত মণিপুৰত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ দাবী কৰাৰ নিচিনাকৈ মেঘালয়তো ইনাৰ লাইন পাৰ্মিটৰ দাবী উত্থাপন কৰিব নেকি বুলি সাংবাদিকে সোধা এটা প্ৰশ্ন নেতাজনে এৰাই চলে। তাৰ পৰিৱৰ্তে তেওঁ এই বুলিহে কয় যে বিজেপিয়েই একমাত্ৰ দল যিয়ে বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ ফলত অসমৰ দৰে ৰাজ্যবোৰত জনগাঁথনিৰ পৰিৱৰ্তন হোৱা কথাটো গুৰুত্বসহ দাঙি ধৰি আহিছে।
আনহাতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা নোহোৱাকৈয়ে খাচি আৰু জয়ন্তীয়া পাহাৰলৈ ৰেইল সেৱা দিয়া হ’ব নে নহয় বুলি সাংবাদিকে প্ৰশ্ন কৰাত এই উত্তৰ দিয়াৰ বাবে তেওঁ উপযুক্ত ব্যক্তি নহয় বুলি কয়।
আনহাতে আজি কোহলিৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি দলৰ এজন ৰাষ্ট্ৰীয় নেতা ৰাজীৱ প্ৰতাপ ৰুডিও উপস্থিত আছিল। তেওঁ কয় যে বিজেপি যদি মেঘালয়ৰ শানস ক্ষমতালৈ আহে তেন্তে ৰাজ্যখনে আন্তঃগাঁথনিৰ ক্ষেত্ৰত সৰ্বোত্তম বিকাশ দেখা পাব।
তেওঁ কয় যে বিজেপিয়ে কোনো সন্দেহ নথকাকৈ সংখ্যাগৰিষ্ঠতা পাব।
উল্লেখযোগ্য যে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ৬০ খন বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৪৭জন প্ৰাৰ্থীক নমাইছে।